অসমৰ ডিজিটেল সংবাদ মাধ্যমৰ সাংবাদিকসকলে আজি ৩ জুনত গুৱাহাটীত ‘দিমজা’ ( Digital Media Journalists’ Association of Assam ) নামেৰে এক সাংবাদিক সংগঠনৰ জন্ম দিছে।
১৬টা ডিজিটেল সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ উপস্থিতিত নৰ্থ ইষ্ট নাওৰ ৰাজেন শৰ্মাৰ সভাপতিত্বত দিচপুৰ প্ৰে’ছ ক্লাবত আয়োজিত এক সভাত আজি সংগঠনটো গঠন কৰা হয়। জি প্লাছৰ স্বপ্নীল ভৰালীক সভাপতি, আছাম টাইমছৰ ৰঞ্জন বৰুৱাক কাৰ্য্যকৰী সভাপতি, নৰ্থ ইষ্ট নাওৰ আছিফ ইব্ৰাহিম আৰু ইউ বি ৱায়াৰৰ বিশ্বজিৎ নাথক উপ সভাপতি, নৰ্থ ইষ্ট নাওৰ মানস ৰয়ক সাধাৰণ সম্পাদক, নিউজ নেক্সট ৱানৰ ওৱাহেদুৰ ৰহমান, অসম সংবাদৰ লক্ষীনাথ হীৰা, এন ই ফ’কাচৰ সংগীতা শইকীয়া, জি প্লাছৰ সিদ্ধাৰ্থ বেদী বাৰ্মা আৰু নিউজ মিলৰ জয়ন্ত ডেকাক সহযোগী সম্পাদক, নৰ্থ ইষ্ট নাওৰ মহেশ ডেকাক সাংগঠনিক সম্পাদক, নৰ্থ ইষ্ট নাওৰ দুৰ্লভ গগৈক প্ৰচাৰ সম্পাদক, ইনছাইদ এন ইৰ নিতুল ডেকাক কোষাধ্যক্ষ হিচাপে লৈ উপস্থিত সকলো সংবাদ মাধ্যমৰে প্ৰতিনিধিত্বৰে এখন কাৰ্য্যনিৰ্বাহক সমিতিও গঠন কৰা হয়।
সংগঠনটোৰ সভাপতি, সাধাৰণ সম্পাদকৰ লগতে ৰাজু দেউৰী, ওৱাহেদুৰ ৰহমান, বিশ্বজিৎ নাথ, জয়ন্ত ডেকা আৰু ৰঞ্জন বৰুৱাক লৈ বাচনি কৰা ৭ জনীয়া সমিতি এখনক সংগঠনটোৰ সংবিধান প্ৰস্তুত কৰাৰ দায়িত্ব দিয়া হয়।
অহা ১০ জুনত সংগঠনটোৰ পৰৱৰ্তী কাৰ্য্যনিৰ্বাহক সভাৰ পূৰ্বে সকলো সদস্য তথা সংবাদ গোষ্ঠীয়ে সংবিধান সন্দৰ্ভত নিজা নিজা পৰামৰ্শ সমিতিক জনাব পাৰিব।
অসমৰ ডিজিটেল সংবাদ মাধ্যমসমূহৰ সকলো সাংবাদিককে সংগঠনটোত সামৰি লোৱাৰ বাবে চেষ্টা কৰা হ’ব।
উল্লেখযোগ্য যে অসমৰ ছপা আৰু টি ভি মাধ্যমৰ সাংবাদিকসকলৰ কেইবাটাও সাংবাদিক সংস্থা আছে যদিও নতুনকৈ মূৰ দাঙি উঠা ডিজিটেল সংবাদ মাধ্যমৰ সাংবাদিকসকলৰ কোনো সংগঠন পূৰ্বে নাছিল।