২৬/১১ৰ মুম্বাই আক্ৰমণৰ অন্যতম মূল অভিযুক্ত তাহাউৰ ৰাণা ভাৰতত উপস্থিত হৈছে। বৃহস্পতিবাৰে সন্ধিয়া এন আই এয়ে জনায় যে ৰাণাক সফলতাৰে ভাৰতলৈ ঘূৰাই অনা হৈছে।
বৃহস্পতিবাৰে ভাৰতীয় চোৰাংচোৱা আৰু তদন্তকাৰীসকলৰ যৌথ দলে তেওঁক আমেৰিকাৰ পৰা বিশেষ বিমানেৰে দিল্লীৰ পালাম বিমানবন্দৰলৈ লৈ আহে। ইতিমধ্যে তাত বুলেটপ্ৰুফ বাহন আৰু সশস্ত্ৰ কমাণ্ডো মোতায়েন কৰা হৈছিল। ইয়াৰ পূৰ্বে ৬৪ বছৰীয়া ৰানাক লছ এঞ্জেলছৰ মেট্ৰ’পলিটান ডিটেনচন চেণ্টাৰত ৰখা হৈছিল।
দীৰ্ঘদিন ধৰি ভাৰতে ২৬/১১ৰ মুম্বাই আক্ৰমণৰ অন্যতম মূল ষড়যন্ত্ৰকাৰীজনক ভাৰতলৈ ঘূৰাই অনাৰ চেষ্টা চলাই আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও চলিত বৰ্ষৰ আৰম্ভণিতে আমেৰিকা ভ্ৰমণৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা বৈঠকত এই বিষয়টো উত্থাপন কৰিছিল।
ট্ৰাম্প প্ৰশাসনে ৰাণাক ভাৰতলৈ ঘূৰাই অনাত কোনো আপত্তি নাই বুলি উল্লেখ কৰিছিল। ইয়াৰ পিছতো তাহাউৰ ৰাণাই তেওঁক ভাৰতলৈ প্ৰত্যাৰ্পণৰ বিৰুদ্ধে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত আবেদন জনায়। কিন্তু যোৱা সপ্তাহত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে তেওঁৰ আবেদন নাকচ কৰিছিল।
পাকিস্তানত জন্মগ্ৰহণ কৰিলেও তাহাউৰ কানাডাৰ নাগৰিক। মুম্বাই আক্ৰমণৰ অন্যতম মূল ষড়যন্ত্ৰকাৰী ডেভি হেডলীৰ ঘনিষ্ঠ বন্ধু। আক্ৰমণৰ পূৰ্বে তাহাউৰে আঠবাৰ ভাৰত ভ্ৰমণ কৰিছিল। অভিযোগ অনুসৰি সেই সময়ছোৱাত তেওঁ হেডলীক ২৩১ বাৰ ফোন কৰিছিল।
খবৰ অনুসৰি দিল্লীত বহুপক্ষীয় তদন্তকাৰী দলে ৰাণাক সোধা-পোছা কৰিব। জানিব পৰা মতে তেওঁৰ জেৰাৰ সময়ত এন আই এৰ বিষয়াৰ লগতে দুটা চোৰাংচোৱা সংস্থাৰ বিষয়া আৰু ক্ৰিমিনোলজিৰ অভিজ্ঞ কেইবাজনো ছাইকোলজিষ্ট উপস্থিত থাকিব।
ইপিনে, ৰাণাক ভাৰতলৈ ঘূৰাই অনাৰ কথা জানিব পাৰি পাকিস্তান শংকাত কঁপিবলৈ আৰম্ভ কৰিছে। পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে খৰখেদাকৈ এক বিবৃতি জাৰি কৰি তেওঁৰ সৈতে সকলো সম্পৰ্ক অস্বীকাৰ কৰে। তেওঁলোকে কয় যে ৰাণাই বিগত দুটা দশক ধৰি কোনো পাকিস্তানী নথি নবীকৰণ কৰা নাই। স্পষ্টভাৱে তেওঁ কানাডাৰ নাগৰিক।
ভাৰতীয় চোৰাংচোৱা সংস্থাৰ এক সূত্ৰই জনোৱা মতে, পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকৃততে শংকিত হৈয়েই ৰাণাৰ সৈতে সম্পৰ্ক অঁতৰাই নিছে। তেওঁলোকে আশংকা কৰিছে যে যদি ৰানাক জেৰা কৰা হয় তেন্তে ২৬/১১ৰ আক্ৰমণত পাকিস্তানৰ ইন্টাৰ চাৰ্ভিচেছ ইন্টেলিজেঞ্চ (আই এছ আই) আৰু পাকিস্তানী সেনাৰ ভূমিকা ফাদিল কৰি দিব পাৰে।