• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ বিখ্যাত লোক কথাবিদ-কবি অনিল বড়োলৈ পদ্মশ্ৰী সন্মান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 29, 2025 8:59 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্রখ্যাত বড়ো কবি তথা লোককথাবিদ অনিল কুমাৰ বড়োক তেওঁৰ বড়ো সাহিত্যলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছে। তেওঁৰ সৃষ্টিশীল কৰ্মই বড়ো সাহিত্যক সমৃদ্ধ কৰি বিশ্বৰ মাজলৈ লৈ গৈছে। ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোককথা গৱেষণা বিভাগৰ মুৰব্বী হিচাপে কৰ্মৰত অধ্যাপকগৰাকীয়ে বড়ো লোককথা আৰু সাহিত্যক বিশ্বমঞ্চত প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ এতিয়ালৈকে কবিতা, সাহিত্য সমালোচনা, উপন্যাস, শিশু সাহিত্য, ভ্ৰমণ কাহিনী আৰু লোককথা অধ্যয়নৰ দৰে বিভিন্ন ধাৰা সামৰি ৩০ খনতকৈও অধিক গ্ৰন্থ প্ৰকাশ কৰিছে।

Apply Now

তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত ফ’ক লিটাৰেচাৰ অৱ দ্য বডোছ: এণ ইনট্ৰডাকচন, হিষ্ট্ৰী অৱ বড়ো লিটাৰেচাৰ, দ্য ফ্লুট এণ্ড দ্য বীনা, ডেলফিনি অনথাই মাউদাই আৰৱ গুহুন ক্ৰুবুন খোন্থাই আদি অন্যতম। এই গ্ৰন্থসমূহে আধুনিক বড়ো সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰিছে।

অন্য ভাষাৰ সাহিত্যৰ অনুবাদৰ জৰিয়তে তেওঁ বড়ো পাঠকসকলক বিশ্ব সাহিত্যৰ সৈতে সংযোগ স্থাপনৰ সুযোগ প্ৰদান কৰিছে। সম্পাদক হিচাপে তেওঁ দ্য বড়ো কোৱাৰ্টাৰলি, জাৰ্নেল অৱ ফ’ক’ৰিষ্টছ, আৰু থুনছালাইৰ দৰে সাহিত্য সংকলন আৰু আলোচনী প্ৰকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কবি আৰু লোককথাবিদৰ উপৰিও অনিল বড়ো এজন প্ৰখ্যাত অনুবাদক, শিক্ষাবিদ আৰু সাহিত্য সমালোচকো।

সাহিত্যৰ বাহিৰেও অধ্যাপক বড়োৱে মাতৃভাষা শিক্ষাৰ প্ৰসাৰ আৰু বড়োলেণ্ডত ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০ ৰূপায়ণৰ বাবে কাম কৰি আহিছে। তেওঁ বড়ো সাহিত্য সভাৰ দৰে সাহিত্যিক সংগঠনত সক্ৰিয় অংশগ্ৰহণৰ লগতে ২০২১ চনৰ পৰা কোকৰাঝাৰ সাহিত্য মহোৎসৱৰ আয়োজনত মুখ্য ভূমিকা পালন কৰিছে।

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনত তেওঁৰ অংশগ্ৰহণে বড়ো সাহিত্য আৰু লোককথাক বিশ্বৰ বিভিন্ন দেশ যেনে গ্ৰীচ, ইটালী, লিথুৱেনিয়া, ডেনমাৰ্ক আৰু চীনৰ শৈক্ষিক মঞ্চত প্ৰতিনিধিত্ব কৰিছে।

তেওঁৰ অৱদানৰ স্বীকৃতি হিচাপে তেওঁক সাহিত্য অকাডেমী বঁটা (২০১২), ৰংছাৰ সাহিত্যপুৰস্কাৰ আৰু সাহিত্য সাধনা বোঠা (২০২৪) ৰ দৰে সন্মানেৰে বিভূষিত কৰা হৈছে। উল্লেখ্য যে বড়ো ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত তালিকাভুক্ত হোৱাৰ লগতে অসমৰ সহযোগী চৰকাৰী ভাষা আৰু দ্বাদশ শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃত।

প্ৰসংগ ক্ৰমে ২০২৫ বৰ্ষৰত ৭ গৰাকীলৈ পদ্ম বিভূষণ, ১৯ গৰাকীলৈ পদ্ম ভূষণ আৰু ১১৩ট গৰাকীলৈ পদ্মশ্ৰী আগঢ়োৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপ খেলিবলৈ আহি চিকাগো বিমানবন্দৰত ৭ ঘণ্টা ধৰি জেৰাৰ সন্মুখীন! কিয় বিতৰ্কত ইৰাকী ষ্ট্ৰাইকাৰ?

বিশ্বকাপ খেলিবলৈ আহি চিকাগো বিমানবন্দৰত ৭ ঘণ্টা ধৰি জেৰাৰ সন্মুখীন! কিয় বিতৰ্কত ইৰাকী ষ্ট্ৰাইকাৰ?

June 7, 2026 12:51 pm
দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

June 7, 2026 11:52 am
ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

June 7, 2026 11:08 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 7, 2026 10:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপ খেলিবলৈ আহি চিকাগো বিমানবন্দৰত ৭ ঘণ্টা ধৰি জেৰাৰ সন্মুখীন! কিয় বিতৰ্কত ইৰাকী ষ্ট্ৰাইকাৰ?

বিশ্বকাপ খেলিবলৈ আহি চিকাগো বিমানবন্দৰত ৭ ঘণ্টা ধৰি জেৰাৰ সন্মুখীন! কিয় বিতৰ্কত ইৰাকী ষ্ট্ৰাইকাৰ?

June 7, 2026 12:51 pm
দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

দুৰ্নীতিত নাকী লগাবলৈ আৰম্ভ জোচেফ বিজয়ৰ; মুখ্যমন্ত্ৰীয়ে জনাই দিলে ‘পাৰ্টি ফাণ্ড’ চিষ্টেম নচলিব

June 7, 2026 11:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd