১১ মাৰ্চত এয়াৰটেলে ভাৰতলৈ ষ্টাৰলিংক ইণ্টাৰনেট সেৱা অনাৰ স্পেচএক্সৰ সৈতে অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছিল। সেই ঘটনাৰ এদিন পিছতে মুকেশ আম্বানীৰ জিঅ’ই ইলন মাস্কৰ কোম্পানীৰ সৈতে একেধৰণৰ চুক্তিৰ কথা ঘোষণা কৰিলে।
বাতৰি অনুসৰি জিঅ’ই নিজৰ খুচুৰা বিপণীৰ লগতে অনলাইন ষ্ট’ৰফ্ৰন্টসমূহৰ জৰিয়তেও ষ্টাৰলিংকৰ ডিভাইচসমূহ বিক্ৰী কৰিব। স্পেচএক্সে ভাৰতত ষ্টাৰলিংক বিক্ৰীৰ বাবে নিজা অনুমোদন লাভ কৰাৰ পিছত এই চুক্তি কাৰ্যকৰী হ’ব।
ষ্টাৰলিংকৰ সৈতে হোৱা চুক্তিৰ পিছত জিঅ’ই কয় যে, ‘’এই চুক্তিয়ে ডাটা ট্ৰেফিকত বিশ্বৰ সৰ্ববৃহৎ মোবাইল অপাৰেটৰ হিচাপে জিঅ’ৰ স্থান অক্ষুণ্ণ ৰাখিব। জিঅ’ই ভাৰতৰ অতি গ্ৰাম্য আৰু দুৰ্গম অঞ্চলকে ধৰি সমগ্ৰ দেশতে নিৰ্ভৰযোগ্য ব্ৰডবেণ্ড সেৱা প্ৰদানৰ বাবে বিশ্বৰ আগশাৰীৰ পৃথিৱীৰ নিম্ন কক্ষপথৰ উপগ্ৰহ নক্ষত্ৰমণ্ডল অপাৰেটৰ হিচাপে ষ্টাৰলিংকৰ অৱস্থানক কামত লগাব। জিঅ’ই নিজৰ খুচুৰা বিপণীত ষ্টাৰলিংকৰ সঁজুলি যোগান ধৰিব। ইয়াৰ উপৰিও গ্ৰাহক সেৱাই ইনষ্টলেশ্যন আৰু এক্টিভেশ্যনতো সহায় কৰিব।‘’
উল্লেখ্য যে ইলন মাস্কে ভাৰতত ইণ্টাৰনেট সেৱা প্ৰদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰি আহিছে। ভাৰতেও কিছুদিন পূৰ্বে ঘোষণা কৰিছিল যে ছেটেলাইট স্পেকট্ৰাম আবণ্টনৰ বাবে কোনো নিলাম নহ’ব। বৰঞ্চ স্পেকট্ৰম প্ৰশাসনিকভাৱে বিতৰণ কৰা হ’ব। পূৰ্বতে টেৰিটৰিয়েল স্ৰেকট্ৰামৰ আবণ্টন নিলামৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল। জিঅ’ আৰু এয়াৰটেলে এই পদ্ধতি পছন্দ কৰে। অৱশ্যে ইলন মাস্কে এই অকৃত্ৰিম পন্থাৰ সদায় বিৰোধিতা কৰি আহিছে। আৰু এতিয়া মাস্কৰ স্পেচএক্সে এয়াৰটেল আৰু জিঅ’ৰ সৈতে চুক্তিবদ্ধ হৈছে।
মন কৰিবলগীয়া যে ছেটেলাইট স্পেকট্ৰাম বিশ্বৰ প্ৰায় সকলো ঠাইতে প্ৰশাসনিকভাৱে বিতৰণ কৰা হয়। অৱশ্যে মুকেশ আম্বানীয়ে ভাৰতত চেটেলাইট স্পেকট্ৰমৰ নিলাম বিচাৰিছিল। এয়াৰটেলৰ ভাৰতী সুনীল মিত্তালেও এই পন্থাক সমৰ্থন কৰে। কিন্তু আমাজনৰ প্ৰজেক্ট কুইপাৰৰ পৰা ষ্টাৰলিংকে বিচাৰিছিল যে ভাৰতত প্ৰশাসনিকভাৱে ছেটেলাইট স্পেকট্ৰাম আবণ্টন কৰক।
উল্লেখ্য যে ভাৰত আন্তঃৰাষ্ট্ৰীয় টেলিকম ইউনিয়নৰ সদস্য। ই ৰাষ্ট্ৰসংঘৰ এটা সংস্থা। মাস্কে দাবী কৰিছিল যে এই সংস্থাৰ সদস্য হিচাপে ভাৰতে আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি ছেটেলাইট স্পেকট্ৰাম বিতৰণ কৰিব লাগে। অৱশ্যে ভাৰতত প্ৰতিযোগীৰ মুখামুখি হোৱাৰ পৰিৱৰ্তে মাস্কৰ কোম্পানীয়ে তেওঁলোকৰ সৈতে হাত মিলাইছে।