উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এটি তিনি বছৰীয়া শিশুক অপহৰণ কৰি ধৰ্ষণ কৰাৰ অভিযোগত এজন লোকক এনকাউণ্টাৰ কৰি হত্যা কৰা হৈছে। শুকুৰবাৰে পুৱা সংঘটিত হয় এই ঘটনা।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ নাম দীপক ভাৰ্মা। চিচিটিভি ফুটেজৰ জৰিয়তে তেওঁক চিনাক্ত কৰা হৈছে, য’ত তেওঁ শিশুটিক লৈ যোৱা দেখা গৈছে। দীপক ভাৰ্মা এজন কুখ্যাত অপৰাধী, যাৰ বিৰুদ্ধে লক্ষ্ণৌ চহৰৰ কেইবাটাও থানাত গোচৰ ৰুজু হৈছে। এই কথা জানিব পাৰি আৰক্ষীয়ে লগে লগে ব্যৱস্থা গ্ৰহণ কৰে।
লক্ষ্ণৌৰ কেন্দ্ৰীয় মণ্ডলৰ উপ আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়া মতে, ঘটনাৰ লগে লগে পাঁচটা আৰক্ষীৰ দল গঠন কৰি দীপকক গ্ৰেপ্তাৰ কৰাৰ লগতে দীপকৰ সন্ধান দিওতালৈ ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হয়।
চিচিটিভিৰ ফুটেজৰ পৰা অভিযুক্তৰ স্কুটিৰ পঞ্জীয়ন নম্বৰ উদ্ধাৰ হয়। তাৰ পাছত গোপন সূত্ৰ অনুসৰি আৰক্ষীয়ে কেণ্টনমেণ্ট এলেকাৰ দেৱী খেদাত অভিযান চলায়।
আৰক্ষীয়ে জনোৱা মতে, দীপকক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু আত্মসমৰ্পণ নকৰাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰে। সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসাৰ সময়তে দীপকৰ মৃত্যু হয়।
উল্লেখ্য যে লক্ষ্ণৌৰ আলমবাগ অঞ্চলৰ ভুক্তভোগী শিশুটিৰ বয়স আছিল মাত্ৰ তিনি বছৰ। চন্দনগৰ মেট্ৰ’ ষ্টেচন এলেকাত পৰিয়ালৰ সৈতে আচ্হিল শিশুটি। ৰাতিপুৱা পৰিয়ালৰ লোকে শিশুটিক বিচাৰি নোপোৱাত বিচাৰ খোচাৰ আৰম্ভ কৰে। কিছু সময়ৰ পাছত মেট্ৰ’ দলঙৰ তলত শিশুটইক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়। পিছত পৰিয়ালৰ লোকে আলমবাগ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এই ঘটনাই উত্তৰ প্ৰদেশৰ মহিলা আৰু শিশু সুৰক্ষাৰ বিষয়টোক লৈ পুনৰ উদ্বেগ প্ৰকাশ কৰিছে। অভিযুক্তৰ বিৰুদ্ধে ক্ষীপ্ৰ ব্যৱস্থা লোৱাৰ বাবে প্ৰশাসনক প্ৰশংসা কৰিছে যদিও এনে জনবসতিপূৰ্ণ অঞ্চলত এনে জঘন্য অপৰাধ কেনেকৈ সংঘটিত হ’ল সেই লৈ এতিয়াও প্ৰশ্ন উত্থাপন হৈছে।