• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ন্যায়াধীশ যশৱন্ত বৰ্মাৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ অনিব কেন্দ্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2025 8:16 am
134
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ বিচাৰপতি যশৱন্ত বৰ্মাৰ বিৰুদ্ধে সংসদৰ অধিৱেশনত (জুলাই ২০২৫) মহাভিযোগ প্ৰস্তাৱ আনিবলৈ পৰিকল্পনা কৰিছে। তেওঁৰ দিল্লীৰ চৰকাৰী বাসগৃহত ১৪ মাৰ্চ, ২০২৫ তাৰিখে অগ্নিকাণ্ডৰ সময়ত জ্বলি যোৱা বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰৰ ঘটনাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰিছে। উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া তদন্ত সমিতিয়ে বিচাৰপতি বৰ্মাক দোষী সাব্যস্ত কৰিছে, যদিও প্ৰতিবেদনটো গোপনীয় ৰখা হৈছে। প্ৰাক্তন প্ৰধান বিচাৰপতি সঞ্জীৱ খান্নাই তেওঁক পদত্যাগৰ পৰামৰ্শ দিছিল, কিন্তু তেওঁ এই প্ৰস্তাব প্রত্যাখ্যান কৰিছে।

১৪ মাৰ্চত দিল্লীৰ বাসগৃহত অগ্নিকাণ্ডৰ সময়ত জ্বলি যোৱা নোটৰ বাণ্ডিল উদ্ধাৰ কৰাৰ পিছত বিচাৰপতি বৰ্মাক দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা এলাহাবাদলৈ স্থানান্তৰ কৰা হৈছিল। উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ পৰামৰ্শৰ ভিত্তিত এই স্থানান্তৰ ২৮ মাৰ্চত কাৰ্যকৰী কৰা হৈছিল। তেওঁক বৰ্তমান কোনো ন্যায়িক কামৰ দায়িত্ব দিয়া হোৱা নাই। তিনিজনীয়া তদন্ত সমিতিৰ নেতৃত্বত আছিল পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি শীল নাগু, হিমাচল প্ৰদেশৰ প্ৰধান বিচাৰপতি জি.এছ. সন্ধাৱালিয়া আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ বিচাৰপতি অনু শিৱৰামন।

উল্লেখ্য যে মহাভিযোগ প্ৰস্তাৱ অনিবলৈ  ৰাজ্যসভাত ৫০ জন সদস্য বা লোকসভাত ১০০ জন সদস্যৰ সমৰ্থনৰ প্ৰয়োজন। প্ৰস্তাৱটো দুই-তৃতীয়াংশ ভোটৰ দ্বাৰা গৃহীত হ’লে, লোকসভাৰ অধ্যক্ষ বা ৰাজ্যসভাৰ সভাপতিয়ে প্ৰধান বিচাৰপতিক তদন্ত সমিতি গঠনৰ বাবে অনুৰোধ কৰিব। চৰকাৰে এজন বিশিষ্ট আইনজ্ঞকো এই সমিতিত নিয়োগ কৰিব। চৰকাৰে সকলো দলৰ সমৰ্থন বিচাৰিছে যাতে এই প্ৰস্তাৱত তিনিজনীয়া সমিতিৰ ফলাফলসমূহ অন্তৰ্ভুক্ত কৰা হয়।

যদি মহাভিযোগ প্ৰস্তাৱ গৃহীত হয়, তেন্তে বিচাৰপতি বৰ্মা ভাৰতৰ প্ৰথম সাংবিধানিক ন্যায়ালয়ৰ বিচাৰপতি হ’ব পাৰে যাক এইদৰে অপসাৰণ কৰা হ’ব। এই ঘটনাই ন্যায়পালিকাৰ স্বচ্ছতা আৰু জন আস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। তদন্তৰ ফলাফল আৰু সংসদৰ সিদ্ধান্তই ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব।

Tags: Assamese newsAssamNewsHighCourtNewsImpeachmentMotionIndianJudiciaryJudicialTransparencyJusticeYashwantVermaLegalUpdatenewsupdateNorteastNowParliamentIndiaTodayNewsUpdate

Recent News

যোধা আৰু আকবৰৰ বিয়া হোৱাই নাছিল, ব্ৰিটিছৰ প্ৰভাৱত বিকৃত হ’ল ইতিহাস : এই মন্তব্য ৰাজস্থানৰ ৰাজ্যপালৰ

যোধা আৰু আকবৰৰ বিয়া হোৱাই নাছিল, ব্ৰিটিছৰ প্ৰভাৱত বিকৃত হ’ল ইতিহাস : এই মন্তব্য ৰাজস্থানৰ ৰাজ্যপালৰ

বিহাৰৰ ৰাজনীতি : মহিলাই বিচাৰে নীতিশক, তৰুণ প্ৰজন্মই বিচাৰে তেজস্বী যাদৱক

বিহাৰৰ ৰাজনীতি : মহিলাই বিচাৰে নীতিশক, তৰুণ প্ৰজন্মই বিচাৰে তেজস্বী যাদৱক

‘অপাৰেচন সিন্দুৰ’ত নিহত পাকিস্তানীৰ প্ৰতি শোক! কলম্বিয়াত হতাশ ভাৰতীয় প্ৰতিনিধি দল

‘অপাৰেচন সিন্দুৰ’ত নিহত পাকিস্তানীৰ প্ৰতি শোক! কলম্বিয়াত হতাশ ভাৰতীয় প্ৰতিনিধি দল

ভাৰতীয় সেনাত ইতিহাস ৰচিলে ১৭ তৰুণীয়ে : ৩০০ পুৰুষৰ সৈতে প্ৰতিযোগিতা কৰি জিলিকি উঠিল এনডিএ-ৰ ছাত্ৰী

ভাৰতীয় সেনাত ইতিহাস ৰচিলে ১৭ তৰুণীয়ে : ৩০০ পুৰুষৰ সৈতে প্ৰতিযোগিতা কৰি জিলিকি উঠিল এনডিএ-ৰ ছাত্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd