ৰাজস্থানৰ কোটা চহৰত পুনৰ এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। মেডিকেল এণ্ট্ৰেন্স পৰীক্ষা (NEET) ৰ আগৰ দিনা শনিবাৰৰ নিশা এগৰাকী ১৮ বছৰীয়া ছাত্ৰীৰ মৃতদেহ কোটাৰ এটা ভাড়াঘৰৰ মেছৰ ভিতৰত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে। মধ্যপ্ৰদেশৰ শ্বেওপুৰৰ এই যুৱতীগৰাকীয়ে দেওবাৰৰ NEET পৰীক্ষাত অংশগ্ৰহণৰ বাবে প্ৰস্তুতি চলাই আছিল বুলি জানিব গৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি শনিবাৰৰ নিশা প্ৰায় ৯ বজাত কোটাৰ এটা ভাড়াঘৰত এই ঘটনা সংঘটিত হয়। প্ৰাথমিক তদন্তত আৰক্ষীয়ে ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰৰা বুলি সন্দেহ কৰিছে। ইয়াৰ পিছতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে কোটা চহৰ দেশৰ চিকিৎসা আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ এক কেন্দ্ৰ হিচাপে পৰিচিত। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে কোটাৰ কোচিং চেণ্টাৰত নামভৰ্তি কৰি এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়। নিহত ছাত্ৰীগৰাকীয়েও কোটাৰ এটা কোচিং চেণ্টাৰত NEET পৰীক্ষাৰ প্ৰস্তুতি চলাই আছিল আৰু কেইবছৰ ধৰি মাক-দেউতাকৰ সৈতে কোটাত বাস কৰি আছিল। আৰক্ষীৰ তথ্য অনুসৰি, ঘটনাৰ সময়ত তাইৰ পিতৃ-মাতৃও ঘৰত উপস্থিত আছিল।
প্ৰসংগ ক্ৰমে কোটা চহৰত ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাইছে, যিয়ে স্থানীয় প্ৰশাসনৰ বাবে উদ্বেগৰ বিষয় হৈ পৰিছে। চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা এতিয়ালৈকে কোটাত ১৪টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। যোৱা বছৰ অৰ্থাৎ ২০২৪ চনত ১৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কোটাত আত্মহত্যা কৰিছিল। এই ক্ৰমবৰ্ধমান হাৰে পৰীক্ষাৰ চাপ, মানসিক স্বাস্থ্য, আৰু কোচিং চেণ্টাৰৰ পৰিৱেশৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
ইয়াৰ পূৰ্বে স্থানীয় প্ৰশাসনে কোটাৰ হোষ্টেল আৰু মেছ হলত আত্মহত্যা ৰোধৰ বাবে চিলিং ফেনৰ সৈতে সংযুক্ত বিশেষ যন্ত্ৰ স্থাপনৰ নিৰ্দেশ দিছিল। কিন্তু এই পদক্ষেপসমূহৰ পিছতো কোটাত ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যা সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই।
এই ঘটনাই ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাৰ দিশটো অভিভাৱক, কৰ্তৃপক্ষক সোঁৱৰাই দিছে।