• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কামাখ্যাক জীৱিকা হিচাপে লৈ থকাসকলৰ ক্ষোভৰ সন্মুখীন জুবিন : কামাখ্যাত বলি বন্ধ কৰিবলৈ কৈছিল শিল্পীজনে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 29, 2018 7:24 pm
Zubeen_Kamakhya
144
VIEWS
Share on FacebookShare on Twitter

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে ২৭ মে’ৰ নিশা কামাখ্যাধামত অনুষ্ঠিত এটা সংগীতানুষ্ঠানত কামাখ্যা মন্দিৰত চলি থকা বলি-বিধান বন্ধ কৰিবলৈ আহ্বান জনোৱাৰ পিছত ক্ষোভৰ সন্মুখীন হৈছে বিভিন্ন স্বাৰ্থজড়িত পক্ষৰ পৰা। বিশেষকৈ কামাখ্যাক কেন্দ্ৰ কৰি জীৱন-জীৱিকা চলাই থকা সকল জনপ্ৰিয় শিল্পীজনৰ সমালোচনাত সৰৱ পৰা দেখা গৈছে।

উল্লেখযোগ্য যে শিল্পীজনে কালি নিশা কামাখ্য ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত বহাগী উৎসৱত বলি-বিধান সন্দৰ্ভত নিজৰ মত দাঙি ধৰিছিল। তেওঁ কৈছিল, “মই এটা কণ্ট্ৰভাৰ্ছিয়েল কথা কওঁ, কালি বলিউদৰ অভিনেতা গোবিন্দাই ইয়াত এটা ম’হ বলি দিলে বুলি শুনিছো। বলি কিয় লাগে। বলি নিজক দিয়া। বলি নিজক দিয়া।”

“এয়া শক্তিপীঠ হয়। কামাখ্যা মাই বলি নিবিচাৰে। মই সদায় কৈ আহিছো, চবকে কৈ আহিছো, বলি-বিধানটো বন্ধ কৰা।” জুবিনে লাউডস্পীকাৰত সকলোকে এইদৰে কয়।

তেওঁ নিজকে চিধা কথা কোৱা মানুহ বুলি কৈ হাতযোৰ কৰি কয়, “stop it”.

বলি-বিধানৰ অপ্ৰয়োজনীয়তা সন্দৰ্ভত নিজৰ যুক্তি দাঙি ধৰি কয় যে ভগৱানে বলি নিবিচাৰে, দেৱ-দেৱীয়ে নিবিচাৰে। “শিৱই নিবিচাৰে, মা কামাখ্যাই নিবিচাৰে। বিষ্ণুৱে বিচৰা নাই, কৃষ্ণই বিচৰা নাই। কোনেও বিচৰা নাই। বলিটো বন্ধ হ’ব লাগে।” এইদৰে কয়।

“মই কামাখ্যা মন্দিৰত আছো, মই কি গাই আছো? য়া-আলী গাই আছো।” সংগীত, সংস্কৃতি, শিল্পৰ কোনো জাতি, ধৰ্ম, ভগৱান নাই বুলি কৈ তেওঁ এইদৰে কয়। তেওঁ মুম্বাইত থাকোতে গণপতি উৎসৱত তেওঁৰ য়া-আলী গীতটো বাজি থকা নিজেই দেখা আৰু শুনা বুলি কয়।

আনহাতে তেওঁ আন বহুকেইটা বিষয়ত নিজৰ মত ৰাজহুৱাকৈ দাঙি ধৰে। তেওঁ কয়, “মই জানো কাঞ্চনজংঘা (তেওঁৰ পৰৱৰ্তী চিনেমা) ওলালে চব বামুণবিলাকে মোক বেয়া পাব। মই বামুণ, মই লগুণ পিন্ধা নাই। লগুণ মই কেতিয়াবাই ছিঙি পেলালো।”

এইদৰে স্বাভাৱসুলভ বাকভংগিৰে জুবিনে দৰ্শকৰ আগত নিজৰ মত দাঙি ধৰিলে সংগীতানুষ্ঠানৰ মাজতে।

কিন্তু জুবিনৰ মন্তব্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কামাখ্যাধাম অঞ্চলত।

কালি কামাখ্যাধামৰ স্থায়ী বাসিন্দা কেইবাজনো লোকে জুবিনৰ এই মন্তব্যৰ বিৰোধিতা কৰাৰ লগতে ক্ষমা প্ৰাৰ্থনা দাবী কৰে।

আনহাতে কামাখ্যাৰে এজন পাণ্ডা কবীন্দ্ৰ শৰ্মাই জুবিনক এই মন্তব্যৰ গৰিহণা দিয়াৰ লগতে এনে মন্তব্য ভৱিষ্যতে নিদিবলৈ সকীয়াই দিয়ে। শিলাদিত্য দেৱৰ ভাষাৰেই জুবিনক পাণ্ডাজনে কয় যে তেওঁ গায়ক মানুহ গান গাই থাকিব লাগে। তেওঁ ধৰ্ম, বলি-বিধান, দেৱ-দেৱী সম্পৰ্কত মন্তব্য নকৰিবলৈ জুবিনক আহ্বান জনায়।

ইফালে জুবিনক সংগীত পৰিৱেশনৰ বাবে নিমন্ত্ৰণ জনোৱা তথা অনুষ্ঠানটোৰ উদ্যোক্তা কামাখ্যা ফ্ৰেণ্ডছ ক্লাবেও জুবিনক ক্ষমা খুজিবলৈ দাবী জনায়। অন্যথা ভৱিষ্যতে জুবিনক কামাখ্যাধামত প্ৰৱেশ নিষিদ্ধ কৰিব বুলি ভাবুকি দিয়ে।

উল্লেখযোগ্য যে ইতিহাসে ঢুকি নোপোৱা দিনৰ পৰা কামাখ্যাধাম স্থানীয় জনগোষ্ঠীয় লোকৰ লৌকিক বিশ্বাসৰ থল হৈ আহিছিল। পিছত কোচ ৰজা মহাৰাজ নৰনাৰায়ণৰ দিনৰ পৰা ইয়াত অধিক বিস্তৃত তথা আনুষ্ঠানিক পৃষ্ঠপোষকতাৰে পূজা-অৰ্চনা চলে। আহোম স্বৰ্গদেউসকলৰ দিনতো এই মন্দিৰটোৰ মেৰামতি আৰু কিছু অংশৰ নিৰ্মাণ কৰা হৈছিল। লগতে ৰাজকীয়ভাৱে ইয়াত পূজা-সেৱা আগ বঢ়োৱা হৈছিল।

কিন্তু এতিয়া ইয়াক এচাম স্বাৰ্থলোভীয়ে খুঁটি পুতি বহি লৈ কোনো পৰিশ্ৰম অবিহনেই প্ৰজন্মৰ পিছত প্ৰজন্ম নিশ্চিন্ত জীৱন যাপনৰ মাধ্যম কৰি পেলাইছে। কামাখ্যা পাহাৰত পূজা-পাতলৰ কৰা, পুৰোহিতালি কৰা, পূজা-সেৱাত মধ্যস্থতা কৰি আগ-পিছ কৰি দিয়াৰ (পাণ্ডালি) নামত স্থায়ীভাৱে খোপনি পুতি থকাসকলে ইয়াৰে মাটি নিজে দখল কৰাৰ উপৰি সেই মাটিত ঘৰ বনাই আনক থাকিবলৈ ভাৰালৈ দিয়া, দোকান বনাই ভাৰালৈ দিয়া আদি সহজ ব্যৱসায় কৰি আছে। কেৱল ধৰ্মৰ আঁৰ লৈ কৰা বাবেই এইসকলৰ কুকাৰ্য্য বহু সময়ত চৰকাৰ বা প্ৰশাসন বা আইন-কানুনৰ বাহিৰত ৰৈ যোৱা দেখা যায়।

বহুতে মন্তব্য কৰিছে যে নিজৰ সান্দহখোৱা বালি তল যোৱাৰ ভয়তে এতিয়া এইসকলক জুবিনৰ মন্তব্যত একেলগে জাগি উঠা দেখা গৈছে।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd