• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ জাতীয় ভাষা কি? সাংসদ কানিমোঝিৰ স্তম্ভিত কৰা উত্তৰ! কি ক’লে DMKৰ সাংসদগৰাকীয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2025 2:27 pm
137
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰই বিভিন্ন দেশলৈ সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰি পাক পৃষ্ঠপোষকতাত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু তাৰ পিছত অপাৰেচন সিন্দুৰৰ বিষয়ে বাৰ্তা প্ৰেৰণ কৰিছে। ডি এম কেৰ সাংসদ কানিমোঝি কৰুণানিধিয়ে স্পেইনত এই প্ৰতিনিধি দলৰ নেতৃত্ব দিছে। তাতেই তেওঁক সোধা হৈছিল, ভাৰতৰ জাতীয় ভাষা কি? ডি এম কেৰ সাংসদ কানিমোঝি কৰুণানিধিয়ে দিয়ে এক স্তম্ভিত কৰি তোলা উত্তৰ।

কি উত্তৰ দিলে এইগৰাকী ডি এম কে সাংসদে? কানিমোঝিয়ে কয়, “ভাৰতৰ জাতীয় ভাষা হৈছে ঐক্য আৰু বৈচিত্ৰ্য। এই প্ৰতিনিধি দলটোৱে সেই বাৰ্তা বিশ্ববাসীক দিবলৈ আহিছে। আজিৰ সময়ত এইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা।” অৰ্থাৎ কামিমোঝিয়ে বৈচিত্ৰ্যৰ মাজত ঐক্যৰ বিষয়টো তুলি ধৰে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ত প্ৰস্তাৱিত তিনি ভাষাৰ সূত্ৰৰ কেন্দ্ৰীয় সিদ্ধান্তৰ বিৰুদ্ধে ডি এম কে প্ৰতিবাদত সৰৱ।

স্পেইনত ভাৰতৰ প্ৰতিনিধি দল নেতৃত্ব দিছে কানিমোঝিয়ে। অপাৰেচন সিন্দুৰ আৰু পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ কূটনৈতিক প্ৰচাৰ কাৰ্যসূচীৰ দায়িত্ব দিয়া সাতটা প্ৰতিনিধি দলৰ ভিতৰত এটাৰ নেতৃত্ব দি আছে ডি এম কেৰ সাংসদ কনিমোঝি কৰুণানিধিয়ে।

কানিমোঝিৰ উপৰিও প্ৰতিনিধি দলটোত আছে সমাজবাদী পাৰ্টিৰ ৰাজীৱ কুমাৰ ৰায়, বিজেপিৰ বৃজেশ চৌত্তা, আৰজেডিৰ প্ৰেম চান্দ গুপ্তা, আপৰ অশোক মিট্টাল আৰু ইউৰোপীয় ইউনিয়ন আৰু নেপালত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত মঞ্জীৱ সিং পুৰী।

পাঁচখন দেশৰ ভ্ৰমণৰ অন্তিম পৰ্যায়ত শনিবাৰে স্পেইনত উপস্থিত হয় প্ৰতিনিধি দলটোৱে। এই ভ্ৰমণৰ সময়ত দলটোৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি সন্দৰ্ভত ভাৰতৰ স্থিতি স্পেইন চৰকাৰৰ সদস্য আৰু নাগৰিক সমাজৰ প্ৰতিনিধিৰ আগত দাঙি ধৰে।

Recent News

চকলেট চুৰিৰ অপৰাধত ৫জন ল’ৰাক উলংগ কৰি হাৰাশাস্তি! গ্ৰেপ্তাৰ তিনিজনক

চকলেট চুৰিৰ অপৰাধত ৫জন ল’ৰাক উলংগ কৰি হাৰাশাস্তি! গ্ৰেপ্তাৰ তিনিজনক

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

অভিনেতা ডিনো ম’ৰেয়াৰ বাসগৃহত অভিযান প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান

অভিনেতা ডিনো ম’ৰেয়াৰ বাসগৃহত অভিযান প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান

অপৰিৱৰ্তিত অসমৰ বান পৰিস্থিতি! ৫.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

অপৰিৱৰ্তিত অসমৰ বান পৰিস্থিতি! ৫.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd