নাগৰিকত্ব সংশোধনী সংশোধনী বিধেয়কখন সম্পূৰ্ণৰূপে বাতিল কৰাৰ দাবীত ৰাজ্যৰ চৌদিশে প্ৰতিবাদমুখৰ পৰিবেশ চলি থকাৰ সময়তে আজি অসম আন্দোলন সংগ্ৰামী মঞ্চই ৰাজভৱন যাত্ৰা শীৰ্ষক এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।
উল্লেখযোগ্য যে এই বিধেয়কখন বাতিল কৰাৰ দাবীত আজি আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই একেলগে অসম আন্দোলন সংগ্ৰামী মঞ্চৰ বেনাৰত দিছপুৰস্থিত গণেশ উদ্যানৰ পৰা ৰাজভবনলৈকে ওলোৱা পদযাত্ৰাত অংশগ্ৰহণ কৰে।
এই পদযাত্ৰা কাৰ্য্যসূচীৰ উদ্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই সংবাদ মাধ্যমৰ সন্মুখত কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিধেয়কখন গৃহীত হ’লে ই অসম চুক্তিক উলংঘা কৰাই নহয়, ইয়াৰ ফলত অসমৰ জনসংখ্যা অভূতপূৰ্বভাৱে বৃদ্ধি পাব আৰু অসম চুক্তিৰ অনুচ্ছেদসমূহো ক্ষতিগ্ৰস্ত হ’ব।
তাৎপৰ্য্যপূৰ্ণভাবে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত অসম চৰকাৰে কোনো স্থিতি প্ৰকাশ নকৰাক লৈ তেওঁ কয়, ‘অসম চৰকাৰে এটা কাৰণেই স্থিতি স্পষ্ট কৰিব পৰা নাই যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে গৃহীত কৰিম বুলি ইতিমধ্যেই মত প্ৰকাশ কৰিছে। কিন্তু এই বিধেয়ক কোনো কাৰণতে আমি গৃহীত হ’ব দিব নোৱাৰো।‘
আনহাতে, উদ্বোধনী ভাষণত মহন্তই কয় যে যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এই বিধেয়কখন গ্ৰহণ কৰাৰ পক্ষত থাকিব তেতিয়ালৈকে অসমৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহি থাকিব। লগতে তেওঁ কয়, ‘মেঘালয় চৰকাৰৰ পৰা আদৰ্শ লোৱা উচিত অসম চৰকাৰে।‘
লক্ষণীয়ভাবে প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে একেটা সুৰতে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই মুখ্যমন্ত্ৰীক উদ্দেশ্যি সাংবাদিকৰ আগত কয়, ‘মেঘালয়ৰ মুখ্য মন্ত্ৰীৰ দৰে আপুনিও এক উদাহৰণৰ সৃষ্টি কৰক।‘
তাৎপৰ্য্যপূৰ্ণভাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰৰ কথা মানি চলাৰ অভিযোগ তুলি চেতিয়াই কয়, ‘নৰেন্দ্ৰ মোদী-অমিত শ্বাহে আপোনাক প্ৰতিষ্ঠিত কৰিব নোৱাৰে, আপোনাক প্ৰতিষ্ঠিত কৰিব অসমৰ ৰাইজে।‘
‘আপুনি এটা সময়ত যিদৰে জাতীয় নায়কৰ সন্মান পাইছিল’ বুলি সোঁৱৰাই দি চেতিয়াই কয়, ‘এতিয়াও কনৰাড চাংমাৰ নিচিনা সিদ্ধান্ত লওঁক, তেতিয়া আপোনাক পুনৰ জাতীয় নায়ক হিচাপে আদৰি ল’ব।‘
অসম আন্দোলন সংগ্ৰামী মঞ্চৰ উদ্যোগত ৰাজভৱনলৈকে ওলোৱা এই পদযাত্ৰা কাৰ্য্যসূচীত সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদ, নাগৰিক মঞ্চৰ হৈ কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালী আৰু মনজিৎ মহন্ত, সদৌ অসম চাহ জনগোষ্ঠীয় ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী উন্নয়ন পৰিষদ, অসম জাতীয়তাবাদী যুৱমঞ্চ, আন্তৰ্জাতিক মানৱ অধিকাৰ সংস্থা, অসমকে ধৰি অন্যান্য দল-সংগঠনেও অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে পদযাত্ৰা কাৰ্য্যসূচীৰ অন্তত মঞ্চৰ নেতৃবৰ্গই ৰাজ্যপালক সাক্ষাৎ কৰি অসম চুক্তিৰ আধাৰত বিদেশী চিনাক্তকৰণ হ’ব লাগিব বুলিও মঞ্চই দাবী জনোৱাৰ লগতে স্মাৰক পত্ৰও প্ৰদান কৰে।