• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2025 7:56 am
164
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে সন্ধিয়া ৫ বজাত যুদ্ধবিৰতি চুক্তি ঘোষণা কৰা হয়। কিন্তু সেই ঘোষণাৰ মাত্ৰ ৩ ঘণ্টাৰ পিছত পাকিস্তানে যুক্তি বিৰতি উলংঘা কৰিলে। জম্মু-কাশ্মীৰৰ সীমান্তৰ কমেও ১১টা স্থানত গুলীচালনা কৰে। ড্ৰ’ন আক্ৰমণৰ চেষ্টাও কৰা হৈছিল। পাকিস্তানৰ আক্ৰমণত সীমান্তত শ্বহীদ হয় বি এছ এফৰ উপ পৰিদৰ্শক মহম্মদ ইমতিয়াজ। লগতে আৰু ৭ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।

জম্মু-কাশ্মীৰৰ আৰ এছ পুৰা ছেক্টৰত পাকিস্তানৰ আক্ৰমণৰ সৈতে মোকাবিলা কৰি আছিল বি এছ এফৰ উপ-পৰিদৰ্শক মহম্মদ ইমতিয়াজকে ধৰি আন সহকৰ্মীসকলে। তাতেই তেওঁৰ মৃত্যু হয়। ইতিমধ্যে বি এছ এফৰ জম্মু শাখাই ছচিয়েল মিডিয়াত মৃত্যুৰ খবৰ প্ৰকাশ কৰে। আন ৭ জন আহত লোক ওচৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

শনিবাৰে সন্ধিয়া ৭:৩০ বজাৰ কিছু সময়ৰ পাছতে জম্মু-কাশ্মীৰ সীমান্তত বন্দুকৰ গুলীৰ শব্দ শুনা যায়। কেৱল সেয়াই নহয়, জম্মু-শ্ৰীনগৰকে ধৰি কেইবাটাও অঞ্চলত ছাইৰেন বজাব লগা হৈছিল আৰু তাত ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে। জম্মু-কাশ্মীৰৰ বাৰামুল্লা আৰু বুডগামতো বন্দুকৰ গুলীৰ শব্দ শুনা যায়। কাশ্মীৰৰ বাহিৰে ৰাজস্থানৰ বাজমেৰতো ছাইৰেন বাজিছে। তাতো ব্লেকআউট কৰা হৈছে।

অৱশ্যে শেহতীয়া খবৰ অনুসৰি পাকিস্তানে সীমান্তত গোলাবৰ্ষণ বন্ধ কৰি দিছে। ড্ৰ’ন আক্ৰমণকে ধৰি সকলো পৰিকল্পনা ভাৰতে বিফল কৰিছে। জোৱানসকলে কেইবাখনো পাকিস্তানী ড্ৰ’ন গুলীয়াই ভূপতিত কৰে। কিন্তু তেওঁলোক সতৰ্ক। কাৰণ পাকিস্তানী সেনাই পুনৰ আক্ৰমণ কৰিব পাৰে বুলি আশংকা কৰা হৈছে।

যুদ্ধবিৰতি ঘোষণা হোৱাৰ পাছত জম্মু-কাশ্মীৰৰ লগতে সীমান্তৱৰ্তী ৰাজ্যসমূহৰ জনসাধাৰণে কিছু সকাহ অনুভৱ কৰে। তেওঁলোকে ভাবিছিল পৰিস্থিতি স্বাভাৱিক হ’ব। কিন্তু সেয়া নহ’ল। এই যুদ্ধবিৰতি চুক্তি কিমান দিনলৈ স্থায়ী হ’ব সেই সম্পৰ্কে ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছে।

Recent News

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd