• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

য়েমেনত হুথি বিদ্ৰোহীৰ ওপৰত আমেৰিকাৰ তীব্ৰ বিমান আক্ৰমণ; নিহত ২৪ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2025 10:34 am
য়েমেনত হুথি বিদ্ৰোহীৰ ওপৰত আমেৰিকাৰ তীব্ৰ বিমান আক্ৰমণ; নিহত ২৪ জন
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশত য়েমেনত হুথি বিদ্ৰোহী সংগঠনটোৰ বিৰুদ্ধে তীব্ৰ বিমান আক্ৰমণ চলাইছে আমেৰিকাই।

ইৰাণ সমৰ্থিত গোটটোৰ সামৰিক ঘাটি, মিছাইল প্ৰতিৰক্ষা ব্যৱস্থা, কমাণ্ড চেণ্টাৰ আদিত ইটোৰ পিছত সিটোকৈ আক্ৰমণ কৰিছে আমেৰিকাৰ যুদ্ধ বিমানে। এই আক্ৰমণত কমেও ২৪ জন লোকৰ মৃত্যু হয়।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি শনিবাৰৰ পৰা আৰম্ভ হোৱা এই আক্ৰমণ কেইবাদিনো, আনকি কেইবা সপ্তাহো চলিব পাৰে বুলি কয় এজন আমেৰিকান বিষয়াই। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই আক্ৰমণৰ নিৰ্দেশ দিছে।

ইৰাণ সমৰ্থিত সশস্ত্ৰ সংগঠনটোৱে দাবী কৰিছে যে এই আক্ৰমণৰ লক্ষ্য হৈছে ছানাৰ শ্বাৱাব জিলাৰ এটা আৱাসিক অঞ্চল। ইয়াৰ ফলত স্থানীয় ৰাইজৰ মাজত আতংক বিয়পি পৰে। স্থানীয় বাসিন্দাসকলে কয় যে এই বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে ভূমিকম্পৰ দৰে অনুভৱ হৈছিল।

হুথিৰ নিয়ন্ত্ৰিত স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে য়েমেনৰ ৰাজধানী ছানাত আমেৰিকাৰ আক্ৰমণত কমেও ২৪ জন লোক নিহত হৈছে।

হুথিৰ মুখপাত্ৰ নাছৰুদ্দিন আমেৰে সকীয়াই দিয়ে যে এই আক্ৰমণে তেওঁলোকক দমাব নোৱাৰে। গাজাৰ বাবে ছানা ৰক্ষাকবচ হৈ ৰ’ব।

কৃষ্ণ সাগৰত নিয়োজিত হৈছিল আমেৰিকাৰ যুদ্ধজাহাজ ইউ এছ এছ হেৰী এছ ট্ৰুমেন। ইয়াৰ উপৰিও ইউ এছ এছ জৰ্জিয়া ক্ৰুজ মিছাইল চাবমেৰিনেও এই অভিযানত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। ট্ৰাম্প প্ৰশাসনৰ অধীনত য়েমেনত হুথিৰ বিৰুদ্ধে এইটোৱেই প্ৰথম আক্ৰমণ।

লোহিত সাগৰত জাহাজ আক্ৰমণ বন্ধ কৰিবলৈ হুথিক আহ্বান জনায় ট্ৰাম্পে। অন্যথা তেওঁ চৰম পৰিণতিৰ সতৰ্কবাণী দিছিল।

হুথিৰ মূল পৃষ্ঠপোষক ইৰাণকো ভাবুকি দিছে ট্ৰাম্পে। তেওঁ তেহৰাণক তৎকালীনভাৱে বিদ্ৰোহী সংগঠনটোক সমৰ্থন কৰা বন্ধ কৰিবলৈ আহ্বান জনায়। ট্ৰাম্পে তেহৰাণক ভাবুকি দি কয় যে ইৰাণে যদি আমেৰিকাক ভাবুকি দিয়ে তেন্তে আমেৰিকাই তেওঁলোকক সম্পূৰ্ণৰূপে জবাবদিহি কৰিব। কিন্তু সেয়া তেওঁলোকৰ বাবে ভাল নহ’ব।

ইয়াৰ পূৰ্বে হুথিয়ে ইজৰাইলৰ জাহাজক লক্ষ্য কৰি নতুন আক্ৰমণ চলাব বুলি ঘোষণা কৰিছিল। কিন্তু আমেৰিকাৰ আক্ৰমণৰ পিছত হুথিয়ে কোনো ধৰণৰ প্ৰত্যাক্ৰমণ কৰাৰ খবৰ পোৱা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

September 1, 2025 9:13 pm
জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

September 1, 2025 8:50 pm
নিয়ন্ত্ৰণ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত চলি আছে ‘চিণ্ডিকেট চৰকাৰ’: প্ৰদ্যুত বৰদলৈৰ অভিযোগ

নিয়ন্ত্ৰণ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত চলি আছে ‘চিণ্ডিকেট চৰকাৰ’: প্ৰদ্যুত বৰদলৈৰ অভিযোগ

September 1, 2025 8:32 pm

বিহাৰ SIR সন্দৰ্ভত ১ ছেপ্টেম্বৰৰ পাছত অভিযোগ দাখিল কৰিব পাৰিবঃ ছুপ্ৰীম কোৰ্টত নিৰ্বাচন আয়োগ

September 1, 2025 7:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

September 1, 2025 9:13 pm
জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

September 1, 2025 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd