ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই কেৰালাৰ থালাছেৰীৰ পৰা মণিপুৰৰ হিংসাত্মক কাৰ্যকলাপৰ সৈতে জড়িত এজন মূল অভিযুক্তক আটক কৰিছে বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি মণিপুৰৰ হিংসাত্মক কাণ্ডৰ মাষ্টাৰমাইণ্ড হিচাপে চিনাক্ত হোৱা অভিযুক্তক আটক কৰিবলৈ স্বাস্থ্যকৰ্মীৰ বেশত এখন হোটেলত এনআইএৰ এটা দলে গোপন অভিযান চলায়। ২০২৩-২০২৫ চনৰ মণিপুৰৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত লোকসকলৰ সন্ধান উলিয়াবলৈ এনআইএৰ কৌশলগত প্ৰচেষ্টাৰ অংশ হিচাপে এই অভিযান চলায়।
প্ৰাপ্ত তথ্য অনুসৰি ৰাজকুমাৰ মাইপাকছানা নিষিদ্ধ উগ্ৰপন্থী সংগঠন ইউনাইটেড নেশ্যনেল লিবাৰেচন ফ্ৰণ্টৰ (ইউএনএলএফ) প্ৰশিক্ষণপ্ৰাপ্ত আৰু মণিপুৰৰ জাতিগত সংঘাতৰ সৈতে জড়িত ইম্ফলত পঞ্জীয়ন হোৱা গোচৰৰ সৈতে সম্পৰ্কিত বুলি জানিব পৰা গৈছে। গ্ৰেপ্তাৰৰ সময়ত তিৰুৰ পৰা বহিঃৰাজ্যলৈ যাবলৈ চেষ্টা কৰা ভুৱা পাছপ’ৰ্টো উদ্ধাৰ কৰা হৈছে। প্ৰাথমিক তদন্তত জানিব পৰা গৈছে যে ছ’চিয়েল মিডিয়াত হোটেলৰ চাকৰিৰ বিজ্ঞাপনৰ জৰিয়তে তেওঁ থালাছেৰীত উপস্থিত হৈছিল আৰু তিৰুৱনগড়ৰত ভাড়াঘৰত থাকিছিল।
উল্লেখ্য যে ২০২৩ চনৰ পৰা চলি থকা জাতিগত আৰু সাম্প্ৰদায়িক উত্তেজনাৰ অংশ হিচাপে পৰিগণিত হোৱা মণিপুৰৰ হিংসাত্মক ঘটনাত যুদ্ধংদেহী গোট জড়িত হৈ ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছিল ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় সংস্থাসমূহে শান্তি শৃংখলা পুনৰুদ্ধাৰৰ বাবে সংগ্ৰাম কৰি আহিছে। অভিযুক্তজন নিষিদ্ধ উগ্ৰপন্থী গোটৰ সৈতে জড়িত বুলি অভিযোগ উঠিছে, আৰু কেৰালাৰ স্থানীয় সম্প্ৰদায়ৰ সৈতে মিলি আত্মগোপন কৰি আছিল বুলি জানিব পৰা গৈছে।
এই অভিযান সফল হ’লেও মণিপুৰৰ পৰিস্থিতি অমীমাংসিত হৈ আছে, পুনৰাবৃত্তিমূলক হিংসা আৰু জটিল অৰ্থনৈতিক অৰু ৰাজনৈতিক গতিশীলতাই শান্তিৰ প্ৰচেষ্টাক জটিল কৰি তুলিছে। মণিপুৰত কেন্দ্ৰই ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰাৰ পিছত পৰিস্থতি বিশেষ শুধৰণি হোৱা নাই।