• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নীপকোৰ বান্ধৰ পৰা অঘোষিতভাৱে পানী এৰি দিয়াৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
June 3, 2025 10:26 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শনৰ সময়ত অৰুণাচল প্ৰদেশৰ য়াজালিত অৱস্থিত নীপকোৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা অঘোষিতভাৱে পানী মুকলি কৰাৰ সন্দেহজনক ঘটনাৰ পূৰ্ণাঙ্গ তদন্তৰ নিৰ্দেশ দিয়ে।

দেওবাৰে মুখ্যমন্ত্ৰীয়ে উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আমতোলা অঞ্চল আৰু নৌবৈচা ৰাজহ চক্ৰৰ পচানৈ অঞ্চল পৰিদৰ্শন কৰে। নগৰগাঁৱৰ সমীপৰ পানীগাঁৱত মুখ্যমন্ত্ৰীয়ে বঙা ৰিং বান্ধ পৰিদৰ্শন কৰি, বানপানীত স্থানচ্যুত হোৱা আৰু মথাউৰিত আশ্ৰয় লোৱা লোকসকলৰ সৈতে মতবিনিময় কৰে। তেওঁ ক্ষতিগ্ৰস্ত লোকসকলক তৎক্ষণাত সহায় আৰু দীৰ্ঘকালীন পূনর্বাসনৰ আশ্বাস কৰিছে।

মুখ্যমন্ত্ৰীয়ে পাচানৈ অঞ্চলৰ ৰঙাদি মথাউৰি পৰিদৰ্শন কৰি বানাক্ৰান্ত স্থানচ্যুত লোকসকলৰ সৈতে সাক্ষাৎ কৰে। তেওঁ অসম মালা যোজনাৰ অধীনত বৰবিল-দেজু-পাচানৈ পথ আৰু মথাউৰি পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে।

এই পৰিদৰ্শনৰ আগতে মুখ্যমন্ত্ৰী শৰ্মাই লীলাবাৰী বিমানবন্দৰত উপস্থিত হৈ নর্থ ইষ্টাৰ্ণ ইলেকট্ৰিক পাওৰ কৰ্পোৰেচন (NEEPCO)ৰ বিষয়া-কর্মচাৰীসকলৰ সৈতে বৈঠকত মিলিত হয়। য়াজালিৰ পানয়োৰ হাইড্ৰো ইলেকট্ৰিক প্ৰজেক্টৰ পৰা অঘোষিতভাৱে পানী মুকলি কৰাৰ ঘটনাত মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ মতে, এই কাৰণেই আমতোলা আৰু পাচানৈ অঞ্চলত আকস্মিকভাৱে বানপানী সৃষ্টি হৈছে বুলি ধাৰণা কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে নীপকোৰ পৰা বিস্তাৰিত প্ৰতিবেদন বিচাৰি আনুষ্ঠানিক তদন্ত আৰম্ভ কৰাৰ নিৰ্দেশ দিয়ে।

তেওঁ স্পষ্টকৈ কয়, নীপকো দোষী সাব্যস্ত হ’লে আইনীভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই বৈঠকত জল সম্পদ মন্ত্ৰী পিজুশ হাজৰিকা, শিক্ষা মন্ত্ৰী ৰানোজ পেগু, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু লখিমপুৰৰ বিধায়ক মানব ডেকাও উপস্থিত থাকে।

ইপিনে, লখিমপুৰৰ বানপানী পৰিস্থিতি বৰ্তমানো শোচনীয় হৈ আছে। দুৰ্যোগ প্ৰতিবেদন আৰু তথ্য ব্যৱস্থাপনা কেন্দ্ৰ (ASDMA)ৰ তথ্য অনুসৰি, জিলাখনৰ ৪টা ৰাজহ চক্ৰৰ অন্তৰ্গত ১০১টা ৰাজহ গাঁও প্লাৱিত হৈছে, যাৰ ফলত ৪৬,৬০০তকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

বানৰ ফলত ২৫১ হেক্টৰ কৃষিভূমি সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত, ৪৫০টা গৰু উটুৱাই নিছে, আৰু ৭০টা বাসগৃহ ধ্বংস হৈছে। জিলা প্ৰশাসনে ৩টা সাহায্য শিবিৰ স্থাপন কৰিছে, য’ত বৰ্তমান ৪২৫জন লোকক আশ্ৰয় দিয়া হৈছে।

মুখ্যমন্ত্ৰীয়ে এই সংকটক গম্ভীৰভাৱে গ্ৰহণ কৰিছে, পৰিস্থিতিৰ সমাধানৰ বাবে তৎকালীন পদক্ষেপ আৰু দীৰ্ঘম্যাদী সুৰক্ষা ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।

ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

September 14, 2025 10:49 am
বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

September 14, 2025 10:21 am
প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

September 14, 2025 10:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

September 14, 2025 10:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd