• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আজি বৰেণ্য অসমীয়া ড° হীৰেন গোহাঁইৰ ওপজা দিন; থোৰতে কৃতবিদ্য অসমীয়াজনৰ বিষয়ে জানো আহক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 14, 2025 12:11 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যেতিয়া স্বদেশ আৰু স্বজাতিৰ অস্তিত্বৰ ওপৰত প্ৰশ্নচিহ্নৰ অৱতাৰণা কৰা হয় তেতিয়া জাতিক বাট দেখুৱাই কিছু এনে ব্যক্তিবিশেষে যাৰ অকৃত্ৰিম জাতিপ্ৰেমে সদায় জাতিটোক মহীয়ান কৰি ৰাখে৷তেনে এজন মহীৰূহ অসমীয়া,সাহিত্য-সংস্কৃতিৰ একনিষ্ঠ সেৱকেই হ’ল  ড° হীৰেন গোহাঁই৷

নিজৰ শৈক্ষিক জীৱনকালত ড° গোহাঁইৰ শৈক্ষিক প্ৰাপ্তিসমূহ আছিল অতুলনীয়৷

Apply Now

১৯৫৫ চনত তেওঁ গুৱাহাটীৰ কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছিল৷ পৰৱৰ্তী সময়ত ড° গোহাঁয়ে ১৯৫৭ চনত কটন কলেজৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি আই-এ পৰীক্ষাত উত্তীৰ্ণ হয়।তাৰ পাছত ড° হীৰেন গোহাঁই-এ কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা ইংৰাজী সাহিত্যক সন্মান বিষয় হিচাপে লৈ দ্বিতীয় শ্ৰেণীৰ স্নাতক সন্মান লাভ কৰে।তদুপৰি তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত প্ৰথম স্থান লৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷এইসমূহ শৈক্ষিক প্ৰাপ্তিৰ মাজতে ড° গোহাঁই-এ ১৯৬১ চনত  ক্ৰিষ্টফাৰ মৰিছৰ তত্ত্বাৱধানত ইংলেণ্ডৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি উপাধি লাভ কৰিবলৈ সক্ষম হয়। ড° হীৰেন গোহাঁইৰ গৱেষণাৰ বিষয় আছিল ইংৰাজ কবি জন মিল্টনৰ ওপৰত আধাৰিত৷বিষয়বস্তু আছিল-প্যাৰাডাইজ লষ্ট এণ্ড দ্য চেভেনটিন্থ চেঞ্চুৰী ক্ৰাইছিছ’ পাছত এই গৱেষণাপত্ৰখনেই ‘ট্ৰেডিচন এণ্ড পেৰাডাইজ লষ্ট: এ হেৰেটিকেল ভিউ’ নামেৰে প্ৰকাশ পায়৷

আজিও এইখন বিশ্ববিশ্ৰুত কেমব্ৰিজ বিশ্ববিদ্যালয়ে ওপজা দিনটোত নিজৰ ছাত্ৰ ড° হীৰেন গোহাঁইক  শুভেচ্ছা জ্ঞাপন কৰে৷ইয়াৰ পৰাই জানিব পাৰি ইংলেণ্ডৰ শৈক্ষিক সমাজত বৰ্তমানো বিদ্যমান ড° হীৰেন গোহাঁইৰ প্ৰাসংগিকতা৷

অসম তথা ভাৰতত ড° হীৰেন গোহাঁইৰ পৰিচয় বহু ধৰণে প্ৰদান কৰা হয়৷ড° গোহাঁই-এ স্নাতকোত্তৰ ডিগ্ৰী সমাপ্ত হোৱাৰ পাছত কিছু সময়ৰ বাবে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ কিৰোৰীমল কলেজত অধ্যাপনা কৰিছিল৷সেই সময়তে ভাৰতৰ বহু প্ৰখ্যাত অধ্যাপকৰ সংস্পৰ্শ লাভ কৰি গোহাঁইৰ মনত থকা সমাজবাদী চিন্তাই নৱতম গতি লাভ কৰিছিল৷পৰৱৰ্তীসময়ত ইংলেণ্ডলৈ যোৱাৰ পাছত বিংশ শতিকাৰ শ্ৰেষ্ঠ কবি-সাহিত্যিকসকলৰ প্ৰভাৱত ড° হীৰেন গোহাঁই নামৰ মুকুতা আৰু অধিক প্ৰোজ্জ্বল হৈ উঠিছিল৷ পঞ্চাশ বছৰত ড° গোহাঁই অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এগৰাকী প্ৰতিষ্ঠিত সমলোচক। ড° গোহাঁইৰ কঠোৰ সমালোচনাই অসমৰ সাহিত্য, ৰাজনীতি, সমাজনীতি আৰু সাংস্কৃতিক দিশলৈ নতুন গতিধাৰা আৰু চেতনাবোৰো সঞ্চাৰ কৰিছে। বৰ্তমানৰ প্ৰতিটো সামাজিক দিশতে ড° গোহাঁই-এ এগৰাকী পুৰোধাৰ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু প্ৰকৃত গণতান্ত্ৰিক মূল্যবোধক মূল্য দিয়া এগৰাকী প্ৰকৃত গণতান্ত্ৰিক ব্যক্তিৰূপেও অসমৰ সমাজ জীৱনত সমাদৃত হৈছে।এজন সংখ্যাগুৰু সম্প্ৰদায়ৰ ব্যক্তি হৈয়ো সমগ্ৰ নিজৰ জীৱন সংখ্যালঘু সকলৰ সমতাৰ বাবে সংগ্ৰাম কৰা ড° হীৰেন গোহাঁই এজন মানৱ অধিকাৰ কৰ্মীও৷

ভাৰতৰ কলকতা আৰু দিল্লীৰ বৌদ্ধিক সমাজখনত থকা প্ৰগতিশীল ব্যক্তিসকলৰ বাবে ড° হীৰেন গোহাঁই উত্তৰ-পূব অঞ্চলৰ পৰা শক্তিশালীভাৱে দেশৰ ইচ্ছ্যুসমূহত সমালোচনাত্মক হৈ পৰা এজন প্ৰথম শ্ৰেণীৰ বুদ্ধিজীৱি৷এতিয়াও দিল্লীলৈ গ’লে নিজে পঢ়া ৰামজছ কলেজৰ সন্মুখলৈ গৈ স্মৃতি সোঁৱৰে ড° হীৰেন গোহাঁই-এ৷

প্ৰায় তিনিকুৰিতকৈ অধিক গ্ৰন্থ ৰচনা কৰা ড° হীৰেণ গোহাঁইৰ সাহিত্যকৃতিও অনুপম৷শ্ৰীমন্ত শংকৰদেৱৰ পৰা কলাগুৰু ৰাভালৈ সকলোৰে এক বিস্তৃত বিৱৰণ ড° গোহাঁই-এ ৰচনা কৰা বহু গ্ৰন্থৰ দ্বাৰা পাব পাৰি৷ড° হীৰেন গোহাঁইৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম- বতাহত ক’ৰ গধূলিগোপাল৷

ড° হীৰেন গোহাঁইৰ সাহিত্যিক প্ৰতিচ্ছবিখন ইমানেই বৃহৎ যে বৌদ্ধিক সমাজত এইবুলিও ড° গোহাঁইৰ বিষয়ে চৰ্চা হয় ভাৰতৰ এগৰাকী সাহিত্যিকে ড° গোহাঁই-এ লিখি দিয়া টোকাৰ বাবে লাভ কৰিছিল জ্ঞানপীঠ বটাঁ৷গোহাঁই-এ এইটো কথাও স্পষ্ট কৰিও দিছে যে সাহিত্যক গৰাকীৰ সেয়া আছিল প্ৰাপ্য৷আৰু জ্ঞানপীঠ লাভ কৰাটোও আছিল ব্যক্তিগত কৃতিত্ব৷তথাপিও ড° গোহাঁইৰ কলমৰ মৰ্যাদা ৰাখিছিল জ্ঞানপীঠ পেনেলে৷

শেহতীয়াকৈ আমি দেখিবলৈ পাওঁ বহু ফুলকুমলীয়া অল্পশিক্ষিতই ড° হীৰেন গোহাঁইৰ সত্তাক চিনিব আৰু বুজিব নোৱাৰি নিজেই হাঁহিয়াতৰ পাত্ৰ হৈছে৷বহু ৰাজনীতিবিদে কৰে বিভিন্ন কটূ মন্তব্য কিন্তু ড° গোহাঁই আজিও অলৰ-অচৰ৷নিৰলসভাৱে কৰি গৈছে বৌদ্ধিক সাধনা৷আজিও জাতিৰ প্ৰগতিশীল মহলটোৱে লয় ড° গোহাঁইৰ মাৰ্গদৰ্শন৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd