গুৱাহাটীত অ’লা আৰু উবেৰৰ জৰিয়তে সেৱা আগবঢ়োৱা বৈদ্যুতিক অটোৰিক্সা চালকসকলে ১০ অক্টোবৰৰ পৰা এই দুয়োটা প্ৰতিষ্ঠানৰ সৈতে সেৱা বন্ধ কৰি পেইণ্ডিয়া নামৰ নতুন মঞ্চত যোগদান কৰিব। সদৌ গুৱাহাটী অটো চালক ঐক্য মঞ্চই এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। পেইণ্ডিয়াই চালকসকলৰ কেইবাটাও দাবী মানি লোৱাৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি সংগঠনটোৱে জানিবলৈ দিছে।
গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত সংগঠনটোৱে এই ঘোষণা কৰে। সংগঠনটোৰ মতে, বৈদ্যুতিক অটোৰিক্সা চালকসকলৰ উপাৰ্জন বৃদ্ধি আৰু তেওঁলোকৰ কৰ্মজীৱন অধিক সুৰক্ষিত কৰাৰ লক্ষ্যৰে পিইণ্ডিয়াৰ সৈতে এই নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
নতুন ভাড়াৰ ব্যৱস্থা অনুসৰি, পিইণ্ডিয়াৰ বৈদ্যুতিক অটোৰিক্সাত তিনি কিলোমিটাৰ পৰ্যন্ত যাত্ৰাৰ বাবে ন্যূনতম ভাড়া হ’ব ৪০ টকা। আনহাতে, ১০ কিলোমিটাৰ পৰ্যন্ত যাত্ৰাৰ ভাড়া বৃদ্ধি আৰু অটোৰিক্সাত বহিব পৰা যাত্ৰীৰ সংখ্যা বঢ়োৱাৰ বাবেও চালকসকলৰ সংগঠনে দাবী জনাইছে। ১০ কিলোমিটাৰতকৈ অধিক দূৰত্বৰ যাত্ৰাৰ ক্ষেত্ৰত প্ৰতি অতিৰিক্ত কিলোমিটাৰৰ বাবে ১৬ টকাকৈ ভাড়া নিৰ্ধাৰণ কৰাৰ কথা সংবাদমেলত প্ৰকাশ কৰা হয়।
ইয়াৰ উপৰি, যাত্ৰীয়ে যাত্ৰা বাতিল কৰিলে চালকক ৩০ টকা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থাও থাকিব বুলি সংগঠনটোৱে জানিবলৈ দিয়ে। চালকসকলৰ সুৰক্ষা আৰু কল্যাণৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিয়া হৈছে। নতুন ব্যৱস্থাত দুৰ্ঘটনাত চালকৰ মৃত্যু হ’লে পৰিয়ালক আৰ্থিক সহায় আগবঢ়োৱাৰ বাবে বীমাৰ ব্যৱস্থা কৰাৰ লগতে বাহনৰ আকস্মিক দুৰ্ঘটনাৰ সময়ত চিকিৎসাৰ সহায় আগবঢ়োৱাৰ কথাও উল্লেখ কৰা হৈছে।
পিইণ্ডিয়াই চালকসকলৰ দাবীসমূহ মানি লোৱাৰ পাছতে গুৱাহাটীৰ বৈদ্যুতিক অটোৰিক্সা সেৱাত এই পৰিৱৰ্তন আহিবলৈ ওলাইছে। ১০ অক্টোবৰৰ পৰা এই ব্যৱস্থা কাৰ্যকৰী হ’লে অ’লা-উবেৰৰ পৰিৱৰ্তে পিইণ্ডিয়াৰ জৰিয়তে যাত্ৰীক সেৱা আগবঢ়াব চালকসকলে।





