• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধ্বংসী শাৰ্দুল,পুৰাণ! প্ৰত্যাৱৰ্তনৰ মেচত হায়দৰাবাদক ৫ উইকেটত পৰাস্ত কৰি বিজয়ী লক্ষ্ণৌ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2025 9:33 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আই পি এলৰ প্ৰথমখন মেচত দিল্লী কেপিটেলছৰ হাতত পৰাস্ত হোৱাৰ পিছত সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়। অৱশ্যে কঠিন প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে ঋষভ পন্তৰ দলটোৱে এক আচৰিত প্ৰত্যাৱৰ্তন কৰিলে। খেলখনত চাৰিটা উইকেট দখল কৰি জয়ৰ ভেটি গঢ়ি তোলে শাৰ্দুল ঠাকুৰে। তেওঁৰ দমনীয় বলিঙৰ বাবে হায়দৰাবাদে ৯ উইকেটত ১৯০ ৰান সংগ্ৰহ কৰিয়ে ইনিংছ সামৰে।

পিছত বেটিং কৰিবলৈ নামি নিকোলাছ পুৰাণ আৰু মিচেল মাৰ্ছে সেই ৰানৰ লক্ষ্য অতিক্ৰমৰ কামটো সহজ কৰি তোলে। ২৬টা বলত ৭০ ৰান সংগ্ৰহ কৰি লক্ষ্ণৌক জয়ৰ এখোজ ওচৰ চপাই নিবলৈ সক্ষম হয় পুৰানে। মিচেল মাৰ্ছে ৫২ ৰান সংগ্ৰহ কৰি তেওঁক যোগ্য সংগ দিয়ে। শেষত আব্দুল ছামাদে ৮ টা বলত ২২ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ৫টা উইকেট হেৰুৱাই ১৬.১ অভাৰত লক্ষ্যত উপনীত হয়।

Apply Now

টছত জয়ী হৈ ঋষভ পন্তে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। বলাৰসকলে তেওঁৰ বিশ্বাসক মৰ্যাদা দিছিল। অকলে চাৰিটা উইকেট দখল কৰে শাৰ্দুল ঠাকুৰে। ইয়াৰ ভিতৰত অভিষেক শৰ্মা আৰু ঈশান কিষানৰ উইকেটো আছে। তেওঁ ৪ অভাৰত ৩৪ ৰান দি ৪ টা উইকেট দখল কৰে। তদুপৰি, আই পি এলত ১০০টা উইকেট দখল কৰি অভিলেখ গঢ়িবলৈ সক্ষম হয় শাৰ্দুলে।

আই পি এল কেৰিয়াৰত প্ৰথমটো উইকেট দখল কৰে প্ৰিন্স যাদৱে, তাকো ট্ৰেভিছ হেডক আউট কৰি। হায়দৰাবাদৰ হৈ সৰ্বোচ্চ ৪৭ ৰান সংগ্ৰহ কৰে হেডে। নীতিশ ৰেড্ডীয়ে ৩২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ক্লাচেনে ২৬ ৰান সংগ্ৰহ কৰে। অৱশেষত অনিকেত ভাৰ্মাই ১৩টা বলত ২৬ ৰানৰ আক্ৰমণাত্মক ইনিংছ খেলে। কামিন্সে ৪টা বলত ৩টা ছয় মাৰি ১৮ ৰান সংগ্ৰহ কৰে। হায়দৰাবাদে ৯ উইকেটত ১৯০ ৰান সংগ্ৰহ কৰে।

১৯১ ৰানৰ লক্ষ্য অনুসৰণ কৰি লক্ষ্ণৌৰ বেটছমেনসকলে আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক খেল খেলিছিল। দ্বিতীয় অভাৰত মহম্মদ ছামীয়ে মাৰ্কৰামক ১ ৰাণত  ওভতাই পঠিয়াই আঘাত হানিছিল। কিন্তু তাৰ পিছত লক্ষ্ণৌৱে কেতিয়াও পিছলৈ ঘূৰি চাব লগা নহ’ল। নিকোলাছ পুৰাণ আৰু মিচেল মাৰ্ছে ১১৬ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল। দুয়োগৰাকী বেটছমেনে ৮ অভাৰত দলৰ স্ক’ৰ ১০০ৰ ওপৰলৈ লৈ যায়। পুৰাণ বিধ্বংসী মেজাজত আছিল। এই কেৰিবিয়ান বেটছমেনগৰাকীয়ে ২৬টা বলত ৭০ ৰানৰ ইনিংছ খেলে। তেওঁৰ ইনিংছত ৬টা ছয় আৰু ৬টা চাৰি আছিল।

Doing what he does best 👏 🔝

Shardul Thakur produces a special bowling spell to help #LSG clinch a BIG win and takes home the Player of the Match award 🫡

Updates ▶ https://t.co/X6vyVEvxwz#TATAIPL | #SRHvLSG | @LucknowIPL | @imShard pic.twitter.com/VDtFcq5zlp

— IndianPremierLeague (@IPL) March 27, 2025

মিচেল মাৰ্ছে ৩১টা বলত ৫২ ৰান সংগ্ৰহ কৰে। অৱশ্যে এই মেচতো ঋষভ পন্তে বেটেৰে ব্যৰ্থ হয়। তেওঁ ১৫টা বলত ১৫ ৰান কৰে। শেষত আব্দুল ছামাদে ৮ বলত ২২ ৰানৰ আক্ৰমণাত্মক ইনিংছ খেলি অপৰাজিত হৈ থাকে। লক্ষ্ণৌৱে ৫টা উইকেট হেৰুৱাই ১৬.১ অভাৰত লক্ষ্যত উপনীত হয়। শ্বাৰ্দুল ঠাকুৰক মেন অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd