• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শুকুৰবাৰে হোলী, একে দিনাই জুম্মাৰ নামাজৰ দিন! কি পৰামৰ্শ দিলে হিন্দুত্ববাদীসকলে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2025 11:31 am
256
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে মছজিদত জুম্মা নামাজত অংশগ্ৰহণ কৰে অধিকাংশ  মুছলমানে। কিন্তু এইবাৰ এই দিনটোত হিন্দু জাতীয় উৎসৱ হোলী বা দৌল যাত্ৰা।সেয়েহে দুয়োটা সম্প্ৰদায়ৰ মাজত সংঘাত ৰোধ কৰিবলৈ হিন্দুত্ববাদী শিবিৰৰ এটা অংশই মুছলমানসকলক উপদেশৰ আঁৰত বিভিন্ন ফতোৱা জাৰি কৰিছে। বিগত কেইবছৰৰ দৰে উত্তৰ প্ৰদেশ এই ক্ষেত্ৰতো আগবাঢ়ি আছে। এই বিতৰ্কত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নামো জড়িত হৈ পৰিছে।

আলিগড়ত যোগী চৰকাৰৰ শ্ৰম মন্ত্ৰী ৰঘুৰাজ সিঙে মুছলমানসকলক উপদেশ দিছে যে হোলীৰ দিনা জুম্মাৰ নামাজৰ বাবে ঘৰৰ পৰা ওলাই নাযাব। ঘৰতে প্ৰাৰ্থনা কৰক। আৰু অকলে ওলাই গ’লে প্লাষ্টিকৰ মোনা পিন্ধক।ৰঙৰ সৈতে খেলি ভাল নাপালে আন কোনো বিকল্প নাই।

বহু মুছলমান ধৰ্মগুৰুৱে বহু আগতেই ঘোষণা কৰিছিল যে হোলীৰ দিনা মছজিদত নামাজ দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ’ব। সময় এঘণ্টা পিছুৱাই দিয়া হৈছে। সেই কথাত মুছলমান সমাজে আপত্তি কৰা নাছিল। তথাপিও উপদেশৰ নামত সংখ্যালঘুসকলক উপহাস কৰা হৈছে।

বিগত কেইমাহমানৰ পৰা পশ্চিম উত্তৰ প্ৰদেশৰ সম্বলৰ জুমা মছজিদক লৈ বিবাদৰ সৃষ্টি হৈছে। হিন্দু আৰু মুছলমানৰ দাবী আৰু প্ৰতিদাবীক লৈ হোৱা বিতৰ্কই আদালতৰ মজিয়া পাইছেগৈ। এই বিবাদক লৈ দুয়োপক্ষৰ মাজত গোপন উত্তেজনা বিৰাজ কৰিছে।

সেই গোচৰত সম্ভাল জিলা আৰক্ষী চক্ৰ পৰিদৰ্শক অনুজ চৌধুৰীয়ে মুছলমানসকলক হোলী শুকুৰবাৰে ঘৰতে থাকিবলৈ সকীয়াই দিয়ে। বছৰত ৫২ দিন জুম্মা নামাজ কৰিব পাৰি। বছৰত এদিনহে হোলী বুলি উল্লেখ কৰে।

কোনো চক্ৰ পৰিদৰ্শকে এনে কথা ক’ব পাৰে নেকি সেই লৈ যোগী চৰকাৰৰ ভিতৰতে বিতৰ্ক আৰম্ভ হৈছে। কিন্তু মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী যোগী আদিত্যনাথে ৰাজহুৱাভাৱে চক্ৰ পৰিদৰ্শকগৰাকীক ৰাষ্ট্ৰীয় বঁটা বিজয়ী মল্লযুঁজাৰু বুলি প্ৰশংসা কৰে। সেইবাবেই তেওঁ এজন মল্লযুঁজাৰুৰ সাহসেৰে সেই কথা ক’বলৈ সক্ষম হৈছিল।

বিহাৰ বিজেপিৰ বিধায়ক হৰিভূষণ ঠাকুৰে কয় যে, মুছলমানসকলে হোলীত ঘৰতে থাকিব লাগে।

লক্ষ্ণৌৰ ছিয়া জনগোষ্ঠীৰ নেতা মৌলানা ছাইফ আব্বাছ নকভিয়ে কয় যে দুয়োপক্ষৰ মাজত বিবাদৰ কোনো সম্ভাৱনা নাই। কাৰণ, শুকুৰবাৰৰ নামাজ দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ’ব। সময়খিনি এঘণ্টা পিছুৱাই দিয়া হৈছে। তেওঁ কয় যে তেওঁলোকে ইৰাকৰ ধৰ্মগুৰু আয়াতুল্লাহ ছায়েদ চিস্তানীৰ পৰা পৰামৰ্শ লৈছিল।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd