শনিবাৰে শ্ৰেয়াছ আয়াৰৰ বাবে দিনটো ভাল নাছিল। আগন্তুক ইংলেণ্ড শৃংখলাৰ বাবে ভাৰতীয় টেষ্ট দলত স্থান বিচাৰি নাপালে এই অভিজ্ঞ ক্ৰিকেটাৰগৰাকীয়ে। ভালৰ ফৰ্মত থকাৰ পিছতো তেওঁক দললৈ আমন্ত্ৰণ নাপালে। লগতে আই পি এলত দিল্লী কেপিটেলছৰ হাততো পৰাস্ত হয়।
এই মেচখনত জয়লাভ কৰিলে তেওঁলোকে লীগ তালিকাত শীৰ্ষ দুটাত স্থান লাভ কৰাটো নিশ্চিত হ’লহেঁতেন। অৱশ্যে প্লে অফত স্থান নোপোৱাৰ পাছতো দিল্লীয়ে জয়ৰে প্ৰতিযোগিতাখন সমাপ্ত কৰাৰ সুযোগ নেহেৰুৱালে।
প্ৰথমে বেটিং কৰি পঞ্জাবে ৮ উইকেট হেৰুৱাই ২০৬ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ৩টা বল বাকী থকা অৱস্থাত দিল্লীয়ে লক্ষ্যত উপনীত হয়। সমীৰ ৰিজভিয়ে ২৫টা বলত ৫৮ ৰানৰ অপৰাজিত ইনিংছৰে দলটোক জয়ী কৰে।
টছত জয়ী হৈ ফাফ ডু প্লেছিছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। এই মেচতো তেওঁ দিল্লীক নেতৃত্ব দিছিল। কিয়নো অক্ষৰ পেটেলে খেলা নাছিল। দিল্লীৰ হৈ বাংলাদেশৰ তাৰকা পেচাৰ মুস্তাফিজুৰ ৰহমানে বলিঙত উজলি উঠিল। তেওঁ ৪ অভাৰত ৩৩ ৰান দি ৩ উইকেট দখল কৰে।
তেওঁ প্ৰিয়ংশ আৰ্য্য, শশাংক সিং আৰু মাৰ্কো জান্সেনক আউট কৰে। পঞ্জাৱৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে ৩৪ টা বলত ৫৩ ৰানৰ দুৰ্দান্ত ইনিংছ খেলে। জোছ ইংলিছে ১২টা বলত ৩২ ৰান সংগ্ৰহ কৰে। শেষত মাৰ্কাছ ষ্টয়নিছে ১৬ টা বলত ৪৪ ৰানৰ বিস্ফোৰক ইনিংছেৰে পঞ্জাৱে ২০৬ ৰান সংগ্ৰহ কৰে।
২০৭ ৰানৰ লক্ষ্য খেদি কে এল ৰাহুল আৰু ফাফ ডু প্লেছিছে আৰম্ভণিতে ৫৫ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তোলা। ৩৫ ৰান সংগ্ৰহ কৰি উভতি যায় ৰাহুলে। কৰুণ নায়াৰে তিনি নম্বৰত নামি ২৭ টা বলত ৪৪ ৰানৰ ইনিংছ খেলে। মাজতে পঞ্জাৱৰ বলাৰৰ আধিপত্যৰ বাবে দিল্লীৰ ৰান ৰেট লেহেমীয়া হয়।
কিন্তু শেষত ৰিজভিৰ ইনিংছ আহিল ঘূৰ্ণীবতাহৰ দৰে। তেওঁ ২৫টা বলত ৫৮ ৰান কৰি অপৰাজিত হৈ থাকে। ২০ অভাৰৰ তৃতীয়টো বলত ছয় মাৰি দিল্লীৰ হৈ মেচ জয়ী কৰে।
এই মেচত পৰাস্ত হোৱাৰ পাছত পঞ্জাবে ১৩খন খেলৰ পৰা ১৭ পইণ্টতে থাকিল। দিল্লীক পৰাস্ত কৰিলে ১৯ পইণ্টেৰে শীর্ষ দুটাৰ ভিতৰত স্থান দখল কৰাটো নিশ্চিত হ’লহেঁতেন৷ তেনে ক্ষেত্ৰত অন্তিম মেচত মুম্বাইক পৰাস্ত কৰিব লাগিব। পৰৱৰ্তী মেচত যদি গুজৰাটে জয়লাভ কৰে তেন্তে ২০ পইণ্টেৰে শীৰ্ষ দুটাত স্থান দখল কৰাৰ নিশ্চয়তা লাভ কৰিব।
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰেও শীৰ্ষ দুটাৰ ভিতৰত স্থান লাভ কৰাৰ সুযোগ পাব। মুঠৰ ওপৰত দিল্লীয়ে শেষ মুহৰ্তত পঞ্জাবক পৰাস্ত কৰি আই পি এলত নিজৰ সক্ষমতা প্ৰদৰ্শন কৰিলে।