জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হৈছে ২৮ গৰাকী পৰ্যটক। পুলৱামা আক্ৰমণৰ পিছত ভাৰতত এইটোৱেই আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ বুলি অনুমান কৰা হৈছে। সমগ্ৰ বিশ্বই এই ঘটনাক গৰিহণা দিছে।
ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ফোন কৰিছে। তেওঁ কয় যে আমেৰিকাই এই ক্ষেত্ৰত ভাৰতক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ সাজু।
এই ঘটনাত ২৮ জন লোকৰ মৃত্যুৰ উপৰি প্ৰায় ২০ জন লোক আহত হয়। কৰ্ণাটক, গুজৰাট, তামিলনাডু, পশ্চিম বংগ আৰু ওড়িশাৰ বহু পৰ্যটক এই আক্ৰমণৰ বলি হৈছে।
একাংশ পৰ্যটকে কয় যে উগ্ৰপন্থীয়ে সামৰিক পোছাক পৰিধান কৰি আহি তেওঁলোকৰ পৰিচয় বিচাৰিছিল। মুছলমান নহয় বুলি জানিব পাৰি গুলীয়াই হত্যা কৰা কৰিছিল এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে ই সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰে।
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ইতিমধ্যে জনাইছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নৰেন্দ্ৰ মোডীক ফোন কৰিছে। ট্ৰাম্প ভাৰতৰ পক্ষত আছে। জম্মু-কাশ্মীৰৰ এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে ট্ৰাম্পে।
লগতে ট্ৰাম্পে কয় যে যিকোনো ধৰণৰ সহায়ৰ বাবে আমেৰিকাই ভাৰতৰ কাষত থিয় দিব। ট্ৰাম্পৰ বাৰ্তা হৈছে যে সন্ত্ৰাসবাদী আক্ৰমণৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাই একেলগে যুঁজিব।
উল্লেখ্য যে বৰ্তমান চৌদি আৰৱ ভ্ৰমণত আছে নৰেন্দ্ৰ মোডী। অৱশ্যে কাশ্মীৰৰ ঘটনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণৰ সময় কৰ্তন কৰি বুধবাৰে দেশলৈ উভতি আহিব। উল্লেখ্য যে চৌদি আৰৱত আয়োজন কৰা আনুষ্ঠানিক ৰাতিৰ আহাৰত তেওঁ অংশগ্ৰহণ কৰা নাছিল। তেওঁৰ ভ্ৰমণৰ সময়ত চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানৰ সৈতে সাক্ষাৎ কৰাৰ কথা আছিল যদিও সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে বাতিল কৰা হয়।
অৱশ্যে কেৱল আমেৰিকাই নহয়, ৰাছিয়াৰ পৰা আৰম্ভ কৰি চৌদি আৰব, ইটালী, ইজৰাইল, ইৰাণ, শ্ৰীলংকা আদি সকলো দেশে এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে। তেওঁলোকৰ মূল কথা হ’ল সন্ত্ৰাসবাদী আক্ৰমণৰ দৰে ঘটনা কোনো কাৰণতে সহ্য কৰিব নোৱাৰি।