সংবিধান প্ৰৱৰ্তনৰ ৭৫ বছৰত ভাৰতৰ ফেডাৰেল ব্যৱস্থাত এক নতুন দৃষ্টান্ত গঢ় লৈ উঠিছে। ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ অবিহনে তামিলনাডু বিধানসভাই গৃহীত কৰা ১০খন বিধেয়ক শনিবাৰে গেজেট অধিসূচনাৰ জৰিয়তে পোনপটীয়াকৈ আইনত পৰিণত হ’ল!
উচ্চতম ন্যায়ালয়ৰ এক ৰায়দানে ৰাজ্য-ৰাজ্যপালৰ সংঘাতৰ ইতিহাস আৰু বিধেয়কখনক লৈ সৃষ্টি হোৱা উত্তেজনা সলনি কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে।
যোৱা ৮ এপ্ৰিলত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু আৰ মহাদেৱানৰ বিচাৰপীঠে কৈছিল যে যদি বিধানসভাত গৃহীত কোনো বিধেয়ক ৰাজ্যপাললৈ প্ৰেৰণ কৰা হয়, তেন্তে দীৰ্ঘদিন পেলাই ৰখাৰ কোনো স্থান নাই, তেওঁ এমাহৰ ভিতৰত নিজৰ মতামত প্ৰকাশ কৰিব লাগিব।
যদি কোনো বিধেয়ক ৰাজ্যপালৰ দ্বাৰা এবাৰ উভতাই পঠোৱাৰ পিছত পুনৰ বিধানসভাত গৃহীত হয়, আৰু তাৰ পিছত ৰাজ্যপালৰ ওচৰলৈ আহে, তেন্তে তেওঁ সেই বিধেয়কত সন্মতি দিবলৈ বাধ্য। ৰাষ্ট্ৰপতিৰ মতামতৰ বাবেও ৰাজ্যপালে দ্বিতীয়বাৰৰ বাবে অহা বিধেয়কখন প্ৰেৰণ কৰিব নোৱাৰে।
সংবিধানৰ ২০০ অনুচ্ছেদৰ ব্যাখ্যা কৰি উচ্চতম ন্যায়ালয়ে সোঁৱৰাই দিয়ে যে যদি ৰাজ্যপালে নিৰ্দিষ্ট সময়ৰ ভিতৰত নিজৰ মতামত প্ৰকাশ নকৰে তেন্তে বিধেয়কখনৰ প্ৰতি তেওঁৰ সন্মতি দিয়া বুলি গণ্য কৰা হ’ব।
সংবিধানৰ ১৪২ নং অনুচ্ছেদৰ অধীনত প্ৰদান কৰা ক্ষমতাৰ অধীনত এই উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ বলতে ইতিহাস ৰচনা হ’ল আৰু সেই কৃতিত্বৰ অধিকাৰী তামিলনাডুৰ শাসকীয় ডি এম কে। এম কে ষ্টেলিনৰ নেতৃত্বত তামিলনাডু চৰকাৰে দাখিল কৰা উচ্চতম ন্যায়ালয়ৰ গোচৰত ডি এম কেৰ সাংসদ পি উইলছনে যুক্তি আগবঢ়াইছিল যে ৰাজ্যপালে দীৰ্ঘদিন ধৰি বিধেয়ক পেলাই ৰাখিছে। উৎফুল্লিত উইলছনে কয়, “ৰাজ্যপাল, ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ অবিহনে এই প্ৰথমবাৰৰ বাবে ভাৰতৰ কোনো বিধায়িনী দলে গৃহীত কৰা বিধেয়ক আইনত পৰিণত হ’ল। নতুন ইতিহাস লিখা হ’ল।”
আইন প্ৰণয়নৰ ফলত দহখন বিধেয়কৰ ভিতৰত ৯খন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সৈতে জড়িত। নতুন আইনখনৰ জৰিয়তে ৰাজ্য চৰকাৰক ৰাজ্যিক বিশ্ববিদ্যালয়সমূহত উপাচাৰ্য নিযুক্তি দিয়াৰ সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। ৰাজ্যপাল এতিয়া বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ নহয়।
তামিলনাডু চৰকাৰৰ ৰাজ্যপাল আৰ এন ৰৱিৰ সৈতে দীৰ্ঘদিনীয়া সংঘাত চলিছিল। এই বিধেয়কসমূহক লৈ কেইবাবছৰ ধৰি উত্তেজনা চলি আছিল। দৰাচলতে পাঁচ বছৰ পূৰ্বে বিধানসভাত এখন বিধেয়ক গৃহীত হৈছিল।
আন আন বিধেয়কসমূহ ২০২২, ২০২৩ চনৰ। ৰাজ্যপাল ৰবিয়ে বিধেয়কসমূহ দীৰ্ঘদিন ধৰি পেলাই ৰখাৰ পিছত পুনৰ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰে। পুনৰ বিধানসভাই গৃহীত কৰাৰ পিছত বিধেয়কসমূহ ৰাজ্যপাললৈ প্ৰেৰণ কৰা হয়। পুনৰ তেওঁ বিলবোৰ পেলাই ৰাখে।
তামিলনাডু চৰকাৰে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰে। উচ্চতম ন্যায়ালয়ে জনায় যে বিধেয়কসমূহ দ্বিতীয়বাৰৰ বাবে ৰাজ্যপালৰ ওচৰলৈ অহাৰ ১৮ নৱেম্বৰৰ দিনটোকে তেওঁৰ সন্মতি লাভ কৰা বুলি গণ্য কৰা হ’ব। বিধানসভাই দ্বিতীয়বাৰৰ বাবে গৃহীত কৰা বিধেয়কখন বিবেচনা কৰাৰ অধিকাৰেই নাই, কিয়নো ৰাজ্যপালৰ বিধেয়কখন ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা বা তেওঁৰ মতামত পোৱা বা নোপোৱাটো অৰ্থহীন।