• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

পেহেলগাম আক্ৰমণৰ পিছত মোদীলৈ ফোন ইৰাণৰ ৰাষ্ট্ৰপতিৰ : সোঁৱৰাই দিলে শান্তি দূত গান্ধী-নেহৰুৰ কথা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 27, 2025 12:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেহেলগাম কাণ্ডৰ পিছতে যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত। এনে পৰিস্থিতিত শনিবাৰে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পাঝোকিয়ানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে। পাঝোকিয়ানে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে এক্স হেণ্ডেলত লিখিছে, “ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পাঝোকিয়ানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ফোন কৰি জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই একমত যে এনে আক্ৰমণৰ কোনো ন্যায্যতা থাকিব নোৱাৰে। মানৱতাক বিশ্বাস কৰা সকলোৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগিব।”

Apply Now

President Masoud Pezeshkian of Iran @drpezeshkian called PM @narendramodi and strongly condemned the terror attack in the Indian Union Territory of Jammu & Kashmir and conveyed his condolences for the victims.

Both leaders agreed that there could be no justication for such…

— Randhir Jaiswal (@MEAIndia) April 26, 2025

ইয়াৰ পিছত ভাৰতত থকা ইৰাণৰ দূতাবাসেও নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি দুয়োগৰাকী নেতাৰ মাজত হোৱা কথোপকথনৰ কথা ঘোষণা কৰে। গান্ধী আৰু নেহৰুৰ দৰে কিংবদন্তি ভাৰতীয় নেতাৰ কথা উল্লেখ কৰি পাঝোকিয়ানে কয় যে ইৰাণে এনে শান্তি, বন্ধুত্ব আৰু সহাৱস্থানৰ ৰাষ্ট্ৰদূতক অতিশয় সন্মান কৰে। তেওঁ আশা প্ৰকাশ কৰে যে বিশ্বৰ সকলো দেশৰ সৈতে ভাৰতৰ সম্পৰ্কত এই মনোভাৱ অব্যাহত থাকিব।

ইয়াৰ পূর্বে ইৰাণৰ বৈদেশিক মন্ত্রী ছাইদ আব্বাছ আৰাঘচিয়ে এক্স হেণ্ডেলত পেহেলগাম আক্রমণ সন্দর্ভত প’ষ্ট কৰা দেখা গৈছিল৷ তেওঁ লিখিছে, “ভাৰত আৰু পাকিস্তান ইৰাণৰ দুখন চুবুৰীয়া দেশ। তেওঁলোকৰ সৈতে আমাৰ শতিকা পুৰণি সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্ক আছে। আমি তেওঁলোকক আন যিকোনো প্ৰতিবেশীৰ দৰেই মূল্য দিওঁ। এই কঠিন সময়ত তেহৰানে পাৰ্চী কবি সাদিৰ শাৰীক মনত ৰাখি নতুন দিল্লী আৰু ইছলামবাগৰ মাজত বুজাবুজি বৃদ্ধি কৰিবলৈ সাজু।” তাৰ পিছত তেওঁ কবিতাটোৰ কথা উল্লেখ কৰে। তেওঁ লিখিছে, “মানুহ সকলো সমান/ একেটা সত্তা আৰু আত্মাৰ পৰাই সৃষ্টি হৈছে/ যদি এজনে দুখ পায়/ আনজনেও অস্বস্তি অনুভৱ কৰিবলৈ আৰম্ভ কৰে।”

President Masoud Pezeshkian condemned a recent terrorist attack in #Pahalgam, Indian-administered Kashmir, emphasizing the need for regional cooperation to confront terrorism.

In a phone call with India’s Prime Minister Narendra Modi, President Pezeshkian stated that the Islamic… pic.twitter.com/Zm1ArgMKeC

— Iran in India (@Iran_in_India) April 26, 2025

দৰাচলতে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক সম্পৰ্ক কাৰ্যকৰীভাৱে শেষ হৈছে। আক্ৰমণৰ পিছদিনা নতুন দিল্লীয়ে পাকিস্তানৰ সৈতে হোৱা সিন্ধু চুক্তি অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। একে সময়তে আট্টাৰীৰ সীমান্তও বন্ধ কৰা হয়। ভাৰতে পাকিস্তানীৰ প্ৰৱেশতো নিষেধাজ্ঞা আৰোপ কৰে। পাকিস্তানৰ সকলো ভিছা বাতিল কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

June 24, 2026 4:57 pm
কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

June 24, 2026 4:57 pm
আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

আলী খামেনেইৰ শেষকৃত্যলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনালে ইৰানৰ ৰাষ্ট্ৰপতিয়ে

June 24, 2026 4:26 pm
অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

অৰুণাচলত ভয়ংকৰ বান : নিপকো প্ৰকল্পৰ ১৫টাতকৈয়ো অধিক আৱাসিক গৃহ ধ্বংস; এগৰাকী মহিলা নিৰুদ্দেশ

June 24, 2026 2:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

এছিয়াডৰ দলৰ পৰা কিয় বাদ পৰিল মণিকা বাট্ৰা? প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিলে খেলুৱৈগৰাকীয়ে

June 24, 2026 4:57 pm
কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

কলকাতাত খহি পৰিল বৃহৎ গুদাম ঘৰৰ ছাদ! ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহু শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাক তলৱ

June 24, 2026 4:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd