• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘অপাৰেচন সিন্দুৰ’ত নিহত পাকিস্তানীৰ প্ৰতি শোক! কলম্বিয়াত হতাশ ভাৰতীয় প্ৰতিনিধি দল

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
May 30, 2025 7:21 pm
420
VIEWS
Share on FacebookShare on Twitter

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ ‘অপাৰেচন সিন্দুৰ’ত নিহত হোৱা পাকিস্তানীসকলৰ প্ৰতি দক্ষিণ আমেৰিকাৰ কলম্বিয়া চৰকাৰে শোক প্ৰকাশ কৰিছে। এই কথাক লৈ হতাশা প্ৰকাশ কৰিছে কংগ্ৰেছ সাংসদ শশী থাৰুৰে।

উল্লেখ্য যে ভাৰত চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে বিশ্বৰ বিভিন্ন দেশলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰিছে। দেশৰ সকলো ৰাজনৈতিক দলৰ সদস্যৰে গঠন কৰা হৈছে এই প্ৰতিনিধি দলটো। ইয়াৰে এটা প্ৰতিনিধি দলৰ নেতৃত্বত আছে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ।

থাৰুৰৰ নেতৃত্বত গঠিত প্ৰতিনিধি দলটোত আছে জেএমএমৰ সাংসদ সৰফৰাজ আহমেদ, টিডিপিৰ সাংসদ জিএম হৰিশ বালযোগী, বিজেপিৰ সাংসদ শশংক মণি ত্ৰিপাঠী, ভুৱনেশ্বৰ কলিতা, তেজস্বী সূৰ্য্য, শিৱসেনাৰ মিলিন্দ মুৰালী দেওৰা, এলজেপিৰ সাংসদ শম্ভৱী আৰু কূটনীতিবিদ তৰণজিৎ সিং সন্ধু।

প্ৰতিনিধি দলটোৰ গন্তব্যস্থান আছিল আমেৰিকা, পানামা, গায়ানা, ব্ৰাজিল আৰু কলম্বিয়া। শেহতীয়াকৈ কলম্বিয়াৰ ৰাজধানী বগোটাত উপস্থিত হৈছে এই দলটো। সংবাদমেলত শশী থাৰুৰে কয়, “কলম্বিয়া চৰকাৰৰ সঁহাৰিত আমি অলপ হতাশ হৈছো। ভাৰতৰ আক্ৰমণত নিহত পাকিস্তানীসকলৰ প্ৰতি তেওঁলোকে আন্তৰিক সমবেদনা প্ৰকাশ কৰিছে কিন্তু সন্ত্ৰাসবাদৰ বলি হোৱাসকলৰ প্ৰতি সমবেদনা প্ৰকাশ কৰা নাই।”

কংগ্ৰেছৰ সাংসদগৰাকীয়ে লগতে কয়, “আমি আমাৰ কলম্বিয়াৰ বন্ধুসকলক ক’ব বিচাৰো যে সন্ত্ৰাসবাদ আৰু ইয়াক প্ৰতিৰোধ দুয়োটাকে একাকাৰ কৰিব নোৱাৰি। কোনোবাই আক্ৰমণ কৰে, কোনোৱে সুৰক্ষা দিয়ে – তেওঁলোকৰ মাজত কোনো মিল নাই। আমি মাত্ৰ আত্মৰক্ষাৰ অধিকাৰ প্ৰয়োগ কৰিছো। যদি কোনো ভুল বুজাবুজি হয়, তেন্তে আমি ইয়াৰ সমাধানৰ পক্ষত আছো।”

Recent News

TATA IPL 2025: আহমেদাবাদত জিকিল পঞ্জাৱ, আঁতৰিল মুম্বাই; ফাইনেলত দেখা পোৱা নাযাব ৰোহিত-কোহলিৰ যুঁজ

TATA IPL 2025: আহমেদাবাদত জিকিল পঞ্জাৱ, আঁতৰিল মুম্বাই; ফাইনেলত দেখা পোৱা নাযাব ৰোহিত-কোহলিৰ যুঁজ

কোনবিধ ঔষধে জিভাৰ কৰ্কট ৰোগ নিৰাময় কৰিলে এই গৰাকী ব্ৰিটিছ মহিলাৰ? ভাৰততো চলি আছে ইয়াৰ ব্যৱহাৰ

কোনবিধ ঔষধে জিভাৰ কৰ্কট ৰোগ নিৰাময় কৰিলে এই গৰাকী ব্ৰিটিছ মহিলাৰ? ভাৰততো চলি আছে ইয়াৰ ব্যৱহাৰ

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd