ভুৱা নথি-পত্ৰ দি চৰকাৰী চাকৰি। সেই নথি পত্ৰৰে যমজ ভগ্নীয়ে বছৰ বছৰ ধৰি বিভিন্ন বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰিছিল। ১৮ বছৰত শিক্ষকতা কৰি কোটি টকা উপাৰ্জন কৰিছে। অৱশেষত ফাদিল হ’ল ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি স্কুলৰ চাকৰি লাভৰ ৰহস্য। ৰাজ্যৰ শিক্ষা বিভাগে উদঙাই দিলে যমজ ভগ্নীৰ কুকীৰ্তি।
বাতৰি অনুসৰি, এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ দামোহ জিলাত। জানিব পৰা মতে, যমজ ভগ্নী দুগৰাকীয়ে বিগত ১৮ বছৰে দুটা স্থানত পৃথক পৃথক বিদ্যালয়ত শিক্ষকতা কৰি আহিছে। দুয়োৰে নাম ৰেশমী। তেওঁলোকৰ ফটো, নাম, কলেজৰ মাৰ্ক শ্বীট, আধাৰ কাৰ্ডকে ধৰি সকলো নথি-পত্ৰ একেই আছিল। ফলত কোনেও একো ধৰিব পৰা নাছিল।
শেহতীয়াকৈ বদলিৰ বাবে আৱেদন কৰাৰ সময়ত সন্দেহ ওপজে শিক্ষা বিভাগৰ বিষয়াসকলৰ। বিষয়টোৰ তদন্তৰ লগে লগে যমজ ভগ্নী দুগৰাকীৰ ৰহস্য পোহৰলৈ আহে।
জানিব পৰা মতে, এজনৰ হাতত সকলো মূল নথি-পত্ৰ আছিল। আনহাতে আনজনে জেৰক্স কৰি স্কুলৰ চাকৰিৰ বাবে আবেদন কৰিছিল। দুয়োজনেই জিলাখনৰ দুখন ভিন্ন বিদ্যালয়ত কৰ্মৰত আছিল। ১৮ বছৰ কাম কৰি আহিছে। দুয়োজনে মিলি প্ৰায় ডেৰ কোটি টকা উপাৰ্জন কৰিছে। ভুৱা নথি-পত্ৰৰে চাকৰি পোৱাজনে ইতিমধ্যে ৮০ লাখ টকা উপাৰ্জন কৰিছে।
ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি চৰকাৰী চাকৰি কৰাৰ ৰহস্য ফাদিল হোৱাৰ পিছতে এজনে বিদ্যালয়ৰ চাকৰিৰ পৰা ইস্তাফা দিয়ে। আনজনে চাকৰি এৰি আন ঠাইলৈ গুচি গৈছে। মধ্য প্ৰদেশৰ শিক্ষা বিভাগে ৰেশমী নামৰ দুই যমজ ভগ্নীকে নিলম্বন কৰিছে।