দৈ হৈছে এৱা গাখীৰৰ পৰা তৈয়াৰ কৰা এবিধ উৎপাদিত খাদ্য। গাখীৰক বেক্টেৰিয়াই দৈ লৈ পৰিণত কৰে। সাধাৰণতে লেক্ট’বেছিলাছ বেক্টেৰিয়াৰ দ্বাৰা গাখীৰত থকা লেক্টিক এচিড ফাৰ্মেণ্টেচনৰ জৰিয়তে দৈ তৈয়াৰ হয়।
১. প্ৰ’বায়’টিকৰ উৎস : দৈত থকা উপকাৰী বেক্টেৰিয়াই পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে, হজম শক্তি বৃদ্ধি কৰে আৰু কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে।
২. পুষ্টিকৰ উপাদান : দৈত প্ৰ’টিন, কেলচিয়াম, ভিটামিন B12, আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে, যি হাড়ৰ স্বাস্থ্য, পেশীৰ কাৰ্যক্ষমতা আৰু সামগ্ৰিক শক্তিৰ বাবে উপকাৰী।
৩. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি : দৈৰ প্ৰ’বায়’টিক আৰু পুষ্টিকৰ উপাদানে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে।
৪. ওজন নিয়ন্ত্ৰণ : দৈত থকা প্ৰ’টিনে পেট ভৰ্তি অনুভৱ কৰায় আৰু অত্যধিক খাদ্য গ্ৰহণৰ পৰা ৰক্ষা কৰে।
৬. হৃদৰোগৰ সম্ভাৱনা হ্ৰাস : কিছুমান অধ্যয়নত পোৱা গৈছে যে দৈৰ নিয়মীয়া সেৱনে হৃদৰোগৰ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।
৬. লেক্ট’জ অসহিষ্ণুতাৰ বাবে উপযোগী : দৈত লেক্ট’জৰ পৰিমাণ গাখীৰতকৈ কম থাকে, গতিকে লেক্ট’জ অসহিষ্ণু লোকৰ বাবে ই সহজে হজম হয়।