দেশৰ বিশিষ্ট জ্যোতিৰ্পদাৰ্থবিজ্ঞানী, পদ্ম বিভূষণ বঁটা বিজয়ী ড০ জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ মঙলবাৰে (২০ মে’, ২০২৫) পুনেত মৃত্যু হোৱাৰ খৱৰ পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে। তেওঁৰ বয়স আছিল ৮৭ বছৰ।
ভাৰতীয় বিজ্ঞানৰ এগৰাকী পুৰোধা ব্যক্তি ড০ নাৰ্লিকাৰ ব্ৰহ্মাণ্ডবিজ্ঞানৰ ক্ষেত্ৰত অগ্ৰণী অৱদান, বিজ্ঞানক জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা আৰু দেশৰ প্ৰধান গৱেষণা প্ৰতিষ্ঠান স্থাপনৰ বাবে বহুলভাৱে পৰিচিত আছিল।
পৰিয়ালৰ সূত্ৰ অনুসৰি মঙলবাৰে (২০ মে’, ২০২৫) পুৱা শুই থকা অৱস্থাতে মৃত্যু হয় ড০ নাৰ্লিকাৰৰ।
শেহতীয়াকৈ চহৰৰ এখন চিকিৎসালয়ত তেওঁৰ নিতম্বৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। মৃত্যুৰ সময়ত তেওঁ তিনিগৰাকী কন্যা সন্তানক এৰি থৈ যায়।
১৯৩৮ চনৰ ১৯ জুলাইত জন্মগ্ৰহণ কৰা ড০ নাৰ্লিকাৰে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰাথমিক শিক্ষা সমাপ্ত কৰে, য’ত তেওঁৰ পিতৃ বিষ্ণু বাসুদেৱ নাৰ্লিকাৰ অধ্যাপক আৰু গণিত বিভাগৰ মুৰব্বী আছিল। তেওঁ উচ্চ শিক্ষাৰ বাবে কেম্ব্ৰিজলৈ গৈ গাণিতিক ট্ৰাইপ’ছত ৰেংলাৰ আৰু টাইছন পদক বিজয়ী হয়।
তেওঁ ভাৰতলৈ উভতি আহি টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চত যোগদান কৰে (১৯৭২-১৯৮৯), য’ত তেওঁৰ দায়িত্বত থিয়ৰেটিকেল এষ্ট্ৰ’ফিজিক্স গ্ৰুপৰ সম্প্ৰসাৰণ কৰা হয় আৰু ই আন্তঃৰাষ্ট্ৰীয় স্থান লাভ কৰে।
১৯৮৮ চনত বিশ্ববিদ্যালয় অনুদান আয়োগে ড০ নাৰ্লিকাৰক ইয়াৰ প্ৰতিষ্ঠাপক সঞ্চালক হিচাপে প্ৰস্তাৱিত আন্তঃবিশ্ববিদ্যালয় চেণ্টাৰ ফৰ এষ্ট্ৰ’নমি এণ্ড এষ্ট্ৰ’ফিজিক্স (IUCAA) স্থাপন কৰিবলৈ আমন্ত্ৰণ জনায়।
২০০৩ চনত অৱসৰ লোৱালৈকে তেওঁ আই ইউ চি এ এৰ সঞ্চালকৰ পদত অধিষ্ঠিত আছিল। তেওঁৰ পৰিচালনাত আই ইউ চি এ এ জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ পাঠদান আৰু গৱেষণাৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে বিশ্বব্যাপী সুনাম অৰ্জন কৰিছে। তেওঁ আই ইউ চি এ এৰ এগৰাকী এমেৰিটাছ অধ্যাপক আছিল।
২০১২ চনত তৃতীয় বিশ্ব বিজ্ঞান একাডেমীয়ে বিজ্ঞানৰ উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপনৰ বাবে ড০ নাৰ্লিকাৰক তেওঁলোকৰ বঁটা প্ৰদান কৰে।
বৈজ্ঞানিক গৱেষণাৰ উপৰিও ড° নাৰ্লিকাৰ তেওঁৰ গ্ৰন্থ, প্ৰবন্ধ, ৰেডিঅ’/টিভি অনুষ্ঠানৰ জৰিয়তে বিজ্ঞান যোগাযোগকাৰী হিচাপে সুপৰিচিত আছিল।
কল্পবিজ্ঞান কাহিনীৰ বাবেও তেওঁ পৰিচিত আছিল।
এই সকলো প্ৰচেষ্টাৰ বাবে তেওঁক ১৯৯৬ চনত ইউনেস্ক’ৰ দ্বাৰা জনপ্ৰিয় বিজ্ঞানৰ ৰচনাৰ বাবে কলিংগ বঁটাৰে সন্মানিত কৰা হয়।
ডাঃ নাৰ্লিকাৰে ১৯৬৫ চনত কম বয়সতে মাত্ৰ ২৬ বছৰ বয়সতে পদ্মভূষণ বঁটা লাভ কৰিছিল।
২০০৪ চনত তেওঁক পদ্ম বিভূষণেৰে সন্মানিত কৰা হয় আৰু ২০১১ চনত মহাৰাষ্ট্ৰ চৰকাৰে তেওঁক ৰাজ্যখনৰ সৰ্বোচ্চ অসামৰিক বঁটা মহাৰাষ্ট্ৰ ভূষণেৰে সন্মানিত কৰে।
২০১৪ চনত ভাৰতৰ প্ৰসিদ্ধ সাহিত্য সংস্থা সাহিত্য অকাডেমীয়ে আঞ্চলিক ভাষা (মাৰাঠী)ৰ সৰ্বোচ্চ পুৰস্কাৰৰ বাবে তেওঁৰ আত্মজীৱনীখন বাছনি কৰে।