• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লাডাখবাসীৰ প্ৰতিবাদত হাৰ মানিলে কেন্দ্ৰই! নতুন সংৰক্ষণ আইনত অনুমোদন কেন্দ্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2025 1:13 pm
114
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ বাবে মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে নতুন সংৰক্ষণ আৰু বাসস্থান নীতি ঘোষণা কৰে। নতুন নিয়ম অনুসৰি ৮৫ শতাংশ চৰকাৰী চাকৰি স্থানীয় লোকৰ বাবে সংৰক্ষিত হ’ব আৰু লাডাখ স্বায়ত্ত শাসিত পাহাৰ উন্নয়ন পৰিষদৰ মুঠ আসনৰ এক তৃতীয়াংশ মহিলাৰ বাবে সংৰক্ষিত হ’ব। লাডাখৰ স্থানীয় ৰাইজৰ ভাষা, সংস্কৃতি আৰু ভূমি সুৰক্ষাৰ দাবীৰ প্ৰতি লখ্য ৰাখি এই পদক্ষেপ লোৱা বুলি উল্লেখ কৰিছে।

চৰকাৰী অধিসূচনা অনুসৰি যদি কোনোবাই ১৫ বছৰ লাডাখত বসবাস কৰি বা সাত বছৰ পঢ়া-শুনা কৰি ইয়াৰ কোনো শিক্ষানুষ্ঠানৰ পৰা দশম বা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে তেন্তে তেওঁ এই সংৰক্ষণৰ অধীনলৈ আহিব। ইয়াৰ উপৰিও লাডাখৰ সৰ্বভাৰতীয় সেৱা, পি এছ ইউ, স্বায়ত্তশাসিত সংস্থা, কেন্দ্ৰীয় বিশ্ববিদ্যালয় বা গৱেষণা প্ৰতিষ্ঠানত ১০ বছৰ কাম কৰাসকলেও সংৰক্ষণৰ বাবে যোগ্য হ’ব। তদুপৰি লাডাখত ইংৰাজী, হিন্দী, উৰ্দু, ভোটি আৰু পূৰগী ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে লাডাখক জম্মু-কাশ্মীৰৰ পৰা সম্পূৰ্ণ পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তুলাৰ সুবাদতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে লাডাখত চৰকাৰী চাকৰি বা পঢ়া-শুনাত সংৰক্ষণৰ আইনখনক চূড়ান্ত অনুমোদন প্ৰদান কৰিছে। আইনখনত উল্লেখ আছে যে চৰকাৰী চাকৰিত লাডাখবাসীয়ে ৮৫ শতাংশ সংৰক্ষণ লাভ কৰাৰ উপৰিও আৰ্থিকভাৱে পিছপৰা অংশই লাভ কৰিব ১০ শতাংশ সংৰক্ষণ। ২ জুনত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনাত নৰেন্দ্ৰ মোদী চৰকাৰে ২০০৪ চনৰ আইনখনৰ সংশোধনী আনিছে বুলি উল্লেখ কৰিছে। এই সংশোধনী অনুসৰি চৰকাৰী পদ এটা প্ৰয়োজনীয় প্ৰাৰ্থীয়ে পূৰণ নকৰিলে তিনি বছৰ খালী ৰখা হ’ব।

লাডাখৰ অন্যান্য স্থানীয় ভাষা যেনে শ্বিনা (দৰ্দিক), ব্ৰস্কাট (দৰ্দিক), বাল্টি আৰু লাডাখীৰ প্ৰচাৰ আৰু বিকাশৰ বাবে বিশেষ প্ৰচেষ্টা চলোৱা হ’ব  বুলিও ঘোষণা কৰিছে।  

প্ৰসংগক্ৰমে ২০১৯ চনত ৩৭০ অনুচ্ছেদৰ অধীনত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল হোৱাৰ পিছৰে পৰা লাডাখৰ ৰাইজে নিজৰ ভাষা, সংস্কৃতি আৰু ভূমি ৰক্ষাৰ বাবে সাংবিধানিক সুৰক্ষাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। অৱশেষত লাদাখৰ জনসাধাৰণৰ দাবীত হাৰ মানিলে কেন্দ্ৰই।

Recent News

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd