• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ভাষা-সাহিত্য

ৰাজ্যখনৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়খনৰ সংগ্ৰামৰ কাহিনী –

 ডাঃ মৃন্ময় বৰকটকী by  ডাঃ মৃন্ময় বৰকটকী
June 7, 2025 11:07 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সেয়া প্ৰায় ২০বছৰৰ আগৰ কথা। খবৰটো সমগ্ৰ মেডিকেল কলেজখনতে গধূলিৰ ভিতৰতে বনজুইৰ দৰে বিয়পি পৰিছিলে। অসমৰ আটাইতকৈ পুৰণি, সকলোৰে আদৰৰ চিকিৎসা মহাবিদ্যালয়খনৰ আনুষ্ঠানিক স্বীকৃতি বাতিল কৰা হ’ব। এইটো কম সাংঘাতিক খবৰ নাছিল। মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াৰ বাবে প্ৰয়োজনীয় কিছুমান কথাৰ মহাবিদ্যালয়খনত অভাৱ ঘটিছিলে। কাৰণৰ ভিতৰত আছিল মহাবিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুপাতে গড় শিক্ষকৰ সংখ্যা তাকৰ আছিল,লগতে বহু পুৰণি বিল্ডিঙ বা শিক্ষাৰ্থীৰ লেকচাৰ হলৰ আন্তঃগাঠঁ‌নিও ইয়াৰ বাবে দায়ী আছিল।

চন্দন, জয়ন্ত ইহঁত সহপাঠী আছিল। সিহঁত তেতিয়া মহাবিদ্যালয়ৰ ছিনিয়ৰ। জুনিয়ৰসকলৰ ইউনিয়ন ব’ডী চলি আছিল। কথাটো জনাৰে পৰা সকলো ছাত্ৰ-ছাত্ৰীৰ মন শংকাৰ কলীয়া ডাৱৰে আৱৰি ধৰিলে। কি হ’ব যদিহে সিহঁতে পঢ়ি থকা মহাবিদ্যালয়খনৰে আনুষ্ঠানিক স্বীকৃতি বাতিল হয়! সিহঁতৰ সকলোৰে ভৱিষ্যত অন্ধকাৰত পোত যাব। ইমান বছৰৰ অধ্যয়ন, কষ্ট সকলো অথলে যাব। ইউনিয়ন ব’ডীৰ সাধাৰণ সম্পাদকজন চন্দনৰ ওচৰলৈ আহিছিলে। কথা পাতিছিলে দুয়োৱে ভালকৈ। চন্দনে খৰচি মাৰি সকলো কথা অধ্যয়ন কৰিছিলে,যাৰ পৰা জানিব পাৰে কি হ’ব লাগিব, অৰ্থাৎ কি হ’লে এই বাতিল হোৱাৰ কথাটোৱেই বাতিল হ’ব। ইতিমধ্যেই ছাত্ৰ-ছাত্ৰীসকলে অনশনত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। অনশন আৰম্ভ হৈছিল আৰু একেলেঠাৰিয়ে চলি আছিলে। আবেদন আছিলে চৰকাৰৰ প্ৰতি যাতে মহাবিদ্যালয়খনৰ যিখিনি দুৰ্বলতাৰ বাবে স্বীকৃতি বাতিল হ’বলৈ গৈ আছে,সেইখিনিৰ বাবে কাম কৰক। যাতে স্বীকৃতি বাতিল নহয়। পিছে, দিনৰ পিছত দিন ধৰি অনশন চলাৰ পিছতো আনহে নেলাগে জিলা প্ৰশাসনৰো কোনো এজন আহি অনশনস্থলীত উপস্থিত হোৱা নাছিল।

Apply Now

প্ৰায় দুসপ্তাহ বাগৰি গৈছিল অনশনৰ। একো ফল ধৰা নাছিলে প্ৰতিবাদৰ। ৰহমান আছিলে চন্দনৰ আন এক বন্ধু। যদিও ৰহমান চন্দনতকৈ বয়সত সৰু আছিল, দুয়োৰে বন্ধুত্ব খুব ভাল আছিল। দুয়ো প্ৰায়েই এই বিষয়ত আলোচনা-বিলোচনা কৰাৰ লগতে সমাধান সূত্ৰও বিচাৰি আছিল। লগতে অহৰহ নহ’লেও দুয়ো অনশনতো বহিছিলে। অনশনত ব্যৱহাৰ কৰা লিফলেটবোৰত কি লিখিব নাই আলোচনা কৰিছিলে, যিহেতু লিফলেটবোৰ সিহঁতৰ ৰুমৰ কাষতেই বনোৱা হৈছিল। সেই নিশা ১০-১১ বাজিছিলে। চন্দন আৰু ৰহমানে আলোচনা কৰি আছিলে যে ইমান এখন বৃহৎ মেডিকেল কলেজ প্ৰায় স্তব্ধ হৈ আছে দুসপ্তাহ ধৰি,অথচ তেওঁলোকৰ প্ৰতিবাদৰ প্ৰতি কাৰো কোনো কাণষাৰেই নাই। সেইনিশা বহু আলচ-বিলচৰ পিছত সিহঁতে ভাবি পাইছিলে যে চৰকাৰে ভোট বেংকক গুৰুত্ব দিয়ে। সিহঁততো ভিন ভিন ঠাইৰ পৰা আহি গোট খোৱা এক ছাত্ৰৰ সমষ্টিহে। গতিকেই নিশ্চয় সিহঁতৰ প্ৰতিবাদৰ ওপৰত গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰে। গতিকেই সিহঁতে ভাবি পালে যে সিহঁতে সেই এলেকাৰ ভোটবেংকক অস্ত্ৰ হিচাপে ল’ব লাগিব। অৰ্থাৎ,সেই মানুহখিনিকো মেডিকেল কলেজৰ প্ৰতিবাদৰ এক অংশ কৰি তুলিব লাগিব।সেইসময়ত যি দলৰ চৰকাৰ চলি আছিল,বহুবছৰৰ পৰা সেই দলৰেই বিধায়ক প্ৰতিবাৰে নিৰ্বাচিত হৈছিল।

কথামতেই কাম। পিছদিনা পুৱাৰে পৰাই চন্দন আৰু ৰহমানে চহৰখনৰ যিমানবোৰ সংস্থা,ক্লাব আছিলে,সকলোৰে লোকসকলক লগ কৰিবলৈ আৰম্ভ কৰিলে। এটা সংস্থাৰ পৰা আন এটি সংস্থাৰ ঠিকনা লৈ লৈয়েই যাত্ৰা চলাইছিলে। সকলোকে বিষয়টো অৱগত কৰিছিল যে কিদৰে চৰকাৰৰ অমনোযোগীতাৰ বাবে ইমান পুৰণি মেডিকেল কলেজখন বন্ধ হৈ যোৱাৰ উপক্ৰম ঘটিছে। সিহঁত দুয়ো এখন দুচকীয়া বাহন লৈ প্ৰায় সমগ্ৰ জিলাখনেই ঘূৰিছিলে,পুৱা ৬-৭ বজাৰ পৰা নিশা ১১-১২ বজা পৰ্যন্ত। চন্দনে দিনটো বাইক চলাইছিলে আৰু ৰহমানে পিছৰ ছিটত বহি ডায়েৰীৰ পৰৱৰ্তী গন্তব্যস্থান কি হ’ব সেয়া কৈ গৈ আছিলে। কথাতেই আছে যে,ৰাইজে নখ জোকাৰিলে নৈ বয়। ৰাইজে নখ জোকাৰিছিলে। সকলোৱে নিজৰ চহৰখনৰ মেডিকেল কলেজখন বন্ধ হৈ যোৱাৰ বিৰোধ প্ৰকাশ কৰিছিলে। ৪০ ত কৈ অধিক সংস্থাই সহযোগ কৰিছিলে। অৱশ্যেই এই সকলো মাত্ৰ সিহঁত দুজনেই নিজা প্ৰচেষ্টাত আৰু নিজা খৰচত কৰিছিলে। মেডিকেল কলেজৰ আন কাৰো লগত আলোচনা কৰা নাছিলে।

চন্দনহঁ‌তে এখন ডাঙৰ সভাৰ আয়োজন চলাইছিলে। আয়োজন মানে প্ৰস্তুতি কেনেকৈ ক’ত কৰিব,সেইবোৰ হে চিন্তা-চৰ্চা চলিছিলে। বিভিন্ন চৰকাৰী-বেচৰকাৰী সংস্থাই চন্দনহঁতক সহযোগিতাৰ আশ্বাস দিছিলে। আৰু বহু সংস্থা আগবাঢ়ি আহিছিলে তেওঁলোকৰ বেনাৰত অনুষ্ঠানটি পাতিবলৈ বাবে। যিহেতু তেওঁলোকৰ জিলাখনৰে এটি আৱেগ,সন্মানৰ কথা জড়িত হৈ আছিল মেডিকেল কলেজখনৰ লগত,গতিকেই সকলোৱে নিজ নিজ বেনাৰত সভাখন পাতিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিলে। চন্দনহঁ‌তে ভাবি পোৱা নাছিলে যে কাৰ বেনাৰত সভাখন পাতিলে ভাল হ’ব। অৱশ্যেই ৰাজনীতিৰ পৰা দূৰৈত পাতিলে ভাল হ’ব বুলি এটা ধাৰণা আছিলে। সময়ত সেইমতেই কাম হ’ল। জিলা সাহিত্য সভাৰ বেনাৰত সভাখন পাতিবলৈ সিহঁতে মনস্থ কৰিলে। সেইসময়ত সাহিত্য সভাৰ লোকসকলৰ জাতীয় আৰু মানৱীয় প্ৰমূল্যবোধ যথেষ্ট গভীৰ আছিল। চহৰখনৰ ভিন্ন আগশাৰীৰ ব্যক্তিৰ লগতে বুদ্ধিজীৱী আদিকো সভালৈ নিমন্ত্ৰণ জনালে। সকলো সন্মত হ’ল। আৰু কিছু গুণাগঁ‌ঠা কৰি সেইসময়ৰ বিৰোধী দলৰ এজন শক্তিশালী নেতাকো নিমন্ত্ৰণ দিয়া হৈছিল। তেঁ‌ৱো আহিব বুলি আশ্বাস প্ৰদান কৰিছিলে। পৰৱৰ্তী সময়ত তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ বাবতো অধিষ্ঠিত হৈছিল।

যথাদিনত সভাখন অনুষ্ঠিত হৈছিল। অলেখ মানুহ হৈছিলে সভাত। সকলোৰে এটাই দাবী আছিলে চৰকাৰৰ প্ৰতি যাতে মেডিকেল কলেজখনৰ স্বীকৃতি বাতিল কৰা নেযায়। প্ৰায়সকলেই নিজৰ চহৰখনৰ ইতিহাস আৰু আৱেগ বিজড়িত মেডিকেল কলেজখনৰ স্বীকৃতি বাতিল হোৱাৰ বিপক্ষে উত্তাল ভাষণ দিছিলে সভাখনত। বিৰোধী দলৰ নেতাজনে এটা উত্তাল ভাষণ দিছিলে। লগতে চন্দনেও দিছিলে এটি তথ্যসমৃদ্ধ ভাষণ। সভা চলি থাকোতেই, এখন বাতৰি কাকতত চন্দনে পঢ়িবলৈ পাইছিলে যে সংবাদমাধ্যমৰ প্ৰশ্নৰ উত্তৰত সেই সময়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কোনোপধ্যেই অনশনৰত ছাত্ৰ-ছাত্ৰীৰ লগত কথা পাতিবলৈ নেযায় বুলি মন্তব্য কৰিছে। চন্দনে ভাষণত কাকতখনৰ বাতৰিটোৰ কথা কৈছিলে আৰু দাবী জনাইছিলে যে কলেজখনৰ স্বীকৃতি বাতিল নহ’বলৈ চৰকাৰে প্ৰয়োজনীয় সকলো দায়িত্ব পালন কৰক। লগতে কৈছিলে যে অনশন চলিয়েই থাকিব দাবী মানি নোলোৱালৈকে।

সভাখন সুকলমে হৈ গৈছিল। পিছদিনা পুৱা বাতৰি কাকতবোৰৰ প্ৰায়বোৰৰে হেডলাইন আছিল সভাখনৰ বাতৰিক লৈ। তাত আগদিনাৰ সভাত চন্দনে নিজৰ ভাষণত চৰকাৰক উদ্দেশ্যি দিয়া উত্তৰ বৰ বৰ হৰফেৰে প্ৰকাশ পাইছিল। কাকতত প্ৰকাশ পোৱাৰ পিছত প্ৰথমবাৰৰ বাবে জিলা উপায়ুক্ত আহিছিলে অনশনথলীলৈ। তাৰপিছত আন আন কোনো কোনো চৰকাৰী বিষয়-ববীয়াও আহিছিলে। চাবলৈ গ’লে সভাখন সফল হৈছিল। সেইদিনাই মেডিকেল কলেজখনৰ স্বীকৃতি বাতিল নহ’বলৈ আশ্বাস প্ৰদানৰ লগতে প্ৰায় ৭ কৌটি টকাৰ ধনৰ আবন্টন দিছিলে চৰকাৰে। তাৰ পৰৱৰ্তী দুসপ্তাহমানত স্বাস্থ্যমন্ত্ৰী,মুখ্যমন্ত্ৰী সকলো আহিছিলে মেডিকেল কলেজখনলৈ। শেষত প্ৰায় ১০০ কৌটি টকাৰ আবন্টন চৰকাৰে ঘোষণা কৰিছিলে চিকিৎসা মহাবিদ্যালয়খনৰ বাবে। যাতে সকলো সমস্যা দূৰ হয় আৰু কলেজখনৰ স্বীকৃতি বাতিল নহয়। চন্দনহঁ‌তৰ  আত্মসন্তুষ্টি আছিল যে,কিবা এটা ভাল কৰিবলৈ সক্ষম হৈছিল। কিছু মাহ,বছৰৰ পিছতেই লাহে লাহে মেডিকেল কলেজখনৰ ৰেহৰূপ সলনি হ’বলৈ আৰম্ভ কৰিছিলে আৰু আনুষ্ঠানিক স্বীকৃতি বাতিলৰ বিষয়টোৰ সিমানতে অন্ত পৰিছিলে।

 ডাঃ মৃন্ময় বৰকটকী

 ডাঃ মৃন্ময় বৰকটকী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd