• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন ব্যক্তিৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ; দিল্লীত লিভ-ইন পাৰ্টনাৰক হত্যা মণিপুৰী যুৱকৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 13, 2025 9:07 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বাবে ইটোৰ পিছত সিটোকৈ হত্যাকাণ্ড পোহৰলৈ আহিছে। তাৰমাজতে  লিভ-ইন পাৰ্টনাৰক হত্যাৰ অভিযোগ উত্থাপন হৈছে। মণিপুৰৰ এজন যুৱকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে।

মণিপুৰৰ এগৰাকী যুৱতীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে যুৱকজনৰ বিৰুদ্ধে। যুৱকজনে সন্দেহ কৰে যে তেওঁৰ লিভ-ইন পাৰ্টনাৰৰ আন এজন ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ় লৈ উঠিছে।

দক্ষিণ-পশ্চিম দিল্লীৰ মুনিৰ্কা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। শনিবাৰে আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি ধৃত ব্যক্তিজনৰ নাম জগমিনথাং। ২৮ বছৰীয়া যুৱকজনৰ ঘৰ মণিপুৰৰ সেনাপতি অঞ্চলত। অভিযোগ অনুসৰি তেওঁ নিজৰ লিভ-ইন পাৰ্টনাৰ লোহিং জেনেঙক হত্যা কৰিছে।

২৭ বছৰীয়া যুৱতীগৰাকীৰ ঘৰ মণিপুৰৰ চুৰাচান্দপুৰত। এবছৰৰো অধিক সময় দুয়ো একেলগে আছিল। জগমিনথাঙে সন্দেহ কৰে যে লোহিঙে আন এজন ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল। সেই সন্দেহত লোহিংক মৰিয়াই মৰা বুলি অভিযোগ উঠিছে।

এগৰাকী বিষয়াই জনোৱা মতে, মুনিৰ্কা অঞ্চলৰ ক্ৰান্তি চ’কৰ সমীপৰ এটা ঔষধৰ দোকানৰ সন্মুখত থকা বাসগৃহত এগৰাকী যুৱতীৰ মৃতদেহ পৰি থকা বুলি আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষত ফোন আহিছিল। যুৱতীগৰাকীৰ শৰীৰত আঘাতৰ চিন আছিল।

যোৱা ৮ তাৰিখে সেই বাসগৃহৰ ষষ্ঠ মহলাৰ এটা কোঠাৰ পৰা মৃতদেহটো উদ্ধাৰ কৰা হয়। এবছৰৰো অধিক কাল জগমিনথাঙে লোহিঙৰ লগত তাতেই বসবাস কৰি আছিল৷ আৰক্ষীয়ে জানিব পাৰিছে যে সোমবাৰে নিশা দুয়োজনে পাৰ্টিৰ ব্যৱস্থা কৰিছিল। তাত মণিপুৰৰ পৰা আৰু তিনিজন লোক আছিল।

আৰক্ষীয়ে জনোৱা মতে, মৃতদেহ উদ্ধাৰৰ পিছতে তদন্ত আৰম্ভ হয়। পাৰ্টিত উপস্থিত থকা লোকক সোধা-পোছা কৰাৰ পিছত আৰক্ষীয়ে জানিব পাৰে যে পাৰ্টিৰ সময়ত জগমিনথাঙে লোহিংক ভাবুকি দিছিল। ইয়াৰ দুদিন পূৰ্বে তেওঁ লোহিংক শাৰীৰিক নিৰ্যাতন চলাইছিল বুলিও অভিযোগ উঠিছে।

দক্ষিণ পশ্চিম দিল্লীৰ উপ-আৰক্ষী আয়ুক্ত সুৰেন্দ্ৰ চৌধৰীয়ে কয় যে ইয়াৰ পিছতে জগমিনথাঙক সোধা-পোছা কৰা হয়। তেওঁ প্ৰথমে আৰক্ষীক ভুৱা তথ্য দিছিল। কিন্তু পিছত যুৱকজনে নিজৰ অপৰাধ স্বীকাৰ কৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am
দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd