ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে বৃহৎ পৰিমাণত গছ কটা কাৰ্যক মানুহ হত্যাতকৈও গুৰুতৰ অপৰাধ বুলি কঠোৰ মন্তব্য প্ৰকাশ কৰিছে। পৰিৱেশ আইন উলংঘাৰ এক গোচৰৰ শুনানী গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে আগ্ৰাৰ তাজ ট্ৰেপেজিয়াম জ’নত ৪৫৪জোপা গছ অবৈধভাৱে কটাৰ অপৰাধত শিৱ শংকৰ আগৰৱাল নামৰ এজন ব্যক্তিক প্ৰতিজোপা গছৰ বাবে ১ লাখ টকাকৈ জৰিমানা বিহিছে।
বিচাৰপতি অভয় এছ ওকা আৰু উজ্জ্বল ভূঁঞাৰ বিচাৰপীঠে কয় যে পৰিৱেশ সংক্ৰান্তীয় গোচৰত কোনো দয়া দেখুওৱা উচিত নহয়। এনে কাৰ্য মানুহৰ জীৱন নিয়াতকৈও ভয়ংকৰ।
আদালতৰ মতে, এই ৪৫৪জোপা গছ পুনৰ গছ হৈ উঠিবলৈ ১০০ বছৰ সময় লাগিব বুলি মতপ্ৰকাশ কৰে। কেন্দ্ৰীয় ক্ষমতাপ্ৰাপ্ত কমিটিৰ (CEC) পৰামৰ্শ মানি অভিযুক্তক জৰিমানাৰ লগতে নিৰ্দিষ্ট স্থানত নতুন গছ ৰোপণৰ নিৰ্দেশ প্ৰাদান কৰিছে।
অভিযুক্তৰ হৈ জ্যেষ্ঠ আইনজীৱী মুকুল ৰোহতগীয়ে দোষ স্বীকাৰ কৰি জৰিমানাৰ পৰিমাণ হ্ৰাসৰ আৱেদন জনাইছিল যদিও আদালতে অবেদন নাকচ কৰে। ইয়াৰ উপৰিও, ২০১৯ৰ এটা আদেশ পুনৰীক্ষণ কৰি তাজ ট্ৰেপেজিয়াম জ’নত গছ কটাৰ পূৰ্বে অনুমতি লোৱাৰ নিয়ম পুনৰ বলৱৎ কৰাৰ সিদ্ধান্ত লয়। আদালতে জানআইছে যে, এই নিৰ্দেশ পালন নোহোৱালৈকে অভিযুক্তৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ স্থগিত থাকিব বুলি উল্লেখ কৰিছে ন্যায়ালয়ে।