• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2025 9:34 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু পাকিস্তানে শনিবাৰে সন্ধিয়া আক্ৰমণ বন্ধ কৰাৰ বাবে চুক্তিত উপনীত হোৱাৰ পিছতে দেওবাৰৰ পৰা ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ এক্স ছ’চিয়েল মিডিয়া হেণ্ডেল প্ৰটেক্টেড মোডত দেখা যায়। অৰ্থাৎ এতিয়া তেওঁৰ টুইটৰ ওপৰত কোনেও মন্তব্য কৰিব নোৱাৰিব।

ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ সময়ত বিক্ৰম মিশ্ৰীয়ে অহৰহ চৰকাৰৰ পক্ষ সংবাদ মাধ্যমৰ আগত দাঙি ধৰিছিল। শনিবাৰে আক্ৰমণ বন্ধ কৰাৰ সহমতৰ কথা ঘোষণা কৰিছিল বিক্ৰম মিশ্ৰীয়ে। ইয়াৰ পিছতে কিছুমান লোকে ছচিয়েল মিডিয়াত বিক্ৰম মিশ্ৰীক লক্ষ্য কৰি লৈছিল।

Apply Now

ছ’চিয়েল মিডিয়াত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ ওপৰত কৰা মন্তব্যৰ পিছতে বিক্ৰম মিশ্ৰীৰ সপক্ষে বহু লোকে পোষ্ট কৰা দেখা গৈছে।

সংযুক্ত আৰব আমিৰশ্বাহীত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত নৱদীপ সূৰীয়ে লিখিছে, “ট্ৰ’লে বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু তেওঁৰ পৰিয়ালক লক্ষ্য কৰি লোৱাটো সঁচাকৈয়ে ঘৃণনীয়। তেওঁ পেছাদাৰী, শান্ত, সংকল্পবদ্ধ, মিতভাষী আৰু স্পষ্টবাদী লোক।”

নৱদীপ সূৰীয়ে লিখিছে, “কিন্তু তেওঁৰ এই গুণবোৰ আমাৰ সমাজৰ কিছুমান মানুহৰ বাবে যথেষ্ট নহয়, এইটো লজ্জাজনক।”

ইপিনে, বৈদেশিক নীতি বিশ্লেষক ইন্দ্ৰাণী বাগচিয়ে লিখিছে, “বিক্ৰম মিশ্ৰী এজন সন্মানীয় কূটনীতিবিদ যি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুৰব্বী। কিয়নো আপুনি কল্পনাত এক বেলেগ ভাৰত-পাকিস্তান ভিডিঅ’ গেম খেলি আছিল, তাৰবাবে তেওঁৰ পৰিয়ালক ট্ৰ’ল কৰাটো কেৱল সস্তীয়াই নহয়, ইয়াৰ দ্বাৰা সেই নিকৃষ্ট মানসিকতা দেখুওৱা হৈছে, যাৰ অবিহনে এই দেশখন চলিব পাৰে।”

জ্যেষ্ঠ সাংবাদিক বীৰ সাংঘবীয়ে লিখিছে, “যিসকল লোকে এই সংঘাতৰ সময়ত ডাঙৰ কাম কৰা উৎকৃষ্ট বৈদেশিক সচিব বিক্ৰম মিশ্ৰীক ট্ৰ’ল কৰি আছে, তেওঁলোক মানুহৰ ৰূপত জাবৰ।”

এআইএমআইএমৰ সাংসদ আছাদুদ্দিন ওৱাইছিয়েও ছ’চিয়েল মিডিয়াত বিক্ৰম মিশ্ৰীৰ বিষয়ে পোষ্ট কৰি লিখিছে, “বিক্ৰম মিশ্ৰী ভদ্ৰ আৰু সৎ ব্যক্তি। তেওঁ এজন কঠোৰ পৰিশ্ৰমী কূটনীতিবিদ যিয়ে দেশৰ বাবে অক্লান্তভাৱে কাম কৰি আছে।”

ওৱাইচিয়ে লিখিছে, “মনত ৰখা উচিত যে আমাৰ চৰকাৰী কৰ্মচাৰীসকলে কাৰ্যবাহীৰ অধীনত কাম কৰে আৰু তেওঁলোকক কাৰ্যবাহী বা দেশ চলোৱা ৰাজনৈতিক নেতৃত্বৰ সিদ্ধান্তৰ বাবে লক্ষ্য কৰি লোৱা উচিত নহয়।”

কংগ্ৰেছ দলৰ কেৰালা ইউনিটেও এই বিষয়ত ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। ইয়াত অভিযোগ কৰা হৈছে যে যোৱা সপ্তাহত এজন জোৱানৰ পত্নী হিমাংশী নৰৱালক “ঘৃণা আৰু হিংসা বিয়পাই নিদিবলৈ আবেদন” কৰাৰ বাবে ছ’চিয়েল মিডিয়াত টাৰ্গেট কৰা হৈছিল।

কেৰালা কংগ্ৰেছে লিখিছে, “এতিয়া এই লোকসকলে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীক লক্ষ্য কৰি লৈছে, যেন তেওঁৱেই একপক্ষীয় যুদ্ধবিৰতিৰ সিদ্ধান্ত লৈছিল আৰু মোডী, অমিত শ্বাহ, ৰাজনাথ সিং বা জয়শংকৰে নহয়।”

বিক্ৰম মিশ্ৰী কোন?

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৱেবছাইট অনুসৰি বিক্ৰম মিশ্ৰীয়ে ২০২৪ চনৰ ১৫ জুলাইত বৈদেশিক সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে।

বিক্ৰম মিশ্ৰী ভাৰতীয় বৈদেশিক সেৱাৰ ১৯৮৯ বেচৰ বিষয়া।

ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত বিভিন্ন ভাৰতীয় মিছনকে ধৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত কূটনীতিবিদ হিচাপে বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি আহিছে।

বিক্ৰম মিশ্ৰীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পাকিস্তানৰ ডেস্কত কাম কৰি আহিছে। ইয়াৰ উপৰিও তেওঁ ভাৰতৰ দুই বৈদেশিক মন্ত্ৰী ইন্দ্ৰ কুমাৰ গুজৰাল আৰু প্ৰণৱ মুখাৰ্জীৰ টীমতো আছিল।

বিক্ৰম মিশ্ৰীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়তো কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত যুটীয়া সচিব হিচাপে কাম কৰি আহিছে।

বিক্ৰম মিশ্ৰীয়ে ভাৰতৰ তিনিজন প্ৰধানমন্ত্ৰী – আই কে গুজৰাল, মনমোহন সিং আৰু নৰেন্দ্ৰ মোডীৰ ব্যক্তিগত সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।

বিক্ৰম মিশ্ৰীয়ে ব্ৰাছেলছ, টিউনিছ, ইছলামবাদ আৰু ৱাশ্বিংটন ডি চিতো কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ শ্ৰীলংকাত ভাৰতৰ উপ-উচ্চায়ুক্ত আৰু মিউনিখত ভাৰতৰ কনছুল জেনেৰেল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

২০১৪ চনত স্পেইনত ভাৰতৰ ৰাষ্ট্ৰদূত, ২০১৬ চনত ম্যানমাৰত ভাৰতৰ ৰাষ্ট্ৰদূত আৰু ২০১৯ চনৰ জানুৱাৰী মাহত চীনত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি লাভ কৰা মিশ্ৰীয়ে ২০২১ চনলৈকে এই কামত আছিল।

শেহতীয়াকৈ বিক্ৰম মিশ্ৰীয়ে ভাৰতৰ ৰণকৌশলগত বিষয়ৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে কাম কৰি আছিল। ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৪ চনৰ ৩০ জুনলৈকে এই পদত অধিষ্ঠিত আছিল।

শ্ৰীনগৰত জন্মগ্ৰহণ কৰা বিক্ৰম মিশ্ৰীৰ প্ৰাথমিক শিক্ষা শ্ৰীনগৰ আৰু উধামপুৰত হৈছিল। পিছলৈ তেওঁ গোৱালিয়ৰৰ সিন্ধিয়া স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু কলেজৰ পৰা বুৰঞ্জীত অনাৰ্ছ লৈ স্নাতক ডিগ্ৰী লাভ কৰে।

ইয়াৰ পিছত বিক্ৰম মিশ্ৰীয়ে জামছেদপুৰৰ এক্সএলআৰআইৰ পৰা এম বি এ কৰিছিল আৰু চৰকাৰত যোগদান কৰাৰ পূৰ্বে তেওঁ বিজ্ঞাপন আৰু এড ফিল্ম নিৰ্মাণৰ ক্ষেত্ৰতো কাম কৰি আহিছে।

বিক্ৰম মিশ্ৰীয়ে ভাল হিন্দী, ইংৰাজী আৰু কাশ্মীৰী ভাষা কোৱাৰ লগতে ফৰাচী ভাষাও জানে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm
সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

August 28, 2026 12:04 pm
আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

August 28, 2026 10:51 am
আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

August 28, 2026 10:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm
সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

August 28, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd