• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ্ৰোকৰ মতে দেশৰ এক নং ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা : এলন মাস্কৰ বিৰুদ্ধে গোচৰ তৰিবলৈ সাহস হ’বনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2025 9:47 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত এতিয়া অঘোষিত জৰুৰকালীন অৱস্থা চলিছে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক অধিকাৰ ভৰিৰে মোহাৰি সাংবাদিক-সাংসদকে ধৰি সকলোকে আৰক্ষীৰ দ্বাৰা নিৰ্যাতন চলাইছে৷ এই নিৰ্যাতন বন্ধ কৰিবৰ বাবে কংগ্ৰেছ দলে জনতাৰ ওচৰলৈ সংগ্ৰাম কঢ়িয়াই লৈ যাব৷ আজি নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সম্পাদক মনোজ চৌহানে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেলত এইদৰে কয়৷ কংগ্ৰেছ নেতা চৌহানে কয় যে হিমন্ত বিশ্ব শৰ্মাই সকলো পক্ষৰ ওপৰত এতিয়া হেঁচা প্ৰয়োগ কৰা আৰম্ভ কৰিছে৷ ক্ষমতাৰ ৰাগীত মুখ্যমন্ত্ৰী জনে মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে৷ তেওঁ যিমানে হেঁচা প্ৰয়োগ কৰিব তাৰ ওলোটা প্ৰতিক্ৰিয়া হ’বই আৰু ২০২৬ চনত অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰ ওফৰাই দিব৷

চৌহানে কয় যে এক্স হেণ্ডলত গ্ৰোক নামৰ এপছটোত ভাৰতৰ আটাইকেইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী কোন বুলি প্ৰশ্ন কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম আহে৷ হিমন্ত বিশ্ব শৰ্মাৰ যদি দম আছে ভাৰতত গ্ৰোক এক্স হেণ্ডল বন্ধ কৰক আৰু এলন মাস্কৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সাহস দেখুওৱাক৷ চৌহানে কয় দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত নিমজ্জিত হিমন্ত বিশ্ব শৰ্মাই গণতান্ত্ৰিক প্ৰক্ৰিয়াবোৰক ভয় কৰে৷ অসম বিধানসভাত বিজেপিৰ এজন বিধায়কে বিৰোধিৰ বিধায়কক আক্ৰমণ কৰিবলৈ খেদি যোৱাৰ পিছতো বিজেপিৰ বিধায়কৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল৷ অসমৰ সাংসদ লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈৰ ভাৱমূৰ্তি ম্লান কৰিবৰ বাবে তেওঁৰ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে ভুৱা অপপ্ৰচাৰ চলালে৷ নগাঁৱত সাংসদ ৰকিবুল হুছেইনৰ ওপৰত দিন-দুপৰতে আক্ৰমণ চলিল৷ গোগামুখত কংগ্ৰেছ কৰ্মীৰ ওপৰত নিৰ্যাতন চলিল৷ আৰু এতিয়া ক্ৰছ কাৰেণ্টৰ সাংবাদিক দিলোৱাৰ হুছেইনক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে৷ আইন হাতত তুলি লোৱাটো হিমন্ত বিশ্ব শৰ্মাৰ নীতি হৈ পৰিছে বুলি উল্লেখ কৰি চৌহানে কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশৰ সকলো মুখ্যমন্ত্ৰীৰ ভিতৰত আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি বহু দিন পূৰ্বেই আখ্যা দি থৈছিল৷ আৰু আজি সেই কথা প্ৰমাণিত হৈছে৷

তেওঁ লগতে কয় যে দেশৰ সংবিধান সলনি কৰিবলৈ বিজেপিয়ে ষড়যন্ত্ৰ কৰি লোকসভাত ৪০০ খন আসন লাভ কৰাৰ যি পৰিকল্পনা কৰিছিল সেয়া জনতা নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পিছত সম্ভৱ হৈ নুঠিল আৰু প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ নৰেন্দ্ৰ মোদীয়ে সংবিধান শিৰত ল’বলগীয়া হ’ল৷ কংগ্ৰেছ নেতাজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেলেংকাৰীৰ সকলো তথ্য লৈ ৰাইজৰ ওচৰলৈ লৈ যাব বুলি উল্লেখ কৰি কয় যে অপৰাধৰ তথ্য লুকুৱাবৰ বাবে এইখন চৰকাৰে থানাসমূহত গোচৰ ৰুজু কৰাৰ ক্ষেত্ৰতো বাধ্যবাধকতা সৃষ্টি কৰিছে৷ বহু আৰক্ষী থানাই গোচৰ ৰুজু নকৰাৰ অভিযোগ আছে৷ তৎস্বত্বেও এনচিআৰবিৰ তথ্যত অসমত মহিলাৰ ওপৰত চলা নিৰ্যাতন দেশৰ ভিতৰত অন্যতম বুলি উল্লেখ কৰে৷

দেশৰ আইন শৃংখলাৰ পৰিস্থিতি বেয়া হােৱাৰ বাবে আমেৰিকা-অষ্ট্ৰেলিয়া, কানাডাকে ধৰি ছয়খন বিদেশী ৰাষ্ট্ৰই অসম ভ্ৰমণ সুৰক্ষিত নহয় বুলি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে সদনত তথ্য দাখিল কৰা বুলিও চৌহানে উল্লেখ কৰে৷ সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা আৰু মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মা উপস্থিত থাকে৷      

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd