• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘‘কবিতা থাকে মানে মানুহ মানুহ হৈ থাকিব’’ ; ‘কবিতাৰ ঈশান-নৈৰ্ঋত’ত সমীৰ তাঁতীৰ সৈতে মুনীন বায়ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2025 9:12 pm
202
VIEWS
Share on FacebookShare on Twitter

‘‘কেৱল প্ৰেৰণাই নহয়, তাড়না অবিহনে কোনো কবি হ’ব নোৱাৰে’’ – সাহিত্য-সংস্কৃতিৰ অনুষ্ঠান ‘চৰ্য্যা’ আৰু ‘মুনীন বৰকটকী স্মাৰক ন্যাস’ৰ যুটীয়া উদ্যোগত কালি (১৫ মাৰ্চ) সন্ধিয়া পাঁচ বজাত শিলপুখুৰীৰ পঞ্চৱটীৰ ‘সভাঘৰ’ত আয়োজিত মনোজ্ঞ অন্তৰংগ সাহিত্য আলাপৰ অনুষ্ঠান ‘কবিতাৰ ঈশান-নৈৰ্ঋত’ত এনেদৰে কয় প্ৰসিদ্ধ কবি সমীৰ তাঁতীয়ে৷

‘চৰ্য্যা’ আৰু ‘মুনীন বৰকটকী স্মাৰক ন্যাস’ৰ সাহিত্য-সংস্কৃতিৰ নিয়মীয়া অনুষ্ঠান ‘বোধবেলি’ৰ দ্বিতীয়টো সংস্কৰণত অংশগ্ৰহণ কৰি কবি তাঁতীয়ে আৰু কয়— ‘‘কবিতা থাকে মানে মানুহ মানুহ হৈ থাকিব৷’’

বিশিষ্ট লেখক, সাংবাদিক, সাহিত্য তথা চলচ্চিত্ৰ সমালোচক মুনীন বায়নে এই আলাপত অংশগ্ৰহণ কৰি কবি সমীৰ তাঁতীৰ জীৱন, সৃষ্টি আৰু দৃষ্টি, তেওঁৰ সমকাল আৰু দশোদিশৰ আৰ্থ-ৰাজনৈতিক, সমাজ-সাংস্কৃতিক, পৰম্পৰা-পাৰিৱেশিক আদি ভিন্ন প্ৰেক্ষাপটৰ প্ৰসংগৰে অনুষ্ঠানটো সজীৱ আৰু গাম্ভীৰ্য্যপূৰ্ণ কৰি তোলে৷

বায়নৰ প্ৰশ্নৰ সঁহাৰিস্বৰূপে তাঁতীয়েও প্ৰতিটো প্ৰসংগৰে বিস্তাৰিত অন্তদৃৰ্ষ্টিসম্পন্ন মননশীল প্ৰত্যুত্তৰ সমৱেত শ্ৰোতা-দৰ্শকৰ আগত ব্যক্ত কৰে৷ ইয়াৰ পাছতে আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰী অধ্যাপক সুৰজিত বৰুৱাই পাঠ কৰে সমীৰ তাঁতীৰ তেওঁ কৰা দুটি কবিতাৰ ইংৰাজী অনুবাদ৷

প্ৰায় ডেৰ ঘণ্টাজোৰা ‘বোধবেলি-২’ৰ প্ৰথম খণ্ড সাহিত্য আলাপ আৰু অনুবাদ কবিতা পাঠৰ পাছত আৰম্ভ হয় বিশিষ্ট কবিৰ কবিতা পাঠ৷ আমন্ত্ৰিত অসমীয়া ভাষাৰ দুগৰাকী জ্যেষ্ঠ আৰু খ্যাতনামা কবিৰ ভিতৰত প্ৰথমেই কবিতা পাঠ কৰে আনিছ উজ্ জামানে৷ জামানে প্ৰায় দহ মিনিট সময় পাঠ কৰে তেওঁৰ কেইটিমান নিৰ্বাচিত কবিতা৷

আনহাতে, আমন্ত্ৰিত আনগৰাকী কবি নীলিম কুমাৰ স্বাস্থ্যজনিত কাৰণত অনুপস্থিত থকাত তেওঁৰ দুটি কবিতা অনুষ্ঠানত পাঠ কৰি শুনায় কবি কুশল দত্তই৷

কালিৰ সভাৰ আৰম্ভণিতে সদ্যপ্ৰয়াত প্ৰসিদ্ধ কণ্ঠশিল্পী, গীতিকাৰ, কবি, অনুবাদক, শিক্ষাবিদ ডঃ লক্ষহীৰা দাসৰ সোঁৱৰণত এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়৷ ইয়াৰ পাছতে সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণী ভাষণ দিয়ে ‘চৰ্য্যা’ৰ সভাপতি কবি অনুভৱ তুলসীয়ে৷ আৰম্ভণিৰেপৰা শেষলৈ কবি ডাঃ কৌশিক বাস্যসে সুন্দৰভাৱে আঁত ধৰা অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ‘চৰ্য্যা’ৰ উপ সভাপতি, আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন কেন্দ্ৰ সঞ্চালক, কবি ৰাজীৱ বৰুৱাই৷

Recent News

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd