ৰাস্তাত যানজঁটত আবদ্ধ হৈ থাকিলে শ শ গাড়ীয়ে একেলগে হৰ্ণ বজায় আৰু কাণ -মূৰ গৰম হৈ উঠে। কম বেছি পৰিমাণে প্ৰতিজন ভাৰতীয়ই এই বেদনাদায়ক অভিজ্ঞতাৰ সাক্ষী হৈছে। কিন্তু হৰ্ণৰ এই প্ৰচণ্ড শব্দ হয়তো আৰু বেছি দিন শুনিব নালাগিব। কাৰণ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছে যে এতিয়াৰ পৰা গাড়ীৰ হৰ্ণত বিভিন্ন ভাৰতীয় বাদ্যযন্ত্ৰৰ সুৰ বজোৱাটো বাধ্যতামূলক হ’ব। এই সন্দৰ্ভত কেন্দ্ৰই নতুন আইন অনাৰো পৰিকল্পনা কৰিছে বুলিও তেওঁ কয়।
সোমবাৰে এক অনুষ্ঠানত ভাষণ দি গাডকাৰীয়ে কয় যে আমি বিচাৰো যে ৰাস্তাত গাড়ীৰ হৰ্ণৰ বিকট শব্দৰ সলনি বাঁহী, চেহনাই, তবলা, ভায়লিন, হাৰমনিয়াম আদি বিভিন্ন ভাৰতীয় বাদ্যযন্ত্ৰৰ সুৰ ব্যৱহাৰ কৰা হওক।
কোৱা বাহুল্য যে এই পদক্ষেপৰ মূল লক্ষ্য হৈছে পথৰ শব্দ প্ৰদূষণ হ্ৰাস কৰা। বাহনৰ হৰ্ণৰ পৰা নিৰ্গত হোৱা তীব্ৰ শব্দ কেৱল অস্বস্তিকৰ হোৱাই নহয়, ই মানুহৰ স্বাস্থ্যতো প্ৰভাৱ পেলায়। এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীৰ মতে ভাৰতীয় বাদ্যযন্ত্ৰৰ সুৰ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যাব।
গডকাৰীয়ে লগতে কয় যে দেশৰ মুঠ বায়ু প্ৰদূষণৰ ৪০% ৰ বাবে ভাৰতৰ পৰিবহণ খণ্ডই দায়ী। সেইবাবেই মোডী চৰকাৰে পৰিবহণত সেউজ আৰু জৈৱ ইন্ধনৰ ব্যৱহাৰক উৎসাহিত কৰিছে। কেন্দ্ৰই বিশেষকৈ মিথানল আৰু ইথানল ভিত্তিক ইন্ধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
ভাৰতৰ অটোমোবাইল উদ্যোগক লৈও আশাবাদী মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে ২০১৪ চনত ভাৰতৰ অটোমোবাইল উদ্যোগৰ মূল্য ১৪ লাখ কোটি টকা আছিল যদিও আজি ই ২২ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। গাডকাৰিয়ে আৰু কয় যে আজি আমি জাপানক অতিক্ৰম কৰি বিশ্বৰ তৃতীয় বৃহত্তম অটোম’বাইল বজাৰ হিচাপে পৰিগণিত হৈছো। এতিয়া আমাৰ আগত কেৱল আমেৰিকা আৰু চীনহে আছে।
কিন্তু হৰ্ণৰ সলনি সংগীত ব্যৱহাৰ কাৰ্যকৰী হ’লে ভাৰতীয় পথত শব্দ প্ৰদূষণ হ্ৰাস পোৱাই নহয়, পথৰ অভিজ্ঞতাও অধিক শান্তিপূৰ্ণ হ’ব।
উল্লেখ্য যে যদি এই আইন কাৰ্যকৰী হয় তেন্তে গাড়ীৰ পিছফালে থকা “হৰ্ণ প্লিজ” শব্দটোৰ সলনি থাকিব “মিউজিক প্লিজ!”