• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৈভৱৰ এটা ৰানৰ মূল্য ৬৫,২৭৭ হাজাৰ টকা; IPLত কিমান টকা উপাৰ্জন কৰিলে ১৪ বছৰীয়া সূৰ্য্যবংশীয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2025 2:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিমধ্যে ৰাজস্থান ৰয়েলছ প্লে অফৰ পৰা বাহিৰ হৈছিল, ইতিমধ্যে তেওঁলোকে লীগ পৰ্যায়ত ১৪খন মেচ খেলিছে। ইয়াৰ লগে লগে আই পি এলৰ ১৮ সংখ্যক ছিজনতো তেওঁলোকৰ অভিযানৰ অন্ত পৰিছে। চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে মেচখনৰ জৰিয়তে এই ছিজনত ১৪ বছৰীয়া যুৱ চাঞ্চল্য বৈভৱ সূৰ্যবংশীৰ যাত্ৰাৰো অন্ত পৰিছে।

২০২৫ চনৰ আই পি এলত ৰাজস্থানৰ ভয়ানক ছিজন গ’লেও ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে মূৰ ওপৰলৈ তুলিয়েই আই পি এলৰ প্ৰথম অভিযান সমাপ্ত কৰে। অবিশ্বাস্য এক শতক আৰু আন কেইবাটাও উল্লেখযোগ্য ইনিংছকে ধৰি ৭খন মেচত ২৫২ ৰান সংগ্ৰহ কৰিছে।

অৱশ্যে এই ছিজনত বৈভৱে কেৱল ৰান সংগ্ৰহ কৰাই নহয়, বহু টকাও উপাৰ্জন কৰে। ২০২৫ চনৰ আই পি এলৰ পৰা ১৪ বছৰীয়া কিশোৰজনে কিমান টকা উপাৰ্জন কৰিলে আৰু প্ৰতিটো ৰানত কিমান টকা লাভ কৰিলে?

প্ৰতিটো ৰানৰ বাবে কিমান টকা পালে বৈভৱে?

২০২৫ চনৰ আই পি এলৰ বাবে ৰাজস্থান ৰয়েলছে বৈভৱ সূৰ্যবংশীক ১১ কোটি টকাত ক্ৰয় কৰিছিল। মাত্ৰ ৭খন মেচ খেলাৰ পিছতো তেওঁ গোটেই ছিজনটো দলৰ সৈতে থাকিল। যাৰ অৰ্থ, তেওঁ গোটেই টকাখিনি পাব। লীগ পৰ্যায়ত ৭খন খেল খেলাৰ সুযোগ পাইছিল।

আই পি এলৰ নতুন নিয়ম অনুসৰি প্ৰতিখন খেলৰ বাবে তেওঁক ৭.৫ লাখ টকা সুকীয়াকৈ মাচুল দিয়া হ’ব। অৰ্থাৎ বৈভৱে এইদৰে ৫২.৫ লাখ টকা উপাৰ্জন কৰিছে। ইয়াৰ উপৰিও তেওঁ এখন মেচত প্লেয়াৰ অৱ দ্য মেচৰ বঁটাও লাভ কৰে, যাৰ বাবে তেওঁ ১ লাখ টকা লাভ কৰে।

বৈভৱ সূৰ্যবংশীয়ে ষ্ট্ৰাইকাৰ অৱ দ্য মেচৰ বঁটাও লাভ কৰে। ইয়াৰ বাবে তেওঁক ১ লাখ টকা দিয়া হৈছে। অৰ্থাৎ আই পি এল ২০২৫ৰ পৰা বিদায় লোৱাৰ পূৰ্বে তেওঁ মুঠ ১ কোটি ৬৪ লাখ ৫০ হাজাৰ টকা উপাৰ্জন কৰিছে।যদি আমি কেৱল তেওঁৰ চুক্তিৰ কথা কওঁ, তেন্তে সেই অনুসৰি তেওঁৰ প্ৰতি ৰানত খৰচ প্ৰায় ৪৩,৬৫০ টকা। যদি আমি সামগ্ৰিক উপাৰ্জন চাওঁ, সূৰ্যবংশীয়ে প্ৰতিটো ৰানৰ বিপৰীতে লাভ কৰিছে ৬৫,২৭৭ টকা।

আই পি এল ২০২৫ত অসাধাৰণ প্ৰদৰ্শন

আই পি এল ২০২৫ত বৈভৱ সূৰ্য্যবংশীৰ প্ৰদৰ্শন অসাধাৰণ আছিল। এই ছিজনত মুঠ ৭খন মেচ খেলি তেওঁ ৩৬ ৰান গড়ে ২৫২ ৰান সংগ্ৰহ কৰে। তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ২০৬। তেওঁৰ বেটৰ পৰা আহিছিল ২৪টা ছয় আৰু ১৮টা বাউণ্ডেৰী।

১৯ এপ্ৰিলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে আই পি এলত অভিষেক ঘটায় বৈভৱে। সেই মেচত ১৪ বছৰীয়া বৈভৱে ১৭০ ষ্ট্ৰাইক ৰেটত ২০টা বলত ৩৪ ৰান সংগ্ৰহ কৰে। নিজৰ তৃতীয়খন মেচতে গুজৰাট টাইটানছৰ বিৰুদ্ধে ৩৫ বলত শতক অৰ্জন কৰে। এই শতকৰ জৰিয়তে তেওঁ টি-২০ত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। বৈভৱে ৩৮টা বলত ১০১ ৰানৰ দুৰ্দান্ত ইনিংছ খেলিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd