• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উগ্ৰবাদত সাঙুৰিলে গোটেই বড়ো সম্প্ৰদায়ক : ৰমীলা থাপাৰৰ কাণ্ডক লৈ প্ৰতিক্ৰিয়া-প্ৰতিবাদ বড়োলেণ্ড বিশ্ববিদ্যালয়ত

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 30, 2018 7:11 am
BodolandUniversity
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বড়ো লেখক-বুদ্ধিজীৱী, পণ্ডিত, ছাত্ৰ-শিক্ষকে বড়োলেণ্ড বিশ্ববিদ্যালয়ত ইতিহাসবিদ ৰমীলা থাপাৰ আৰু লেখক সঞ্জয় হাজৰিকাৰ বিৰুদ্ধে ২৯ মে’ত সামূহিক প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে অলপতে প্ৰকাশিত ৰমীলা থাপাৰৰ Ancient Indian Social History: Some Interpretations নামৰ গ্ৰন্থখনত বড়োসকলক ভয়ংকৰ উগ্ৰপন্থী বুলি উল্লেখ কৰা হৈছিল। গ্ৰন্থখন প্ৰকাশ কৰিছে Orient Blackswan Private Limited –এ। গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণৰ ৩৭৮ পৃষ্ঠাৰ এটা শাৰীত উত্তৰ-পূবৰ উগ্ৰপন্থীৰ কথা উল্লেখ কৰিবলৈ যাওঁতে বড়ো মিলিটেণ্টৰ পৰিৱৰ্তে বড়ো বুলি উল্লেখ কৰিছে ইতিহাসবিদগৰাকীয়ে।

Apply Now

একেদৰে লেখক সঞ্জয় হাজৰিকাই তেওঁৰ ষ্ট্ৰেঞ্জাৰছ ন’ ম’ৰ (Strangers No More) নামৰ অলপতে প্ৰকাশিত গ্ৰন্থখনত (Aleph Book Company-এ প্ৰকাশ কৰিছে) ২০০৮ চনত গুৱাহাটীৰ গণেশগুৰিত হোৱা ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণৰ বাবে সমগ্ৰ বড়ো সম্প্ৰদায়টোক অপবাদ দিয়া হৈছে। (পৃষ্ঠা ১৮৭)।

এই দুয়োটা কথাক লৈ বড়োসমাজ ক্ষোভিত হৈ পৰে আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ত লেখক-লেখিকা দুজনৰ বিৰুদ্ধে ধৰ্ণা দিয়া হয়। প্ৰতিবাদত অংশগ্ৰহণ কৰাসকলে গোটেই বড়ো সম্প্ৰদায়টোকে অপৰাধী সজা বা উগ্ৰপন্থী সজা কাৰ্য্যক গৰিহণা দিয়ে। লেখক-লেখিকা দুগৰাকীৰ উপৰি গ্ৰন্থখনৰ প্ৰকাশক গোষ্ঠী দুটাৰ বিৰুদ্ধেও প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে কয় যে দুয়োটা ক্ষেত্ৰতে বড়োসকলক সামগ্ৰিকভাৱে সন্ত্ৰাসবাদ, উগ্ৰবাদৰ সৈতে সাঙুৰি লোৱাটোৰ তীব্ৰ গৰিহণা দিয়া হয়। দুয়োখন গ্ৰন্থ শুধৰণি নকৰালৈকে বিক্ৰী বন্ধ ৰখাৰ দাবী তোলাৰ লগতে লেখক-লেখিকা দুগৰাকীৰ পৰা তেওঁলোকে ক্ষমা প্ৰাৰ্থনা দাবী কৰিছে।

“ৰমীলা থাপাৰ এগৰাকী সুখ্যাত শিক্ষাবিদ, ইতিহাসবিদ হৈয়ো বড়োসকল আৰু উত্তৰ-পূবৰ প্ৰকৃত সমস্যাবোৰ সম্পৰ্কত উপযুক্ত ধাৰণা নথকাৰ লগতে এইবোৰৰ প্ৰতি অশোভনীয় অৱজ্ঞা থকাটো নিন্দনীয়। তেওঁৰ দৰে এগৰাকী লেখিকাৰ এনেকুৱা ভুল হতাশাজনক।” প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ পিছত প্ৰচাৰ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত এইদৰে কোৱা হৈছে। এইখন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অখিল বড়োৰ দ্বাৰা স্বাক্ষৰিত।

তেওঁলোকে কয়, “প্ৰকাশকগোষ্ঠীকেইটাও সমানে দায়ী। আমি সদায় কৈ আহিছো যে বড়োসকল অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী। বড়ো ভাষাও সংবিধান স্বীকৃত এটা চৰকাৰী ভাষা। কিন্তু বড়োসকলে এতিয়াও নিজৰ ৰাজনৈতিক অধিকাৰ পাবৰ বাবে সংগ্ৰাম কৰি আছে।” এইদৰে কয় প্ৰতিবাদত ভাগ লোৱা একাংশ প্ৰতিবাদকাৰীয়ে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd