• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তিনিচুকীয়াৰ বাগানত সংঘটিত নাবালিকা বলাৎকাৰ কাণ্ডৰে জড়িতক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2025 9:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত সঘনাই সংঘটিত হৈ অহা নাৰীজনিত ঘটনাক লৈ আজি প্ৰদেশ কংগ্ৰেছে এখন সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ মহিলাক সুৰক্ষিত কৰিব পৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কী, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ গোস্বামী আৰু অসম প্ৰদেশ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি শেহতীয়াকৈ ৰাজ্যত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ প্ৰসংগ উল্লেখ কৰি চৰকাৰক তীক্ষ্ণ আক্ৰমণ কৰে।

২৮ মে’ত তিনিচুকীয়া জিলাৰ বাইশসুঁতি বাগানত এগৰাকী ৭ বছৰীয়া নাবালিকাক বলাৎকাৰ কৰি নলাত পেলাই থোৱা অৱস্থাত উদ্ধাৰ হয়৷ আজি সংবাদমেলত কংগ্ৰেছ নেতাত্ৰয়ে জনাই যে, ২৮ মে’ত সংঘটিত এই ঘটনাত জড়িত থকাৰ অভিযোগত ৩১ মে’ত ৰাজা সৰকাৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে৷ কংগ্ৰেছে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰি কয় যে বিজেপি নেতা সঞ্জয় কিষাণৰ ঘনিষ্ঠ বন্ধু মনোজ আগৰৱালাৰ বাগানত অভিযুক্ত কৰ্মকাৰে কাম কৰে৷ যাৰ বাবে অভিযুক্ত কৰ্মকাৰক ৰক্ষণাবেক্ষণ দিয়া বুলি মীৰা বৰঠাকুৰে অভিযোগ আনিছে৷ প্ৰথম অৱস্থাত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল৷

পিছত ৰাইজৰ হেঁচাত পৰিহে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হোৱা বুলিও অভিযোগ আনিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে৷ প্ৰদেশ কংগ্ৰেছে সংবাদমেলযোগে অনুৰূপ ঘটনা তিনি বছৰ পূৰ্বে তিনিচুকীয়াৰ বৰডুমচাত সংঘটিত হোৱাৰ কথা উল্লেখ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ মহিলা সমিতি আৰু নাবালিকাৰ মাতৃয়ে এজাহাৰ দাখিল কৰিছিল যদিও ন্যায় নোপোৱাত নাবালিকাৰ মাতৃয়ে আত্মহত্যা কৰিছিল৷ মীৰা বৰঠাকুৰে বলাৎকাৰীসকলক যেতিয়ালৈকে কঠোৰ শাস্তি দিয়া নহ’ব, তেতিয়ালৈকে এনে ঘটনা সংঘটিত হৈ থাকিব বুলি দোহাৰি কয় যে শংকৰদেৱ শিশু বিকাশ নিকেতনৰ ভৃগুজিৎ শৰ্মা আৰু মনজিৎ দাসে নৱম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰিছিল৷ এতিয়া এই দুই অভিযুক্ত ক’ত আছে প্ৰশাসনে আমাক জনাব লাগে৷

অসম আৰক্ষীৰ কনিষ্টবল ব্ৰজেন কলিতা আৰু হৰেশ্বৰ কলিতাই জে’লৰ ভিতৰত বিশেষভাৱে সক্ষম মহিলাৰ সৈতে অনৈতিক কাৰ্য সংঘটিত কৰিলে৷ গুৱাহাটীৰ এগৰাকী ছাত্ৰীক নিৰ্যাতন চলাইছিল বিজেপিৰ যুৱ মৰ্চাৰ নেতাই৷ হোলীৰ সময়ত উপেন বৰাৰ দ্বাৰা ১০ বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ৷ মহানগৰীৰ বৰাগাঁৱত ৯ যুৱকে এগৰাকী কিশোৰীক ধৰ্ষণ৷ এই ঘটনাবৰোত অভিযুক্তসকল তিনিমাহ পিছতে জামিন লৈ মুকলি আকাশৰ তললৈ ওলাই অহা বুলি দাবী কৰে মীৰাই৷ যেতিয়াই ঘটনাৰ সৈতে বিজেপি জড়িত থাকে তেতিয়া ভুক্তভোগীয়ে ন্যায় নাপায়৷ গুজৰাটৰ বিলকিছ বানুৰ কাণ্ডত জামিন লাভ কৰা দোষীসকলক ফুলৰ মালা পিন্ধোৱা বুলি উল্লেখ কৰি কয় যে বেটী বচাও, বেটী পঢ়াও শ্লোগান দিয়া এইখন চৰকাৰৰ দিনত অসমত এতিয়া বেটীসকল সুৰক্ষিত নহয়৷ তিনিচুকীয়া জিলাৰ বৰডুমচাত বলাৎকাৰৰ বলি নাবালিকাৰ মাতৃয়ে ন্যায় নোপোৱাত আত্মহত্যা কৰিছে৷

এইবাৰো একেই ঘটনা সংঘটিত হৈছে৷ আমি চৰকাৰক দাবী জনাওঁ যে বলাৎকাৰীসকল যি দল বা জাতি-ধৰ্মৰে নহওক দৃষ্টান্তমূলক শাস্তি দিব লাগে৷ মীৰা বৰঠাকুৰে চৰকাৰক নাৰীৰ সুৰক্ষাক লৈ ঠায়ে ঠায়ে সজাগতা সভা পতাৰো পৰামৰ্শ দিয়ে৷ এনচিআৰবিৰ তথ্যত অসমত নাৰীজনিত ঘটনা হ্ৰাস পোৱা বুলি দেখুওৱাৰ অভিযোগ উত্থাপন কৰি কয় যে আৰক্ষী থানাসমূহত অভিযোগ দাখিল কৰিবলৈ গ’লে গোচৰ ৰুজু নহয়৷ যাৰ বাবে এনচিআৰবিৰ তথ্যত অসমত নাৰীজনিত ঘটনা হ্ৰাস পোৱা বুলি উল্লেখ পাইছে৷ বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ কাণ্ডত জড়িত থকাসকলে শাস্তি পাব নে নাই সেই সন্দৰ্ভত প্ৰশ্ন কৰে বৰঠাকুৰে৷ আনহাতে অসমৰ মুখ্যমন্ত্ৰীয়ে ২০০১ চনৰ পৰা মহিলাই সতীত্ব হৰণ কৰি চাকৰি পোৱা বুলি উল্লেখ কৰা কথাৰো অৱতাৰণা কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে৷ মুখ্যমন্ত্ৰীৰ উক্ত বক্তব্যক উভতি ধৰি কয় যে যদি এগৰাকী মুখ্যমন্ত্ৰীয়ে তেনে কথা কয় তেতিয়া দুষ্কৃতিকাৰীসকল উৎসাহী হয়৷ চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিছে৷ স্কুল বন্ধ কৰিলে অপৰাধ বৃদ্ধি হ’বই বুলি কৈ মুখ্যমন্ত্ৰীক শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিবলৈকো আহ্বান জনায় মীৰা বৰঠাকুৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 14, 2025 8:13 am
লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

September 14, 2025 7:33 am
আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

September 14, 2025 8:36 am
দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দুমাহৰ ভিতৰতে কৰিব লাগিব জামিন আবেদনৰ নিষ্পত্তি; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 14, 2025 8:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd