• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ট্ৰাম্পৰ শুল্ক নীতিৰ ফলত বিশ্বৰ বজাৰত মন্দাৱস্থা! শ্বেয়াৰ বিক্ৰীৰ জোৱাৰ? কম্পন ৱাল ষ্ট্ৰীটত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2025 12:51 pm
117
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ড’নাল্ড ট্ৰাম্পে এটাৰ পিছত এটাকৈ ডাঙৰ সিদ্ধান্ত লৈছে। ইয়াৰ ভিতৰত অন্যতম এটা হৈছে বিভিন্ন দেশৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰাৰ বাৰ্তা।

শুল্ক আৰু পাৰস্পৰিক শুল্কৰ ওপৰত ট্ৰাম্পৰ মন্তব্যই বিশ্বৰ বজাৰত প্ৰত্যক্ষ প্ৰভাৱ পেলালে নেকি? অন্ততঃ সপ্তাহৰ দ্বিতীয়টো দিন মঙলবাৰৰ পৰিঘটনাবোৰে তেনেকুৱাই বুজাইছে।

সংবাদ সংস্থাৰ তথ্য অনুসৰি, সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক আৰোপৰ ফলত বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ মন্দাৱস্থাৰ সৃষ্টি হ’ব পাৰে বুলি ধাৰণাটো খাৰিজ কৰাৰ পিছতে এই ঘটনা পোহৰলৈ আহিছে। ট্ৰাম্পৰ ভাষণৰ পিছতে আমেৰিকাৰ শ্বেয়াৰ বজাৰত উদ্বেগ কেইবাগুণো বৃদ্ধি পালে। ব্যাপক হাৰত শ্বেয়াৰ বিক্ৰী আৰম্ভ হৈছে। বিনিয়োগকাৰীয়ে ততাতয়াকৈ শ্বেয়াৰ বিক্ৰী কৰিছে।

ট্ৰাম্পে কয় যে আমেৰিকাৰ অৰ্থনীতিয়ে এই সময়ত আচলতে সংক্ৰমণৰ সময় পাৰ কৰি আহিছে। ইয়াৰ দ্বাৰা গ্ৰাহকৰ চাহিদা আৰু কৰ্পৰেট বিনিয়োগ হ্ৰাস পাব পাৰে বুলি পৰ্যবেক্ষক মহলে ভাৱে।

ট্ৰাম্পৰ শুল্ক নীতি আৰু মন্তব্যক লৈ আমেৰিকাৰ শ্বেয়াৰ বজাৰ তীব্ৰভাৱে পতনমুখী হৈছে। ডাউ জ’নছ, এছ এণ্ড পি ৫০০ আৰু নাছডাকৰ দৰে ডাঙৰ সূচকাংকসমূহ যথেষ্ট হ্ৰাস পাইছে। ২০২২ চনৰ পিছত এই প্ৰথমবাৰৰ বাবে নাছডাকৰ এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। এছ এণ্ড পি ৫০০ ফেব্ৰুৱাৰী মাহৰ সৰ্বোচচ হাৰৰ পৰা একেবাৰতে ৮ শতাংশ হ্ৰাস পাইছে।

টেছলাৰ শ্বেয়াৰৰ মূল্য ১৫.৪ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে এআই চিপ জায়ান্ট এনভিডিয়াৰ ৫ শতাংশতকৈও অধিক হ্ৰাস পাইছে। মেটা, আমাজন আৰু আলফাবেটকে ধৰি অন্যান্য টেক জায়ান্টসমূহৰ সূচকাংকও তীব্ৰ হ্ৰাস পোৱা দেখা গৈছে।

মঙলবাৰে পুৱা জাপানৰ নিকেই ২২৫ ২.৫ শতাংশ, দক্ষিণ কোৰিয়াৰ কস্পি ২.৩ শতাংশ আৰু অষ্ট্ৰেলিয়াৰ এছ এণ্ড পি/এ এছ এক্স ২০০ৰ ১.৮ শতাংশ হ্ৰাস পায়। পৰ্যবেক্ষক মহলৰ মতে, ৱাল ষ্ট্ৰীটত নিশাটোৰ ভিতৰতে পতনৰ পিছত এছিয়াৰ বজাৰত ব্যাপক বিক্ৰীৰ বাবে মঙলবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰতো পতনৰ সম্ভাৱনা দেখা দিছে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd