কালি কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে নিৰীহ পৰ্যটক আৰু নাগৰিকৰ ওপৰত চলোৱা নৃশংস আৰু বৰ্বৰ আক্ৰমণৰ ঘটনাই সমগ্ৰ বিশ্বক স্তম্ভিত কৰিছে। কি ৰোমহৰ্ষত এই ঘটনা? ইতিমধ্যে এই ঘটনাত ২৬গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু আন ভালেমান লোক আহত হোৱা বুলি জানিব পৰা গৈছে। তাৰ ভালেমানৰ জখম অতি গুৰুতৰ ধৰণৰ। আৰু বা কিমান লোক হতাহত হৈছে?
সেই খবৰ আমি এতিয়াও পোৱা নাই। সমাজৰ সকলো স্তৰৰ লোকে এনে ঘৃণনীয় কাৰ্য্যৰ তীব্ৰ নিন্দা কৰিছে। নিন্দা কৰা উচিতো। নিন্দা ঠিকেই আছে। কিন্তু কি কৰি এনে ঘটনা আমি বন্ধ কৰিব পাৰিম? গাজাত দিন-নিশাই ইজৰাইলে কি কৰি আছে আমি দেখিছোঁ। পৃথিৱীখন ক’লৈ গৈ আছে?
এই সন্ত্ৰাসবাদী সকলৰ মূল পৃষ্ঠপোষক সকলৰ উদ্দেশ্য অতি স্পষ্ট। তেওঁলোকে কাশ্মীৰ উপত্যকালৈ স্বাভাৱিক পৰিস্থিতি ঘূৰি অহাটো কেতিয়াও নিবিচাৰে। তেওঁলোকে বিচাৰে কাশ্মীৰ সদায় অশান্ত হৈ থাকক। কিন্তু কোন এই সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকসকল? এওঁলোক কেৱল সীমাৰ সিপাৰৰ লোক নে তেওঁলোকৰ লগত আন শক্তিও জড়িত হৈ আছে? সেয়ে, ঘটনাৰ সবিশেষ তদন্তৰ প্ৰয়োজন। তদন্তৰ যোগেদি তেওঁলোকক বিচাৰি উলিয়াই উচিত শাস্তি বিহিব লাগিব।
এইখিনিতে প্ৰশ্ন হয়, সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত কাশ্মীৰ উপত্যকালৈ স্বাভাৱিক অৱস্থা ঘূৰি অহা বুলি কেন্দ্ৰৰ বিজেপি চৰকাৰে যে ইমান দিন দাবী কৰি আছিল তাৰ এতিয়া কি হ’ব? কিয় এটাৰ পিছত এটাকৈ কাশ্মীৰ উপত্যকাত এতিয়াও এনে বৰ্বৰ সন্ত্ৰাসবাদী ঘটনা সংঘটিত হৈ আছে?
আমি যদি কাশ্মীৰত ঘটা হিংসাত্মক আৰু সন্ত্ৰাষবাদী কাৰ্যকলাপৰ পৰিসংখ্যা লওঁ, গম পাম যে ২০১৪ত বিজেপি চৰকাৰ অহাৰ আগতে কাশ্মীৰত যি হাৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলি আছিল এতিয়া ঠিক সেই একে হাৰত তাত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলি আছে। ইয়াৰ অৰ্থ এইটোৱেই যে কেন্দ্ৰীয় চৰকাৰে অশান্তি-জৰ্জৰ অঞ্চলটোত সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত এতিয়ালৈকে হাতত লোৱা ব্যৱস্থাসমূহে আশানুৰূপ ফল দিয়া নাই।
কাশ্মীৰতো কাশ্মীৰেই কিন্তু মণিপুৰত কি হৈ আছে? গতিকে সন্ত্ৰাসবাদী সকলক ধিক্কাৰ দিয়াৰ লগে লগে আমি কেন্দ্ৰীয় চৰকাৰৰ বিশেষকৈ গৃহ বিভাগৰ ব্যৰ্থতাকো ইয়াৰ বাবে জগৰীয়া কৰিব লাগিব।