বিলাসী হোটেলত অনুষ্ঠিত হোৱা নাছিল বিবাহ অনুষ্ঠান। আনকি খোৱাবোৱা আৰু সাজসজ্জাৰ খৰচো কৰ্তন কৰিছিল। ইয়াৰ পৰিৱৰ্তে বহুদিনীয়া এক ইচ্ছা পূৰণ কৰিলে নৱবিবাহিত দম্পতীয়ে। বিয়াৰ খৰচ কৰ্তন কৰি গাঁৱৰ মানুহৰ বাবে নতুন পকী ৰাস্তা এটা সাজিলে। যাতে বাৰিষাৰ সময়ত তেওঁলোকে আৰু কষ্ট পাব নালাগে। নৱবিবাহিনীৰ এই কাৰ্যত সকলোৱে অত্যন্ত সুখী।
বাতৰি অনুসৰি, এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলাৰ চুছা গাঁৱত। শ্ৰীকান্ত আৰু অঞ্জলিয়ে ২৮ এপ্ৰিলত বিবাহপাশত আবদ্ধ হয়। শ্ৰীকান্তই জনায় যে বিয়া উপলক্ষে আত্মীয়-স্বজন, বন্ধু-বান্ধৱী, অতিথিৰ পৰা তেওঁলোকে কোনো উপহাৰ লোৱা নাই। তাৰ পৰিৱৰ্তে তেওঁলোকে ৯০ টা পুলি ৰোপণ কৰিলে। বিয়াৰ প্ৰস্তুতিৰ সময়ত তেওঁ ঘোষণা কৰিছিল যে তেওঁ বিয়াৰ অনুষ্ঠান, সাজসজ্জা, খোৱাবোৱাৰ বাবে অতিৰিক্ত খৰচ নকৰে। কোৱাৰ দৰেই সেয়া কৰিলেও।
শ্ৰীকান্তে লগতে জনায় যে তেওঁ ৫০ হাজাৰ টকা ব্যয় কৰি ৬০০ মিটাৰ দৈৰ্ঘ্যৰ এটা পথ নিৰ্মাণ কৰিছে। বিশেষকৈ বাৰিষাৰ সময়ত এই গাঁৱৰ পথটো যাতায়তৰ বাবে অচল হৈ পৰে। এই ৰাস্তাৰে কোনেও খেতি কৰিবলৈও যাব নোৱাৰে। আত্মীয়সকলেও এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত আৰ্থিক সাহায্য আগবঢ়ায়। এইবাৰ গাঁও পঞ্চায়ত আৰু স্থানীয় ৰাইজৰ সহযোগত পকী পথটো নিৰ্মাণ কৰা হৈছে।
পথটোৰ চাৰিওফালে ৯০টা পুলি ৰোপণ কৰা হৈছে বুলি নৱবিবাহিত দম্পতীয়ে জানিবলৈ দিয়ে। তাৰ ভিতৰত ৩৬ টা ভিন্ন প্ৰকাৰৰ ফলমূলৰ গছ আছে। গাঁৱৰ ল’ৰা-ছোৱালীয়ে যিকোনো সময়তে এই গছৰ পৰা ফল ছিঙিব পাৰিব।