পুনৰ অশান্ত মণিপুৰ। মেইটেই গোষ্ঠীৰ নেতা আৰম্বাই টেংগোলক গ্ৰেপ্তাৰ কৰাত ৰাজ্যত পুনৰ অশান্তিৰ সৃষ্টি হৈছে। ইয়াৰ বাবেই ৰাজ্যৰ কিছু অংশত আইন-শৃংখলাৰ পৰিস্থিতি ভয়াৱহভাৱে অৱনতি ঘটিছে। অশান্তি বিয়পোৱা ৰোধ কৰিবলৈ মণিপুৰৰ পাঁচখন জিলাত আগন্তুক পাঁচ দিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ লগতে কেইবাটাও অঞ্চলত কাৰ্ফিউ জাৰি কৰা হৈছে।
ইম্ফল পশ্চিম, ইম্ফল পূব, থৌবাল, বিষ্ণুপুৰ আৰু কাকচিং জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰিছে মণিপুৰ চৰকাৰে। শনিবাৰে নিশা ১১:৪৫ বজাৰ পৰা কাৰ্যকৰী কৰা হৈছে এই নিষেধাজ্ঞা।
শনিবাৰে নিশা ইম্ফল ইষ্ট আৰু ইম্ফল পশ্চিমত আৰক্ষীয়ে মেইটেই গোটৰ নেতা আৰামবাই টেংগোলক গ্ৰেপ্তাৰ কৰাৰ পিছতে ব্যাপক প্ৰতিবাদ আৰম্ভ হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবেই ইণ্টাৰনেট সেৱা সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
জানিব পৰা মতে, কুকি গাঁৱত আক্ৰমণৰ অভিযোগত মেইটেই নেতা আৰম্বাই টেংগোলক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ উপৰিও টেংগোলৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন হৈছে, যেনে শান্তি-শৃংখলা বিৰেধী শ্লোগান দিয়া, টায়াৰ জ্বলোৱা আৰু মেইটেই নেতাসকলক মুকলি কৰি দিয়াৰ দাবীত অঞ্চলটোত অশান্তিৰ সৃষ্টি কৰা।
চৰকাৰী অধিসূচনাত কোৱা হৈছে যে সমাজবিৰোধীসকলে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ অপব্যৱহাৰ কৰি ঘৃণা, হিংসা আৰু উচটনিমূলক ছবি আৰু ভিডিঅ’ বিয়পাব পাৰে। যাৰ ফলত ৰাজ্যৰ আইন-শৃংখলা বিঘ্নিত হোৱাৰ সম্ভাৱনা আছে। এই আশংকাতে ইণ্টাৰনেট বন্ধ কৰাৰ পদক্ষেপ লোৱা হৈছে।
উল্লেখ্য যে মণিপুৰত বসবাস কৰা কুকি আৰু মেইটেই গোষ্ঠীৰ সমস্যাবোৰ অতি পুৰণি। কুকি বিদ্ৰোহী সংগঠন ‘কুকি লিবাৰেশ্যন আৰ্মি’ (কে এল অ’) আৰু মেইটেই বিদ্ৰোহী সংগঠন ইউ এন এল এফৰ মাজত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত হৈছিল। মেইটেই গোটে পুনৰবাৰ সেই চুক্তি উলংঘা কৰাৰ বিষয়টো উত্থাপন কৰিছে। মণিপুৰৰ সংঘাতৰ মূলতে কুকিসকল বুলি দাবী কৰিছে মেইটেই গোটে।
শেহতীয়াকৈ মেইটেই গোটে কেন্দ্ৰীয় গৃহমন্ত্ৰীক যুদ্ধবিৰতি বাতিল কৰিবলৈ অনুৰোধ জনাইছিল। উল্লেখ্য যে যোৱা ডেৰ বছৰত মণিপুৰত সাম্প্ৰদায়িক হিংসাৰ বাবে কমেও ২৬০ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু প্ৰায় ৫০ হাজাৰ লোক গৃহহীন হৈ পৰিছে।