আমি এক আচৰিত,অদ্ভুৎ সময়ত বাস কৰিছোঁ।কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে নৃশংসভাবে ২৬ জন ব্যক্তিক হত্যা কৰিলে।সমগ্ৰ দেশে একমুখে এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিলে।সন্ত্ৰাসবাদী সকলক প্ৰশ্ৰয় দিয়া কাৰণে সকলোৱে পাকিস্তানক নিন্দা কৰিলে।কাশ্মীৰৰ মানুহ ৰাজপথলৈ ওলাই আহি সন্ত্ৰাসবাদৰ বিৰোধিতা কৰিলে।পেলেহগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত সেইটো আছিল সকলোৰে প্ৰথম প্ৰতিক্ৰিয়া।কিন্তু এই স্বতঃস্ফূৰ্ত প্ৰতিক্ৰিয়াৰ পিছত, সকলো চিন্তাশীল মানুহৰ মনত এটাই প্ৰশ্ন, জন্মু-কাশ্মীৰৰ পুলিচ প্ৰশাসন আৰু নিৰাপত্তাৰ দায়িত্ব কাৰ? কেন্দ্ৰ চৰকাৰৰ। সেইদিনা ঘটনাটো ঘটাৰ সময়ত, পেহেলগামত দেশ-বিদেশৰ প্ৰায় ২০০০ পৰ্যাটক গোট খাইছিল।কিন্তু সেই সময়ত তাত কোনো নিৰাপত্তা ৰক্ষী নাছিল।সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰি ২৬ জন মানুহক হত্যা কৰাৰ পিছত তাত আঘাটপ্ৰাপ্ত সকল বহু সময়লৈ পৰি আছিল।
তেওঁলোকে চিকিৎসা সাহায্য পাওতে বহু পলম হৈ গৈছিল।ঘটনাটো ঘটাৰ সময়ত তাত নিৰাপত্তা ৰক্ষী নথকাটো কেন্দ্ৰ চৰকাৰৰ গাফিলতী হয় নে নহয়? ঘটনাৰ পিছত অতি সোনকালে তাত নিৰপত্তা ৰক্ষী উপস্থিত হোৱাটো উচিত আছিলনে নাই? এই প্ৰসংগত উত্থাপন হোৱা আন কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হ’ল- কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিছত বা বিমুদ্ৰকৰণৰ পিছত বা ৩৭০ ধাৰা বাতিল কৰাৰ পিছত জন্মু-কাশ্মীৰত আগৰ তুলনাত সন্ত্ৰাসবাদী কাৰ্যকলাপ কমিছে নে কমা নাই? নে তাত আগৰ দৰেই সন্ত্ৰাসবাদী কাৰ্যকলাপ চলি আছ? এই প্ৰশ্ন কেইটা এই সময়ত সোধাটো উচিত নে অনুচিত? মই ভাবোঁ এই কথা কেইটা সোধাৰ এইটোৱে হৈছে উত্তম সময়। লোক শিল্পী নেহা সিং ৰাঠোৰ আৰু অধ্যাপিকা ডঃ মাদ্ৰী কাকতি(মেডুচা)য়ে কি সুধিছে? এই ধৰণৰ প্ৰশ্নই সোধা নাই জানো? শুনকচোন তেওঁলোকে কি কৈছিল? তেন্তে এই কথা কেইটা সোধাৰ কাৰণে কিয় নেহা সিং আৰু মেডুচাৰ বিৰুদ্ধে পুলিচে দেশদ্ৰোহৰ গোচৰ তৰিছে? আৰু এটা কথা, মই আগতেই কৈছোঁ সন্ত্ৰাসবাদী আক্ৰমণক কোনেও সমৰ্থন কৰা নাই। এনে জঘন্য কাৰ্যক সমৰ্থন কৰাৰ প্ৰশ্নই নুঠে।
কাশ্মীৰৰ মানুহে দোকান পোহাৰ বন্ধ ৰাখি তাৰ বিৰোধিতা কৰিছে, প্ৰতিবাদ কৰিছে। সেইটো মই উল্লেখ কৰিছোৱেই। কিন্তু নিৰাপত্তাত সুৰুঙা আছিল বাবেইতো তাত এনে ৰোমহৰ্ষক সন্ত্ৰাসবাদী ঘটনাটো ঘটিবলৈ পালে। আৰু সৰ্বদলীয় বৈঠকত চৰকাৰে পেহেলগামৰ ঘটনাত নিৰপত্তাৰ সুৰুঙা ঠাকি যোৱা কথাটোচোন নিজেই স্বীকাৰ কৰিছে।নেহাই সৰ্বদলীয় বৈঠকত উপস্থিত নাথাকি প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ নিৰ্বাচন কেন্দ্ৰীক সভাত নীতিশ কুমাৰৰ লগত উপস্থিত থকাটোকো সমালোচনা কৰিছে। সেইটো কি অপৰাধৰ কথা হ’ল? সেইটোও এটা যুক্তি সংগত প্ৰশ্ন নহয় নে?
এইখিনিতে এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ।দেশৰ জনসাধাৰণৰ চৰকাৰক সমালোচনা কৰাৰ অধিকাৰ আছেনে নাই? এই সম্পৰ্কে সংবিধানৰ ১৯ নং অনুচ্চেদত কি কোৱা হৈছে? “Article 19 of Indian Constitution guarantees certain fundamental rights to all citizens, including freedom of speech and expression, freedom to assemble, freedom to form associations, freedom of movement, freedom of residence, and freedom to practice any profession.” যোৱা বছৰ মাৰ্চ মাহত উচ্চতম ন্যায়ালয়ে এই বিষয়ে স্পষ্ট ভাষাত কৈছিল যে চৰকাৰৰ কামত সমালোচনা কৰা কাৰণে এজন নাগৰিকক কেতিয়াও চৰকাৰে শাস্তি বিহিব নোৱাৰিব। সংবিধানৰ ১৯ বাকস্বাধীনতা কোনোবাই কাৰোবাৰ বিৰুদ্ধে কেচ এটা দিলেই পুলিচেও আইন কানুন নোচোৱা, নুবুজাকৈ কাৰো বিৰুদ্ধে কেচ ৰুজু কৰা উচিত নহয় আৰু কাকো গ্ৰেপ্তাৰ কৰা উচিত নহয়। চৰকাৰে ব্যৱস্থা ল’ব লাগে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী সকলক সহায় কৰা লোক সকলৰ বিৰুদ্ধে। তাকে নকৰি চৰকাৰক সমালোচনা কৰিছে বুলিয়ে দেশৰ সাধাৰণ নাগৰিকক এনে দৰে হাৰাশাস্তি কৰাটো উচিত হৈছেনে? সেয়ে ন্যায়পালিকাই এতিয়া আইনৰ ব্যাখ্যা কৰিয়ে ক্ষান্ত থাকিলে নহ’ব। পুলিচ প্ৰশাসনে যাতে সংবিধান মানি চলে তাকো সুনিশ্চিত কৰিব লাগিব।