মঙলবাৰে পুৱা অইল ইণ্ডিয়াৰ প্ৰাক্তন মহাপ্ৰৱন্ধক পোনানন্দ বৰোগাহাঁইৰ ৭২ বছৰৰ বয়সত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোক প্ৰাপ্তি ঘটে। কিছু বছৰ ধৰি দুৰাৰোগ্য কৰ্টট ৰোগত আক্ৰান্ত হৈ আছিল পোনানন্দ বৰগোহাঁই। অইল ইণ্ডিয়াৰ প্ৰাক্তন উচ্চ পদস্থ বিষয়া বৰগোহাঁয়ে মৃত্যুৰ সময়ত পত্নীসহ দুই পুত্ৰ আৰু বোৱাৰীক ইহসংসাৰত এৰি থৈ যায়।
পোনানন্দ বৰগোহাঁয়ে ১৯৫৩ চনৰ ২১ ছেপ্টম্বৰত শিৱসাগৰ জিলাৰ নাজিৰাৰ হাঁহচৰাৰ শুকতিআলিৰ এটা সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। সৰুৰে পৰা তীক্ষ্ণ বুদ্ধিসম্পন্ন বৰগোহাঁয়ে নাজিৰাৰ পৰা সুখ্যাতিৰে স্কুলীয়া শিক্ষা সাং কৰি গুৱাহাটী অভিযান্ত্রিক মহাবিদ্যালয়ত যান্ত্রিক বিভাগত শিক্ষা গ্ৰহণ কৰে।
মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লোৱাৰ পাছত তেওঁ দেশৰ অন্যতম তৈল প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ খনন বিভাগত প্রশিক্ষণ অভিযন্তা হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে। পিছলৈ তেওঁ অইল ইণ্ডিয়াৰ খনন বিভাগত মূৰব্বী ৰূপেও কাৰ্য নির্বাহ কৰিছিল। নিজৰ কৰ্ম দক্ষতাৰ বাবে পদোন্নতি হৈ বৰগোহাঁয়ে অইল ইণ্ডিয়া লিমিটেডৰ পৰা মহা প্ৰৱন্ধক হিচাপে অৱসৰ গ্ৰহণ কৰে। কৰ্মদক্ষ বিষয়া পোনা বৰগোহাঁইৰ নেতৃত্বতে অইল ইণ্ডিয়া লিমিটেডে বহু সফল খাৰুৱা তেল আৰু গেছৰ অনুসন্ধান সম্পন্ন কৰিবলৈ সক্ষম হৈছিল।
গহীন, গম্ভীৰ, নম্র তথা মৰমিয়াল ব্যক্তিত্বই সকলোকে মোহিত কৰা পোনানন্দ বৰগোহাঁই কলেজীয়া জীৱনত এজন সুদক্ষ খেলুৱৈ হিচাপেও পৰিচিত আছিল। তেওঁ খেলা ধূলাত পাৰদৰ্শিতা দেখুওৱাই কলেজ পৰ্যায়ত ক্রিকেট, টেনিচ ইত্যাদি খেলত আগভাগ লৈছিল। অইল ইণ্ডিয়া লিমিটেডত কৰ্মৰত অৱস্থাত বৰগোহাঁয়ে এজন দক্ষ গল্ফ খেলুৱৈ হিচাপেও প্ৰতিষ্ঠিত হৈছিল।
শিৱসাগৰৰ নাজিৰাৰ হাঁহচৰাৰ তেওঁলোকৰ পয়িলাটো অতি সম্ভ্ৰান্ত আছিল। তেওঁৰ দেউতাক জয়চন্দ্ৰ বৰগোহাঁই হাতী মহলৰ গৰাকী আছিল। ককাদেউতাকৰ দিনৰে পৰা আৰম্ভ কৰা হাতীৰ মহলটো তেওঁৰ দেউতাকে গুৰি ধৰিছিল।
জয়ন্তীয়া যুৱতী মিথিলদা বৰগোহাঁইৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা পোনা বৰগোহাঁই দুটা সন্তানৰ পিতৃ আছিল। তেওঁৰ পুত্ৰদ্বয় হ’ল ক্ৰমে কুলদ্বীপ এণ্ড্ৰিউ আৰু তুষাৰদ্বীপ থমাছ বৰগোহাঁই। কণিষ্ঠ পুত্ৰ তুষাৰদ্বীপ থমাছ বৰগোহাঁই এগৰাকী মেকানিকেল ইঞ্জিনিয়াৰ আৰু বৰ্তমান তেওঁৰ ডুবাইৰ এটা তৈল প্ৰতিষ্ঠানত কৰ্মৰত।
অৱসৰ পাছত পোনা বৰগোহাঁয়ে গুৱাহাটীৰ গীতানগৰত বাস কৰিছিল। মৃত্যুৰ পিছত বৰগোহাঁইৰ নশ্বৰদেহ গুৱাহাটীৰ পৰা নিজ গাঁও হাঁহচৰাৰ শুকতিআলিলৈ নিয়া হয়। শুকতিআলিতে তেওঁৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়।
অতি গহীন, গম্ভীৰ, নম্র বৰ স্বভাৱৰ পোনানন্দ বৰগোহাঁইৰ মৃত্যুৱে তেওঁৰ ঘণিষ্ঠ মহলত শোকৰ ছাঁ পেলাইছে।