মেঘালয় উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক অবৈধ কয়লা খননৰ গুৰুত্বপূৰ্ণ বিষয়ৰ তদন্তত বিশদ স্থিতি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ন্যায়াধীশ এইচ. থাংখিয় আৰু ডব্লিউ. ডিয়েংডোৰ নেতৃত্বত আদালতে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বি.পি. কটকী সমিতিৰ ২৮ সংখ্যক অন্তৰ্বৰ্তী প্ৰতিবেদনৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশ জাৰি কৰিছে।
উল্লেখ্য যে শেহতীয়াকৈ ক’ল ইণ্ডিয়া লিমিটেডে (চিআইএল) নিৰ্ধাৰিত ডিপোৰ বাহিৰত ১,৯২,৮৪০.১৩ টন অবৈধ কয়লা উদ্ধাৰ কৰিছে। ইয়াৰ ভিতৰত ১,৮০,২৯৯.৪৮ টন কেৱল ইষ্ট জয়ন্তীয়া পাহাৰত উদ্ধাৰ হৈছে। এই ঘটনাই ৰাজ্যত ব্যাপক অবৈধ খননৰ ইংগিত বহন কৰিছে। ইয়াৰ পিছতে আদালতে ৰাজ্যৰ পূৰ্বৰ প্ৰতিবেদন গ্ৰহণ কৰি কয়লা নিলাম, মাচুল আদায় আৰু নিলাম নীতি ২০২২ৰ সংশোধনীৰ দৰে ব্যৱস্থাৰ ৰূপৰেখা পৰ্যালোচনা কৰিছে।
প্ৰসংগ ক্ৰমে কটকী কমিটীয়ে প্ৰস্তুত কৰা এই প্ৰতিবেদনত বৃহৎ পৰিমাণৰ অবৈধ কয়লা, মেঘালয় অৱবাহিকা উন্নয়ন কৰ্তৃপক্ষৰ (এমবিডিএ) আকাশী জৰীপৰ মানচিত্ৰ ব্যাখ্যাত ব্যৰ্থতা আৰু খনিজ সম্পদ সঞ্চালকালয়ৰ খনি পৰিবহণ চালান (এমটিচি) জাৰিৰ অনিয়মৰ বিষয়ে উত্থাপন কৰিছে। আদালতে উল্লেখ কৰিছে যে এমবিডিএই কমিটীৰ বৈঠকত অংশ গ্ৰহণ কৰাৰ পৰা বিৰত থকাৰ লগতে কয়লাৰ মূল্যায়নৰ প্ৰতিবেদন দাখিল কৰাতো ব্যৰ্থ হৈছে। ইয়াৰ উপৰিও এমটিচিয়ে মালিক-চালকৰ তথ্যৰ অভাৱ আৰু ভুল বাহন নম্বৰৰ ব্যৱহাৰে সংশোধিত আঁচনি, ২০২২ উলংঘা কৰিছে, যাৰ ফলত অবৈধ কয়লা পৰিবহণৰ সুযোগৰ সৃষ্টি কৰিছে।
আদালতে এমএমডিআৰ আইনৰ ২১ নং ধাৰাৰ অধীনত জব্দ কৰা কয়লাৰ গোচৰ ক্ষিপ্ৰতাৰে নিষ্পত্তিৰ বাবে চাৰি সপ্তাহৰ ভিতৰত নতুন প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। পূব জয়ন্তীয়া পাহাৰত গৰুড়া ইউএভিয়ে উদ্ধাৰ কৰা অতিৰিক্ত কয়লাৰ বিষয়টোও প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰিবলৈ কোৱা হৈছে।
ৰাজ্যই অবৈধ খনন ৰোধ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলেও আদালতে পৰিৱেশ নিয়ম কঠোৰ ৰূপত বলবৎ কৰা আৰু মানি চলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আদালতে মেঘালয়ত অবৈধ কয়লা খনন নিৰ্মূলৰ বাবে জবাবদিহিতা আৰু ফলপ্ৰসূ ব্যৱস্থা নিশ্চিত কৰাৰ লক্ষ্যৰে এই গোচৰৰ পৰৱৰ্তী শুনানি ২০২৫ চনৰ ২ জুনত নিৰ্ধাৰণ কৰিছে।