উচচতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ তিনিওটা শাখাৰ ফলাফল কাইলৈ, অৰ্থাৎ ৩১ মে’ৰ ৯.৩০ বজাৰ লগে লগে ঘোষণা কৰা হ’ব। এই কথা অসম শিক্ষা সংসদৰ এটা সূত্ৰই জনাইছে।
উল্লেখযোগ্য যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে (Assam Higher Secondary Education Council) এই পৰীক্ষা পৰিচালনা কৰে। বিজ্ঞান, বাণিজ্য আৰু কলা –এই তিনিটা শাখাত মুঠ ২,৫৪,৫৬৪ জন শিক্ষার্থীয়ে পৰীক্ষাত অৱতীর্ণ হৈছিল ৷ পৰীক্ষা কেন্দ্ৰ আছিল ৮২৬টা।
ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ পৰীক্ষাৰ ফলাফল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিজা ৱেবছাইট www.ahsec.nic.in ৰ উপৰি আন কেইবাটাও ৱেবছাইটৰ যোগেদি চাব পাৰিব। মুঠ ১৭টা ৱেবছাইটযোগে ফলাফলৰ সন্ধান কৰিব পাৰিব বুলি জানিব পৰা গৈছে। আনহাতে এইবাৰ শিক্ষা সংসদে ফলাফল প্ৰকাশ কৰিবৰ বাবে এটা এনড্ৰইড এপৰো ব্যৱস্থা কৰা বুলি জনাইছে। এই এপটো গুগল প্লে ষ্ট’ৰত AHSEC Results 2018 বুলি সন্ধান কৰিলে পোৱা যায়।
শিক্ষা সংসদৰ সূত্ৰই জনোৱা মতে, পুৱা ন ত্ৰিছ বজাত ৰাজ্যৰ সকলো পৰীক্ষা কেন্দ্রতে ফলাফলৰ লগতে মার্কশ্বীট আৰু চার্টিফিকেটো শিক্ষার্থীসকলে লাভ কৰিব৷ সূত্ৰটোৱে জনোৱা মতে, পৰীক্ষা কেন্দ্রসমূহে এইবাৰ ফলাফল, মার্কশ্বীট আৰু চার্টিফিকেট জিলা উপায়ুক্তৰ কার্যালয়ৰ পৰা সংগ্রহ কৰিব লাগিব ৷ পুৱা ৭ বজাৰ পৰা নিজ নিজ জিলাৰ উপায়ুক্তৰ কার্যালয়ত এইসমূহ উপলব্ধ হ’ব।
ৰিজাল্ট চাব পৰা ৱেবছাইটকেইটা হ’ল www.ahsec.nic.in, www.indiaresults.com, www.jagranjosh.com, www.school.gradeup.co, www.examresults.net, results.amarujala.com, www.results.shiksha, www.assamonline.in, www.iresults.net, www.exametc.com, www.knowyourresult.com, www.timesofindia.com, www.examresults.net/assam/,www.schools9.com, www.assam.shiksha, www.assamjobalerts.com, www.yesresult.com৷