• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাৰি বছৰত বিজ্ঞাপনৰ বাবে অসম চৰকাৰে ব্যয় কৰিলে ৩৭০ কোটি টকা; মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সংবাদ প্ৰতিষ্ঠানে পালে কিমান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2025 7:50 pm
141
VIEWS
Share on FacebookShare on Twitter

অসমৰ বিজেপি চৰকাৰে বিগত ৪ বছৰত বিজ্ঞাপনৰ বাবে অভিলেখ পৰিমানৰ ধন খৰচ কৰিছে। ৰাজ্যৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুশ হাজৰিকাই বুধবাৰে বিধানসভাত অৱগত কৰে যে বিগত চাৰিটা বিত্তীয় বৰ্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিজ্ঞাপনৰ বাবে ৩৭০ কোটিৰো অধিক টকা ব্যয় কৰিছে।

মন্ত্ৰী হাজৰিকাই কয় যে ২০১৬ চনৰ পৰা ২০২১ চনলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে থকা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্য চৰকাৰে ২০১৬-১৭ বৰ্ষৰ পৰা পাঁচটা বিত্তীয় বৰ্ষত মুঠ ১২৫.৬ কোটি টকা বিজ্ঞাপনৰ বাবে ব্যয় কৰিছিল।

বিজেপি চৰকাৰৰ কাৰ্যকালত বিজ্ঞাপনৰ বাবে ব্যয় ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ২০২০-২১ চনত সোণোৱাল চৰকাৰে বিজ্ঞাপনৰ বাবে ৩০.২৪ কোটি টকা ব্যয় কৰাৰ বিপৰীতে ২০২১-২২ চনত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ সময়ত এই ব্যয় ৭২.৮৩ কোটি টকালৈ বৃদ্ধি পাইছিল।

ইয়াৰ পিছত শৰ্মা চৰকাৰৰ দিনত প্ৰতিবছৰে বিজ্ঞাপনৰ ব্যয় বাঢ়ি গৈ থাকিল। ২০২২-২৩ চনত এই ব্যয় ৭৮.৮৫ কোটি আৰু ২০২৩-২৪ চনত ১৬০.৯২ কোটি টকালৈ বৃদ্ধি পায়। একেদৰে ২০২৪-২৫ বিত্তীয় বৰ্ষত এই পৰ্যন্ত বিজ্ঞাপনৰ বাবে ৫৯.৭২ কোটি টকা ব্যয় কৰা হৈছে।

তদুপৰি, মন্ত্ৰী হাজৰিকাই লগতে অৱগত কৰে যে ২০১৫-১৬ চনত যেতিয়া অসমত তৰুণ গগৈ চৰকাৰ আছিল তেতিয়া বিজ্ঞাপনৰ বাবে ১৮.৫৮ কোটি টকা ব্যয় কৰা হৈছিল। ইয়াৰ পিছত যেতিয়া বিজেপি চৰকাৰ আহি সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰিলে, তেতিয়া পিছৰ বছৰতে বিজ্ঞাপনৰ ব্যয় ২৬.৮৮ কোটি টকালৈ বৃদ্ধি পালে।

ইপিনে, ২০২১-২২ বৰ্ষৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষলৈকে এই সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ মালিকানাধীন সংবাদ প্ৰতিষ্ঠানে প্ৰচুৰ বিজ্ঞাপন লাভ কৰাৰ তথ্যও পোহৰলৈ আহিছে।

তথ্য অনুসৰি, বিগত চাৰি বছৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সংবাদ প্ৰতিষ্ঠানৰ ভিতৰত নিয়মীয়া বাৰ্তাই ১৪ কোটি ১ লাখ ৫৬হাজাৰ ৮১৮ টকা, নিউজ লাইভে ৩ কোটি ৭১ লাখ ৯ হাজাৰ ২৩০ টকা, নৰ্থ ইষ্ট লাইভে ১ কোটি ৯৯ লাখ ৭৮ হাজাৰ, ৩৪৪ টকা, ৰামধেনুৱে ৭৯ লাখ ৬৯ হাজাৰ ১১টকা আৰু ৰং চেনেলে ১ কোটি ৩৮ লাখ ৩৩৬ টকা। মুঠতে তেওঁলোকে বিজ্ঞাপনৰ বাবদ লাভ কৰিছে ২১ কোটি ৯০ লাখ ১৩ হাজাৰ ৭৩৯ টকা।  

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd