২০২৩ চনৰ পৰা ভাৰতৰ সবাতোকৈ দূষিত চহৰত পৰিণত হৈছে বৰ্ণিহাট। অসম আৰু মেঘালয় ৰাজ্যৰ মাজত অৱস্থিত হোৱাৰ বাবে চহৰখন প্ৰদূষণে আবৰি ধৰা বুলি প্ৰকাশ অসমৰ মুখ্য চহৰ গুৱাহাটীৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ আৰু মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা ৭০ কিলোমিটাৰ দূৰত পাইছে। এই উদ্যোগিক চহৰখন অৱস্থিত।
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে. চাংমাই কয় যে বৰ্ণিহাটৰ মেঘালয় অংশটো অসমৰ ফালৰ উদ্যোগসমূহৰ বাবে প্ৰদূষিত হৈছে। তেওঁ লগতে কয় যে মেঘালয়ৰ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে বৰ্ণিহাটৰ বায়ুৰ গুণাগুণ সন্তোষজনক বুলি প্ৰকাশ কৰিছে। কিন্তু অসমৰ সীমাৰ ওচৰত থকা এটা বায়ু গুণাগুণ পৰীক্ষণ কেন্দ্ৰই বায়ুৰ গুণাগুণ নিম্ন মানৰ বুলি প্ৰকাশ কৰিছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৰ্ণিহাটৰ অসম অংশত ২০টা “ৰেড কেটেগৰী”ৰ উদ্যোগ আছে, যিবোৰে বেছি প্ৰদূষণ সৃষ্টি কৰে, আনহাতে মেঘালয় অংশত মাত্ৰ ৫টা তেনে উদ্যোগ আছে। তেওঁ উল্লেখ কৰিছে যে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ আৰু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ নিৰ্দেশনা অনুসৰি অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে অসমৰ বৰ্ণিহাট অঞ্চলৰ পৰিৱেশৰ অৱস্থা উন্নত কৰিবলৈ এক কৰ্মপন্থা প্ৰস্তুত কৰিছে।
চুইজাৰলেণ্ডৰ IQAir নামৰ কোম্পানীৰ World Air Quality Report 2024 ৰ তথ্যক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে MSPCB ৰ চাৰিটা নিৰিক্ষণ কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, ২০২৪ চনত বৰ্ণিহাটৰ PM2.5 ৰ গড় পৰিমাণ ৫০.১ µg/m3 আছিল। ২০২৫ চনৰ জানুৱাৰীৰ পৰা মাৰ্চলৈ বায়ু গুণাগুণ সূচক সন্তোষজনক আছিল বুলি উল্লেখ কৰে। কিন্তু IQAir প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি বৰ্ণিহাটৰ PM2.5 ৰ গড় পৰিমাণ ১২৮.২ মাইক্ৰোগ্ৰাম পাৰ কিউবিক মিটাৰ (µg/m3) আছিল।
চাংমাই কয় যে মেঘালয়ৰ চৰকাৰে উদ্যোগসমূহত হঠাৎ পৰিদৰ্শন কৰি চহৰখনৰ বায়ুৰ গুণাগুণ উন্নত কৰিবলৈ চেষ্টা কৰি আছে। তেওঁ অসম আৰু মেঘালয় ৰাজ্যৰ মাজত সহযোগিতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে, যাতে বৰ্ণিহাটৰ প্ৰদূষণ সমস্যা সমাধান কৰিব পৰা যায়।