• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুন্দৰী ইউটিউবাৰৰ পিছত এইবাৰ ব্যৱসায়ী; উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ আন এক ‘পাকিস্তানী গুপ্তচৰ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2025 10:31 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত আৰু এজনক গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ ব্যৱসায়ী শ্বাহজাদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি বিগত কিছু বছৰ ধৰি সঘনাই পাকিস্তানলৈ গৈ আছিল ব্যৱসায়ীজনে। লগতে তেওঁ অবৈধভাৱে ব্যৱসায়ো চলাইছিল।

উল্লেখ্য যে পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত ইউটিউবাৰ জ্যোতি মালহোত্ৰাৰ গ্ৰেপ্তাৰক লৈ উত্তাল হৈ পৰিছে দেশ। তাৰ পিছত উত্তৰ চোৰাংচোৱাগিৰিৰ অভিযোগত পুনৰ প্ৰদেশৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়।

Apply Now

উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফ’ৰ্চৰ সূত্ৰ অনুসৰি মোৰাদাবাদৰ পৰা শ্বাহজাদক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ যে বিগত কেইবছৰমানৰ পৰা তেওঁ বাৰে বাৰে পাকিস্তান ভ্ৰমণ কৰি আহিছে। দুয়োখন দেশতে তেওঁ অবৈধভাৱে ব্যৱসায় চলাই আছিল। প্ৰসাধন সামগ্ৰী, কাপোৰ, মছলা আদি বিভিন্ন সামগ্ৰীও চোৰাংভাৱে সৰবৰাহ কৰিছিল। আৰু এই ব্যৱসায়ৰ আঁৰত চোৰাংচোৱাগিৰি চলাইছিল।

শ্বাহজাদে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইক ভাৰতীয় নোট আৰু ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল। আনকি তেওঁ ৰামপুৰৰ পৰা বহু লোকক পাকিস্তানলৈও পঠিয়াইছিল। আই এছ আইয়ে নিজেই এই লোকসকলৰ বাবে ভিছাৰ ব্যৱস্থা কৰিছিল। পিছত ৰামপুৰৰ বাসিন্দাসকলে আই এছ আইৰ চোৰাংচোৱা হিচাপে কাম কৰিছিল।

প্ৰসংগক্ৰমে পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে সুন্দৰী ‘দেশদ্ৰোহী’ জ্যোতি মালহোত্ৰা। ২০২৩ চনত জোৱে (জ্যোতিয়ে নিজৰ পৰিচয় দিয়াৰ দৰে) ভাৰতত থকা পাকিস্তানী দূতাবাসৰ কৰ্মচাৰী এহছান উৰ ৰহিম ওৰফে ডেনিছৰ সৈতে বাৰ্তালাপত মিলিত হয়। লাহে লাহে ঘনিষ্ঠ হয়। পাকিস্তানৰ দূতাবাসত থকাৰ সময়তে এই ডেনিছক চোৰাংচোৱাগিৰিৰ অজুহাতত নতুন দিল্লীয়ে ইতিমধ্যে ভাৰতৰ পৰা বহিষ্কাৰ কৰিছে। ভাৰত চৰকাৰে তেওঁক ‘পাৰ্ছনা নন গ্ৰেটা’ অৰ্থাৎ অবাঞ্চিত ব্যক্তি বুলি বিতাড়িত কৰিছে।

তদন্তকাৰীয়ে প্ৰথমে ডেনিছ প্ৰসংগৰ তদন্ত কৰি থাকোঁতে জ্যোতিৰ নাম পাইছিল। এই ডেনিছৰ ‘বিশেষ নিমন্ত্ৰণ’ত জ্যোতি যোৱা বছৰ পাকিস্তানৰ দূতাবাসত অনুষ্ঠিত ইফতাৰ পাৰ্টিলৈ গৈছিল। আৰু গোটেই বিষয়টো তেওঁ ভিডিঅ’ কৰে। সেই ভিডিঅ’টো চাই চোৰাংচোৱাসকলে সন্দেহ প্ৰকাশ কৰিছিল।

শেহতীয়াকৈ আৰক্ষীয়ে হাৰিয়ানাৰ ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী জ্যোতিকে ধৰি আৰু ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তক সোধা-পোছা কৰাৰ পিছত তদন্তকাৰীয়ে পাকিস্তানৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ কেইবাটাও তথ্য লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd