পহলগাঁও আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড আদিল আহমেদ থোক্ৰে ছাত্ৰ ভিছাৰ জড়িয়তে ৬ বছৰ ধৰি পাকিস্তানত আছিল। এই সময়ছোৱাত আদিলে লস্কৰ-ই-তৈবা আৰু পাকিস্তান সেনাৰ পৰা প্ৰশিক্ষণ লৈছিল। ২০২৪ চনৰ অক্টোবৰ মাহত, তিনি-চাৰি জন পাকিস্তানী সংগীৰ সৈতে গোপনে সীমান্ত পাৰ হৈ কাশ্মীৰলৈ উভতি আহে। চোৰাংচোৱা সূত্ৰৰ মতে, তেওঁৰ সহযোগীসকলেই পহলগামৰ বৈছাৰন ঘাটত সংঘটিত কৰা এই আক্ৰমণত ২৬ জন লোক নিহত হয়। ঘটনাৰ মূল অভিযুক্ত আদিল সন্ধানহীন, যদিও সেনাই তেওঁৰ ঘৰ ভাঙি দিয়াৰ লগতে তদন্ত তীব্ৰতৰ কৰি তুলিছে।
ইফালে, জম্মু-কাশ্মীৰ আৰক্ষীয়ে আক্ৰমণকাৰীৰ স্কেচ আৰু নাম প্ৰকাশ কৰিছে। সন্দেহযুক্ত লোকসকলৰ ভিতৰত আছে পাকিস্তানী নাগৰিক আলী ভাই ওৰফে তালহা, আছিফ ফৌজী, লগতে অনন্তনাগৰ আদিল হুছেইন থোক্ৰে আৰু পুলৱামাৰ আহছান। গোচৰীয়াসকলৰ মতে, আদিলে পাকিস্তানত থকা অৱস্থাতে কট্টৰ মৌলবাদী সংগঠনসমূহৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিছিল আৰু কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। কাশ্মীৰলৈ উভতাৰ পিছত তেওঁ অত্মগোপন কৰি স্থানীয় চেল সক্ৰিয় কৰা আৰু পাকিস্তানী অনুপ্ৰৱেশকাৰীসকলক সহায় কৰাৰ কামত সক্ৰিয়হৈ পৰিছিল।
চোৰাংচোৱা সূত্ৰ অনুসৰি, পহলগাঁও আক্ৰমণৰ বাবে মিনি ছুইজাৰলেণ্ড ৰূপে পৰিচিত বৈছাৰণ উপত্যকাক নিৰ্বাচন কৰিছিল, যি সময়ত পৰ্যটকসমূহৰ ভিৰ আছিল আৰু নিৰাপত্তা ব্যৱস্থা কিছু শিথিল আছিল। এই গোপন আঁচনিৰ নেতৃত্বত আদিল আৰু তেওঁৰ সংগীয়াই নিৰীহ পর্যটকসকলৰ ওপৰত আক্ৰমণ চলাই ভয়ংকৰ হত্যালীলা সংঘটিত কৰিছিল। এতিয়া সেনাই আদিলক বিচাৰি অভিযান তীব্ৰ কৰিছে আৰু তেওঁৰ মূৰত ২০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে।