ৰাজ্যপাল জগদীশ মূখীৰ নিৰ্দেশমৰ্মে অহা ৩ জুনত অন্ত পৰিব লগীয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যকাল পুনৰ ৬ মাহলৈ বৃদ্ধি কৰাত এইবাৰ অগপৰ পাছত ডিমা হাচাও কংগ্ৰেছৰ আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ।
উল্লেখযোগ্য যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যকাল পুনৰ ৬ মাহলৈ বৃদ্ধি কৰাতো পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ আয়ুক্ত সচিব আনোৱাৰুদ্দিন চৌধুৰীয়ে ৩১ মে’ত এক জাননী যোগে ৰাজ্যপালৰ নিৰ্দেশৰ কথা সদৰী কৰিছিল।
লগতে জাননীটোত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাৰণে পৰিষদৰ নিৰ্বাচন স্থগিত ৰখাৰ কথা উল্লেখ কৰা হয়।
ফলত ৰাজ্যপালৰ পৰিষদৰ কাৰ্যকাল বৃদ্ধিক লৈ ডিমা হাচাও অগপৰ পাছত এইবাৰ কংগ্ৰেছ দলেও আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিয়ে। লগতে সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ডিমা হাচাও কংগ্ৰেছে লেখ আবেদন কৰিব। এই কথা আজি জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাঙঠাচাই হাফলং ৰাজীৱ ভৱনত এক সংবাদমেল যোগে ঘোষণা কৰে।
সংবাদমেলত ডিমা হাচাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাঙঠাচা আৰু উপ-সভাপতি হামজানন লাঙঠাচাই নিজৰ ক্ষোভ ব্যক্ত কৰে। লগতে নিৰ্মল লাঙঠাচাই কয় যে বৰ্তমান ৰাজ্য আৰু কেন্দ্ৰত বিজেপি দলৰ চৰকাৰ থকাৰ পিছতো পাৰ্বত্য পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস নকৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অযুহাতেৰে ৰাজ্যপালে পৰিষদৰ কাৰ্যকাল বৃদ্ধি কৰে।
আনহাতে ডিমা হাচাও কংগ্ৰেছৰ উপ-সভাপতি হামজানন লাঙঠাচাই কয় যে, ‘বিজেপি দলে দুৰ্নীতি লৈ শূন্য সহনশীলতাৰ কথা ক’লেও বাস্তবত বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদত চৰকাৰী আবণ্টিত ধনৰ দুৰ্নীতি বৃদ্ধি পাইছে।’
তাৰোপৰি লাঙঠাচাই কয় যে, ‘ডিমাহাচাও জিলাৰ উপায়ুক্তও মিছা মাত মাতিছে। যিহেতু ডিমা হাচাওত থকা ৮ হাজাৰ কৰ্মচাৰীৰ ভিতৰত চাৰি শতাধিক কৰ্মচাৰীহে এন আৰ চি কামত নিয়োজিত হৈ আছে। অথচ উপায়ুক্তৰ চৰকাৰী প্ৰতিবেদনত ৮০ শতাংশ কৰ্মচাৰীৰ কথা উল্লেখ আছে।’
লগতে হাজননে পৰিষদখন ভংগ কৰি ৰাজ্যপালে চমজি লোৱাৰ কথা উল্লেখ কৰি কয় অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে।